সীমান্তৰ বিভিন্ন প্ৰান্তত পাকিস্তানৰ ড্ৰোন আক্ৰমণ, সক্ৰিয় হৈ পৰিছে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেম
শুকুৰবাৰে পুনৰবাৰ ড্ৰোন আক্ৰমণ আৰু গোলাবৰ্ষণ আৰম্ভ কৰিছে পাকিস্তানে। কিন্তু ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি জম্মু, চাম্বা আৰু পাথানকোটত পাকিস্তানী ড্ৰোন গুলীয়াই ধ্বংস কৰে। পাঠানকোটত আক্ৰমণৰ চেষ্টা চলোৱা হয় যদিও সেনাই সম্পূৰ্ণৰূপে বিফল হয়।
 
                                পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেশ্যন সিন্দুৰৰ অধীনত পাক অধিকৃত কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী শিবিৰৰ ওপৰত ভাৰতে নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত ধাৰাবাহিকভাৱে প্ৰৰোচনামূলক কাৰ্যকলাপ চলাই আহিছে পাকিস্তানে। বৃহস্পতিবাৰে নিশা তুৰ্কীত নিৰ্মিত ৩০০ৰ পৰা ৪০০খন ড্ৰোন ব্যৱহাৰ কৰি ভাৰতৰ বিৰুদ্ধে ৩৬টা স্থানত চলোৱা আক্ৰমণৰ চেষ্টা সম্পূৰ্ণৰূপে বিফল কৰিছিল ভাৰতীয় বায়ুসেনাই।
ইয়াৰ পাছতো শুকুৰবাৰে পুনৰবাৰ ড্ৰোন আক্ৰমণ আৰু গোলাবৰ্ষণ আৰম্ভ কৰিছে পাকিস্তানে। কিন্তু ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি জম্মু, চাম্বা আৰু পাথানকোটত পাকিস্তানী ড্ৰোন গুলীয়াই ধ্বংস কৰে। পাঠানকোটত আক্ৰমণৰ চেষ্টা চলোৱা হয় যদিও সেনাই সম্পূৰ্ণৰূপে বিফল হয়। উৰিৰ অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাৰ চেষ্টা চলাইছে পাকিস্তানে। প্ৰায় ১৬ খন ড্ৰ’নেৰে পাকিস্তানে ৰাজস্থানত আক্ৰমণৰ চেষ্টা চলোৱা বুলি খবৰ প্ৰকাশ পাইছে। তদুপৰি ৮ৰ পৰা ১০খন ড্ৰোনেৰে জম্মু অঞ্চলৰ ৰাজৌৰীত আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে।
অমৃতসৰ বিমানবন্দৰৰ সমীপত ড্ৰোন আক্ৰমণ। অবিৰতভাৱে কাম কৰিছে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে । কিন্তু ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি অমৃতসৰ বিমানবন্দৰৰ কোনো ক্ষতি হোৱা নাই। আকাশত ধ্বংস হৈছে ড্ৰোন। বৃহস্পতিবাৰৰ দৰে নিশা ৮ বজাৰ পিছত একে ধৰণেৰে ড্ৰোন মিছাইল আক্ৰমণ আৰম্ভ কৰে পাকিস্তানে। জম্মু, জয়ছলমেৰত, পাঠানকোটত বাজিবলৈ উঠিছে ছাইৰেন । সম্পূৰ্ণ ব্লেকআউট হয় অঞ্চলসমূহ। ইফালে পঞ্জাৱৰ ফিৰোজপুৰত এটা বাসগৃহৰ ওপৰত বাগৰি পৰে এখন পাকিস্তানী ড্ৰ’ন। ইয়াৰ ফলত জুয়ে আৱৰি ধৰে ঘৰটো। এই অগ্নিকাণ্ডত পৰিয়ালটোৰ তিনিজন লোক অগ্নিদগ্ধ হয় বুলি খবৰ প্ৰকাশ পাইছে। চিকিৎসাৰ বাবে ফিৰোজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লোককেইজনক। পঞ্জাৱৰ ৫ স্থানত বিফল কৰা হৈছে পাকিস্তানৰ ড্ৰোন আক্ৰমণ ।
পাঠানকোট বিমানবন্দৰত ড্ৰোন আক্ৰমণ পাকিস্তানৰ। তাত ভাৰত ব্যৰ্থ হ’ল। জয়ছলমেৰত অব্যাহত আছে ড্ৰোন আক্ৰমণ। । জম্মুত অহৰহ আক্ৰমণ চলাই আছে পাকিস্তানে। সেনা ঘাটিক লক্ষ্য কৰি অব্যাহত আছে আক্ৰমণ। অবিৰত বিস্ফোৰণৰ শব্দত কঁপিছে সমগ্ৰ অঞ্চলটো। সকলো আক্ৰমণ নিষ্ক্ৰিয় কৰিছে এয়াৰ ডিফেন্স চিষ্টেমে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      