8 Dec 2025
TV9 ASSAM
যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। কিন্তু আজিকালি যকৃতৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। গতিকে যকৃতৰ যত্ন লোৱা প্ৰয়োজন।
যেতিয়া যকৃতে ভালদৰে কাম নকৰে তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। বিশেষকৈ ৫টা প্ৰাৰম্ভিক লক্ষণ আওকাণ কৰিব নালাগে।
যদি ভালদৰে টোপনি যোৱাৰ পাছতো অনবৰত ভাগৰুৱা অনুভৱ হৈ থাকে তেন্তে এয়া যকৃতৰ সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। যকৃতে ভালদৰে কাম নকৰিলে শৰীৰৰ শক্তি কমি যায়।
পেটৰ সোঁফালে বিষ হোৱা যকৃতৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। যকৃতত চৰ্বি বাঢ়ি যোৱাৰ ফলত এনে বিষ হয়। দীৰ্ঘদিন ধৰি এই বিষ হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
যেতিয়া যকৃতে ভালদৰে কাম নকৰে তেতিয়া ভোক কম লাগিব পাৰে। ইয়াৰোপৰি ওজন দ্ৰুতগতিত হ্ৰাস পায়। কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস পোৱাতো চিন্তাৰ কাৰণ।
যদি আপোনাৰ ছালত মকৰাৰ জালৰ দৰে সিৰা দেখা যায়, হাতৰ তলুৱা বেছিকৈ ৰঙা হয় তেন্তে ই যকৃতৰ সমস্যাৰ লক্ষণ হ'ব পাৰে।
যেতিয়া যকৃতে ভালদৰে কাম নকৰে তেতিয়া বমি বমি ভাব হৈ থাকিব পাৰে। ইয়াৰোপৰি পেটৰ লগত জড়িত বিভিন্ন সমস্যা হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক