শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এখনৰ পাছত আনখন বিমান বাতিল! অপেক্ষাৰত অৱস্থাত এজনৰ মৃত্যু, পৰিয়ালৰ ডাঙৰ অভিযোগ…

যোৱা কেইটামান দিনত দেশত ইণ্ডিগোৰ হাজাৰ হাজাৰ বিমান বাতিল হয়। যাৰ বাবে যাত্ৰীসকলৰ মাজত ডাঙৰ সমস্যা হোৱা দেখা যায়। কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। মৃত্যু হয় এজনৰ।

এখনৰ পাছত আনখন বিমান বাতিল! অপেক্ষাৰত অৱস্থাত এজনৰ মৃত্যু, পৰিয়ালৰ ডাঙৰ অভিযোগ…
ইণ্ডিগ'
barasha-sarma
Barasha Sarma | Published: 08 Dec 2025 13:44 PM

বিগত কেইটামান দিন ধৰি হাজাৰ হাজাৰ বিমান বাতিল হৈ আছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। কানপুৰৰ বাসিন্দা অনুপ কুমাৰ পাণ্ডে নামৰ লোকজনে শুকুৰবাৰে নিশা বেংগালুৰলৈ উভতি যোৱাৰ বাবে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আমাউছি)ত অপেক্ষা কৰি আছিল। কিন্তু সেই সময়তে হাৰ্ট এটেকৰ ফলত তেওঁ মৃত্যুক সাৱতি লয়। এই ঘটনাই এতিয়া তেওঁৰ পৰিয়ালৰ মাজত শোকৰ ছাঁ পেলাইছে।

পৰিয়ালে কয় যে, যদি বিমান বন্দৰত চিকিৎসক থাকিলেহেতেন তেন্তে অনুপৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেতেন। জানিব পৰা মতে, অনুপ ককোকলা কোম্পানীৰ জ’নেল চেলছ হেড আছিল। তেওঁ পত্নী পূজা, ১৭ বছৰীয়া কন্যা  আৰু পুত্ৰ পাৰশৰ সৈতে বেংগালুৰুত বাস কৰিছিল। প্ৰায় ৫ দিন পূৰ্বে তেওঁ আত্মীয়ৰ অন্ত্যোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ কানপুৰলৈ গৈছিল।

শুকুৰবাৰে তেওঁ পুনৰ বাংগালুৰলৈ উভতাৰ কথা। তেওঁৰ এয়াৰ ইণ্ডিয়াৰ লক্ষ্ণৌৰ পৰা দিল্লীলৈ আৰু তাৰ পিছত দিল্লীৰ পৰা বেংগালুৰুলৈ সংযোগী বিমান সেৱা আছিল। কিন্তু সেইদিনা বিমান বাতিল হোৱাৰ খবৰে তেওঁক চিন্তিত কৰিছিল। এনে সময়তে তেওঁৰ হাৰ্ট এটেক আহে আৰু মৃত্যুক সাৱতি লয়। পৰিয়ালে অভিযোগ কৰিছে বিমানবন্দৰত কোনো ডাক্তৰ নাছিল। এই ঘটনাৰ পাছতে তেওঁলোকে বিমান বন্দৰৰ চিচিটিভি ফুটেজৰ দাবী কৰিছে যদিও এতিয়ালৈকে লাভ কৰা নাই।

অনুপৰ মৃত্যুত এতিয়া পৰিয়ালটোত শোকৰ ছা পৰিছে। পৰিয়ালে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে। জানিব পৰা মতে, অনুপৰ মৃত্যুৰ পাছতে মৰণোত্তৰ পৰীক্ষা কৰা হয়। পাছত তেওঁৰ মৃতদেহ কানপুৰৰ ঘৰলৈ লৈ যোৱা হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ইণ্ডিগ’ৰ ধৰ্মঘট আৰু বেয়া বতৰৰ বাবে বিগত পাঁচ দিন ধৰি লক্ষ্ণৌ বিমানবন্দৰৰ বিমান সেৱা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।সমগ্ৰ দেশত হাজাৰ হাজাৰ বিমান বাতিল হৈছে। কেৱল লক্ষ্ণৌত  দেওবাৰে ৩৩খন বিমান বাতিল কৰা হয়, আৰু ৭৪০ গৰাকী যাত্ৰীয়ে টিকট বাতিল কৰিছে। ঘন্টাৰ পাছত ঘন্টা ধৰি বহু যাত্ৰীয়ে বিমান বন্দৰত অপেক্ষা কৰি আছে। এতিয়াও সমস্যা ঠিক হোৱা নাই।

 

অন্য খবৰ পঢ়কঃ ইণ্ডিগ’ই যাত্ৰীক ঘূৰাই দিলে ৬১০ কোটি টকা আৰু ৩০০০ বেগ…