শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আহি আছে ‘ঘাতক’! দিল্লীত বহি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি উফৰাবলৈ সাজু ভাৰত

উৰি আৰু পাঠানকোটৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় সেনাই চলাইছিল ছাৰ্জিকেল ষ্ট্ৰাইক! ধ্বংস কৰা হৈছিল পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি। কিন্তু পাকিস্তানে তাৰ পৰা শিক্ষা ল'লেনে? নাই! সেয়েহে,  পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি ‘ঘাতক’ নমাবলৈ সাজু হৈছে ভাৰত।

আহি আছে ‘ঘাতক’! দিল্লীত বহি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি উফৰাবলৈ সাজু ভাৰত
trishna-kalita
Trishna Kalita | Published: 08 Apr 2025 13:49 PM

আধুনিকতাৰ দিশত আকৌ এখোজ আগবাঢ়িলে ভাৰতীয় বায়ুসেনা। পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি ‘ঘাতক’ নমাবলৈ সাজু হৈছে ভাৰত।এই নতুন ছুপাৰচনিক আনম্যানড কমব্যাট এৰিয়েল ভেহিকেল (UCAV)-ৰ ভিতৰত থাকিব ৪ টন বিস্ফোৰক। য’ত পাইলটৰ প্ৰয়োজন নহয়। নিজে নিজেই উৰি যাব পৰা এখন দ্ৰুতগামী ছুপাৰচনিক যুদ্ধবিমান – ঘাতক। শব্দৰ গতিতকৈও বেছি দ্ৰুত ঘাতক। শত্রুৰ চকুত নপৰিবৰ বাবে ইয়াত ব্যৱহাৰ কৰা হৈছে ষ্টেল্থ টেকনোলজি।ঘাতক UCAV-ৰ মুঠ ওজন হ’ব ১৩ টন, যাৰ ভিতৰত থাকিব ৪ টন পৰ্যন্ত বিস্ফোৰক।

ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰত মানুহৰ প্ৰয়োজনীয়তা দিনক দিনে হ্ৰাস পাইছে। এতিয়া যাৰ হাতত থাকিব অধিক ‘ঘাতক’ ড্ৰোন, সেইখন দেশ যুদ্ধত সকলোতকৈ অগ্ৰগামী দেখা যাব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ইয়াৰ প্ৰমাণ। সেয়েহে ভাৰতৰ বায়ুসেনাই ভাৰতৰ অস্ত্ৰভাণ্ডাৰত নিৰ্মাণ কৰিব বিচাৰিছে  যুদ্ধ বিমানৰ সমতুল্য বিস্ফোৰক কঢ়িয়াই নিব পৰাকৈ এখন বিশাল মানৱবিহীন ড্ৰোন।

বৰ্তমানলৈকে সেনাৰ পৰিকল্পনা অনুসৰি ঘাতক UCAV নিৰ্মাণৰ দায়িত্ব থাকিব DRDO-ৰ। যিসকল স্থানত সেনাৰ প্ৰৱেশ দুৰূহ বা বিপজ্জনক, যিবোৰ ঠাই শত্রুৰ কঠোৰ নজৰত থাকে, সেই স্থানসমূহত আক্ৰমণ চলাব ঘাতক UCAV-এ। ই মাটিৰ অলপ ওপৰলৈ উৰি যাব পাৰে, ফলত ৰেডাৰত ধৰা পেলাব নোৱাৰিব। আকৃতিৰ দিশে এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে বায়ু ঘর্ষণে ইয়াৰ গতি কম কৰিব নোৱাৰে। এই ঘাতকে শত্ৰুৰ বায়ু সেনাৰ লক্ষ্য নপৰাকৈয়ে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিবলৈ সক্ষম হ’ব।  সেনাৰ পৰিকল্পনা অনুসৰি, চীনৰ ওপৰত চকু ৰাখিব লাইন অফ একচুৱেল কণ্ট্ৰোল (LAC) আৰু পাকিস্তানক লক্ষ্য কৰিবলৈ লাইন অফ কণ্ট্ৰোল (LOC)-ত মোতায়ন কৰা হ’ব ঘাতকক।

৪৬-৪৯ কিলোৱাট ক্ষমতাসম্পন্ন কাবেৰী ইঞ্জিনেৰে চালিত হ’ব এই ঘাতক। ২০২২-ত নিৰ্মিত ‘ৰুস্তম’ ছিৰিজৰ ড্ৰোনৰ উন্নত সংস্কৰণ হ’ব ঘাতক।  ই ১০০০-১৫০০ কিলোমিটাৰ দূৰলৈ উৰি যাব পাৰে। অৰ্থাৎ, দিল্লীত বহি ইয়াৰ জৰিয়তে লক্ষ্য কৰিব পাৰিব।  S-400ৰ দৰে উন্নত ডিফেন্স ছিষ্টেমো ধ্বংস কৰিব পাৰিব এই ঘাতকে।