আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীঃ পুত্ৰক সাক্ষাতৰ বাবে ৰাওনা হৈছিল লণ্ডনলৈ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে। আজি দুপৰীয়া দুৰ্ঘটনাত পতিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰীৰ আসনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। জানিব পৰা মতে, পুত্ৰক সাক্ষাতৰ বাবে লণ্ডনলৈ যাব বিচাৰিছিল বিজয় ৰূপানী।

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে। আজি দুপৰীয়া দুৰ্ঘটনাত পতিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰীৰ আসনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। জানিব পৰা মতে, পুত্ৰক সাক্ষাতৰ বাবে লণ্ডনলৈ যাব বিচাৰিছিল বিজয় ৰূপানী। কিন্তু এই শোকাৱহ বিমান দুৰ্ঘটনাই তেওঁৰ প্ৰাণ কাঢ়ি নিয়ে। উল্লেখ্য যে বিজয় ৰূপানীয়ে গুজৰাটৰ ১৬ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত দুবাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিজেপি নেতাগৰাকীয়ে।
বিমান দুৰ্ঘটনাত ৰূপানীৰ মৃত্যুৰ পিছতে দুখ প্ৰকাশ কৰিছে বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে। এয়া এক দুখজনক মুহূৰ্ত বুলি উল্লেখ কৰি ৰবি শংকৰ প্ৰসাদে কয়, “আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীও বিমানখনত আছিল। আমি অত্যন্ত দুখেৰে প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।”
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। বিমান দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ইতিমধ্যে ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে আৰু তদন্তত এই দুৰ্ঘটনা কিয় সংঘটিত হ’ল, সেই বিষয়ে জানিব পৰা হ’ব বুলি মন্তব্য কৰে।
#WATCH | On Air India plane crash, Union Civil Aviation Minister Ram Mohan Naidu Kinjarapu says, “We are going to do a fair & thorough investigation, and probe why this incident happened. We still have to find out the numbers.”
“Very sad to know that (BJP leader) Vijay Rupani… pic.twitter.com/bpBJBbQlKr
— ANI (@ANI) June 12, 2025
“অতি দুখৰ বিষয় যে বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল। লগতে আন নাগৰিকসকলো আছিল। এই কৰুণ আৰু ভয়ানক ঘটনাটোৱে মোক সম্পূৰ্ণৰূপে জোকাৰি গৈছে।মই স্তম্ভিত হৈছো।”- এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি তেওঁ তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হোৱা বুলিও সদৰী কৰে।
ইফালে আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিকে এই ঘটনাত বিমানত থকা লোকসকলৰ প্ৰাণ ৰক্ষাৰ সম্ভাৱনা নাকচ কৰিছে। ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি তেওঁ লগতে কয়। ইতিমধ্যে এই দুৰ্ঘটনাত ৩ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃত্যুৰ খবৰো পোহৰলৈ আহিছে। আগন্তুক সময়ত নিহত লোকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।