মুখ্যমন্ত্ৰীৰ চেক বিতৰণ পৰা গোৱাৰ অগ্নিকাণ্ডলৈ, দিনটোৰ খবৰ…
Top9 News: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাকত হাজাৰ হাজাৰ মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। ইফালে ৰনোজ পেগুৱে জনজাতিকৰণৰ প্ৰতিবেদন সন্দৰ্ভত মত প্ৰকাশ কৰে।
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ মহিলাক চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ অধীনত বৰাকৰ হাজাৰ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। ইয়াৰ পাছতে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি এই সন্দৰ্ভত সবিশেষ জনাই মুখ্যমন্ত্ৰী শৰ্মাই।
ইফালে জনজাতিকৰণ সন্দৰ্ভত বিশেষ মন্তব্য কৰে মন্ত্ৰী ৰনোজ পেগুয়ে। তেওঁ কয় যে, মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ সংশোধন হব। পাছত সেই প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব।
গোৱাৰ নাইট ক্লাবত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত প্ৰায় ২৫ জন লোকৰ মৃত্যু আৰু কেইবাজনো আহত হয়। বহু আহতৰ চিনাক্ত এতিয়াও হোৱা নাই। ইফালে ঘটনাৰ পাছত প্ৰধানমন্ত্ৰীয়ে আহত আৰু নিহতসকলৰ বাবে সাহাৰ্য ঘোষণা কৰিছে।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
