শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপৰাধ স্বীকাৰ কৰিছোঁ….সোণমৰ সন্মুখতে ৰাজাক হত্যা কৰিছিল চুপাৰি কিলাৰে! ক’লে সমগ্ৰ কাহিনী …

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ বহু গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিলে ইন্দোৰ আৰক্ষীৰ ACP ক্ৰাইম ব্ৰাঞ্চ পুনম চান্দ যাদৱে। তেওঁ কয় যে মধ্য প্ৰদেশত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰিছে। জেৰাৰ সময়ত অভিযুক্তই কয় যে, তেওঁলোকে প্ৰথমে ৰে'লযোগে গুৱাহাটীত উপস্থিত হৈছিল, তাৰ পিছত তাৰ পৰা শ্বিলংলৈ গৈছিল। অভিযুক্তই স্বীকাৰ কৰে যে তেওঁলোকে একেলগে ৰাজা ৰঘুবংশীক হত্যা কৰিছিল।

অপৰাধ স্বীকাৰ কৰিছোঁ….সোণমৰ সন্মুখতে ৰাজাক হত্যা কৰিছিল চুপাৰি কিলাৰে! ক’লে সমগ্ৰ কাহিনী …
সোণমৰ সন্মুখতে ৰাজাক হত্যা কৰিছিল চুপাৰি কিলাৰে!
trishna-kalita
Trishna Kalita | Updated On: 11 Jun 2025 13:24 PM

তিনিখন ৰাজ্যত চলিছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত । মেঘালয়, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ। ৰাজা ৰঘুবংশী মধ্য প্ৰদেশৰ ইন্দোৰৰ বাসিন্দা আছিল, আনহাতে হানিমুন ভ্ৰমণৰ সময়ত মেঘালয়ৰ শ্বিলঙত হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক। হত্যাকাণ্ডৰ পৰিকল্পনা কৰা তেওঁৰ পত্নী সোণম ৰঘুবংশীক ইতিমধ্যে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাটোত তিনিখন ৰাজ্যৰ আৰক্ষীক কেন্দ্ৰ কৰিয়েই ঘূৰি ফুৰিছিল যদিও ইন্দোৰ আৰু শ্বিলঙৰ আৰক্ষীয়ে ৰহস্য ভেদ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। অৱশেষত  ১৭ দিনৰ পাছত এই  ঘটনাৰ প্ৰতিটো সবিশেষ উদঙাই দিছিল আৰক্ষীয়ে। এতিয়া পাঁচোজন অভিযুক্ত আৰক্ষীৰ জিম্মাত। আটাইকেইজনকে তদন্তৰ বাবে শ্বিলঙলৈ নিছে মেঘালয় আৰক্ষীয়ে।

ইফালে টিভি ৯ ডিজিটেলৰ সৈতে এক আছুতীয়া বাৰ্তালাপ কৰে ইন্দোৰ আৰক্ষীৰ এচিপি ক্ৰাইম ব্ৰাঞ্চৰ পুনম চান্দ যাদৱে । এই বাৰ্তালাপত এচিপি পুনম চান্দ যাদৱে বহু গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰে। মধ্য প্ৰদেশত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰা বুলিও কয় এচিপিয়ে। জেৰাৰ সময়ত অভিযুক্তই কয় যে, তেওঁলোকে প্ৰথমে ৰে’লযোগে গুৱাহাটীত উপস্থিত হৈছিল, তাৰ পিছত তাৰ পৰা শ্বিলংলৈ গৈছিল। অভিযুক্তই স্বীকাৰ কৰে যে তেওঁলোকে একেলগে ৰাজা ৰঘুবংশীক হত্যা কৰিছিল।

এচিপি ক্ৰাইম ব্ৰাঞ্চ পুনম চান্দ যাদৱে কয় যে অভিযুক্ত বিশালৰ কাপোৰত তেজৰ দাগ পোৱা গৈছে। আৰক্ষীয়ে ঘটনাৰ দিনা বিশালে পিন্ধা কাপোৰ  ফৰেনছিক তদন্তৰ বাবে প্ৰেৰণ কৰিছে। এচিপি পুনম চান্দ যাদৱে কয়, “প্ৰয়োজন হ’লে ৰাজা ৰঘুবংশীৰ পত্নী সোণম ৰঘুবংশীক শ্বিলঙৰ পৰা ইন্দোৰলৈ অনা হ’ব। শ্বিলঙৰ আৰক্ষীৰ এটা দল তালৈ গৈছিল। তদন্তৰ অন্তত মঙলবাৰে নিশা চাৰি অভিযুক্তক লৈ দলটো শ্বিলং অভিমুখে ৰাওনা হয়। আমি তেওঁলোকক তদন্তত সকলো ধৰণৰ সহযোগিতা কৰিছো।”

উল্লেখ্য যে সোণম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ বিবাহ ১১ মে’ত ইন্দোৰত হৈছিল। ২০ মে’ত বিবাহৰ ৯ দিন পিছত দুয়োজনেই মেঘালয়লৈ হানিমুন ভ্ৰমণলৈ ৰাওনা হয়। তাৰ পিছত ২৩ মে’ত সন্ধানহীন হৈ পৰে। পৰিয়ালৰ অভিযোগৰ পিছত দুয়োৰে সন্ধান আৰম্ভ হ’ল। পৰিয়ালটোৱে বিভিন্ন অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰে। ইফালে, যোৱা ২ জুনত মেঘালয়ৰ ইষ্ট খাছি পাহাৰ জিলাৰ চোহৰা অঞ্চলৰ এটা জলপ্ৰপাতৰ সমীপৰ দ’ খাৱৈত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হয়। ৰাজাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে তেওঁক চোকা অস্ত্ৰৰে হত্যা কৰা হৈছে।

পৰিয়ালৰ লোকে জনোৱা মতে, মেঘালয়ৰ কোনোবা স্থানীয় গোটে ৰাজাক হত্যা কৰি সোণমক অপহৰণ কৰি বাংলাদেশলৈ লৈ যায়। ঘটনাৰ চিবিআইৰ তদন্তৰ দাবী কৰে পৰিয়ালৰ লোকে। সোণম নিৰুদ্দেশ হোৱা পোষ্টাৰ কেইখন মহানগৰীত লগোৱা হ’ল। এই সকলোবোৰৰ বাহিৰেও মেঘালয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। যিহেতু সোণমে হানিমুনৰ সময়ত তেওঁৰ আৰু ৰাজাৰ কোনো ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰা নাছিল, যদিও তেওঁ ইনষ্টাগ্ৰাম আৰু ফেচবুক ব্যৱহাৰ কৰিছিল। হত্যাকাণ্ডৰ পিছত সোণমে ৰাজাৰ একাউণ্টৰ পৰা পোষ্ট কৰিছিল, যাৰ বাবে ৰাজাৰ সন্দেহৰ আওতালৈ আহিছিল। দুপৰীয়া ২.১৫ বজাত হত্যাকাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত লিখিছে, “সাত জন্মো কা সাথ হে”।

সোণমৰ ৰেইনকোটত তেজৰ দাগ

যোৱা ৪ জুনত শ্বিলং আৰক্ষীয়ে ৰাজাৰ হত্যাকাণ্ডত সোণম জড়িত থকাৰ নিৰ্দিষ্ট তথ্য লাভ কৰে। সেই স্থানৰ পৰা শ্বিলং আৰক্ষীয়ে উদ্ধাৰ কৰা জেকেটটো আছিল হত্যাকাৰী আকাশৰ। ৰেইনকোটটো সোণমৰ আছিল। যিহেতু বাৰিষাৰ বতৰ আছিল, গতিকে সোণমে ৰেইনকোটটো আকাশক দিছিল। ফৰেনছিক তদন্তত ৰেইনকোটত তেজৰ দাগ পোৱা গৈছে। ইয়াৰ ফলত আৰক্ষীয়ে সন্দেহ কৰিছিল যে সোণম নিৰুদ্দেশ হোৱা নাই বৰঞ্চ আত্মগোপন কৰি আছে। ৮ জুনত এটা সূত্ৰ পোৱাৰ পিছত শ্বিলং আৰক্ষীয়ে পোনপটীয়াকৈ ইন্দোৰত উপস্থিত হৈ হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰত আছে সোণমৰ প্ৰেমিক ৰাজ ৰঘুবংশী, চুপাৰি কিলাৰ আনন্দ, আকাশ ৰাজপুত আৰু বিশাল ওৰফে বিকি ঠাকুৰ।

বিকি ঠাকুৰে প্ৰথমে ৰাজাক আক্ৰমণ কৰিছিল

আৰক্ষীৰ সূত্ৰ অনুসৰি বিশাল ওৰফে বিকি ঠাকুৰে প্ৰথমে চোকা অস্ত্ৰৰে ৰাজাক আক্ৰমণ কৰে। তেওঁলোকে গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ লৈ গৈছিল। হত্যাকাণ্ডৰ পিছত ১১ কিলোমিটাৰ দূৰত আটাইকেইজনেই লগ হয়। এদিন গুৱাহাটীত থকাৰ পাছত আটাইকেইজন বিচ্ছিন্ন হৈ পৰিল।  ইফালে আটাইকেইজনক জালত পেলাবলৈ মেঘালয় আৰক্ষীয়ে ৭ জুনত অপাৰেশ্যন হানিমুনৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল।

অপাৰেশ্যন হানিমুন

অপাৰেশ্যন হানিমুনৰ অধীনত ১২০ জন আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ৮ জুনত আৰক্ষীৰ দলটো মধ্যপ্ৰদেশত উপস্থিত হয়। ১৫ৰ পৰা ২০জনীয়া এটা দলে বিভিন্ন স্থানত উপস্থিত হোৱাৰ পাছত অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ হয় সোণমৰ প্ৰেমিক ৰাজ কুশৱাহাক। হত্যাৰ ষড়যন্ত্ৰত জড়িত বিশাল ওৰফে বিকি ঠাকুৰকো ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ইউ পিৰ ললিতপুৰৰ পৰা আকাশ আৰু এমপি বিনাৰ পৰা আনন্দক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ইউ পিৰ গাজীপুৰৰ পৰা সোণমক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়ক: কেৱল চুপাৰি কিলাৰেই নহয়, সোণমে হাতত ৰাখিছিল প্লেন বি…

লগতে পঢ়ক: প্ৰতিমাহে কিমান টকা উপাৰ্জন কৰে সোণমৰ প্ৰেমিক ৰাজে? কি আছিল উপাৰ্জন উৎস? সবিশেষ জানক