শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ ডাঙৰ প্ৰস্তুতি… ডোভাল, প্ৰতিৰক্ষা মন্ত্ৰী আৰু তিনিজন সেনা প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক; জয়শংকৰৰ আমেৰিকালৈ ফোন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে । আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিওটা সেনাৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হৈছে । আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে ফোনযোগে কথা পাতে ।

ভাৰতৰ ডাঙৰ প্ৰস্তুতি… ডোভাল, প্ৰতিৰক্ষা মন্ত্ৰী আৰু তিনিজন সেনা প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক; জয়শংকৰৰ আমেৰিকালৈ ফোন
প্ৰতীকী ছবিImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Updated On: 09 May 2025 01:39 AM

পাকিস্তানক উপযুক্ত উত্তৰ দিবলৈ ভাৰতে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে । পাকিস্তানৰ আক্ৰমণৰ পিছত ভাৰতীয় সেনা যেন যিকোনো প্ৰত্যুত্তৰৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে । সীমান্তত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে দিল্লীতো তৎপৰতা বৃদ্ধি পাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে । আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিওটা সেনাৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হৈছে । আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে ফোনযোগে কথা পাতে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে সন্ধিয়া আমেৰিকাৰ চিনেটৰ ৰুবিঅ’ৰ সৈতে বাৰ্তালাপ হৈছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ প্ৰতি আমেৰিকাৰ দায়বদ্ধতাক মই গভীৰভাৱে শলাগ লৈছো । সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ লক্ষ্য আৰু সুষম সঁহাৰিৰ আঁত ধৰে । যিকোনো প্ৰৰোচনাৰ চেষ্টাৰ তীব্ৰ সঁহাৰি দিয়া হ’ব ।

ভাৰতে পাকিস্তানক উপযুক্ত উত্তৰ দিলে
পাকিস্তানৰ ব্যৰ্থ আক্ৰমণৰ বিৰুদ্ধে ভাৰতীয় সেনাই চুবুৰীয়া দেশখনক উপযুক্ত উত্তৰ দিছে । ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আকাশৰ মাজভাগত ধ্বংস কৰিলে পাকিস্তানৰ ড্ৰোন । ভাৰতৰ প্রতিশোধমূলক কার্যৰ পাছত পাকিস্তানত হাহাকাৰ লাগিছে । লগতে বহু চহৰত ব্লেকআউট হোৱাৰ খবৰ পোৱা গৈছে । ভাৰতীয় সেনাক এল অ’ চিত সম্পূৰ্ণ একচন মোডত দেখা গৈছে আৰু কোনো পলম নকৰাকৈ পাকিস্তানৰ প্ৰতিটো কাৰ্যৰ প্ৰতি সঁহাৰি জনাইছে ।

জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আজি জম্মু, পাঠানকোট আৰু উধামপুৰৰ সামৰিক ষ্টেচনসমূহ পাকিস্তানী ড্ৰ’ন আৰু মিছাইলে লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে । প্ৰতিষ্ঠিত মানক পৰিচালনা পদ্ধতি (এছ অ’ পি)ৰ সৈতে সংগতি ৰাখি গতিশীল আৰু অগতিশীল ক্ষমতা ব্যৱহাৰ কৰি ভাবুকিসমূহ দ্ৰুতভাৱে নিষ্ক্ৰিয় কৰা হৈছিল । কোনো ধৰণৰ হতাহতি বা বস্তুগত ক্ষতিৰ খবৰ পোৱা নাই । ভাৰত নিজৰ সাৰ্বভৌমত্ব ৰক্ষা আৰু জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু ।

ভাৰতে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিলে
পাকিস্তানক উপযুক্ত উত্তৰ দিবলৈ ভাৰতে নিজৰ সকলো প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে । ৰাছিয়াৰ পৰা লাভ কৰা এছ-৪০০ প্ৰতিৰক্ষা ব্যৱস্থাই আকাশত পাকিস্তানৰ ড্ৰ’ন আৰু মিছাইল ধ্বংস কৰি আছে । ভাৰতে কম সময়ৰ ভিতৰতে পাকিস্তানৰ সকলো আক্ৰমণ বিফল কৰিছে । পাকিস্তানৰ সৈতে থকা সকলো সীমান্ততে সেনাই সম্পূৰ্ণ সষ্টম হৈ আছে আৰু শত্ৰু দেশৰ প্ৰতিটো কাৰ্যক উপযুক্ত উত্তৰ দিছে ।

ভাৰতে X8000 একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ
ভাৰত চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সক ৮০০০ৰো অধিক একাউণ্ট বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । এই বিষয়ে ব্যাখ্যা কৰি গ্ল’বেল গভৰ্ণমেণ্ট এফেয়াৰ্ছে কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে ভাৰত চৰকাৰৰ পৰা আদেশ লাভ কৰিছে । এই আদেশসমূহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা আৰু বিশিষ্ট এক্স ব্যৱহাৰকাৰীসকলৰ একাউণ্টসমূহৰ প্ৰৱেশ ভাৰতত বন্ধ কৰাৰ দাবী জনোৱা হৈছে ।