শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Indus Water Treaty: যুদ্ধবিৰতি হ’লঃ পিছে পাকিস্তানে পুনৰ লাভ কৰিব নেকি সিন্ধু জল চুক্তিৰ সুবিধা!

ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতে দেশৰ জনসাধাৰণৰ মাজত এক বিশেষ প্ৰশ্ন ব্যাপকভাৱে উদ্ৰেক ঘটা পৰিলক্ষিত হৈছে। ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই যুদ্ধবিৰতিত সন্মতি জনোৱাৰ পিছত এতিয়া সিন্দু জল চুক্তি পুনৰ কাৰ্যকৰী হ’ব নেকি, সেই লৈ চৰ্চা চলিছে।

Indus Water Treaty: যুদ্ধবিৰতি হ’লঃ পিছে পাকিস্তানে পুনৰ লাভ কৰিব নেকি সিন্ধু জল চুক্তিৰ সুবিধা!
পুনৰ কাৰ্যকৰী হ’ব নেকি সিন্ধু জল চুক্তি!Image Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Published: 10 May 2025 21:23 PM

ব্যাপক উত্তেজনাৰ মাজতে আজি সন্ধিয়া যুদ্ধবিৰতি ঘোষণা কৰে ভাৰত আৰু পাকিস্তানে। প্ৰকাশিত খবৰ অনুসৰি, পাকিস্তানৰ পক্ষৰ পৰা প্ৰথমে যুদ্ধবিৰতিৰ উদ্যোগ লোৱা হয় আৰু ভাৰতৰ ওচৰত এই প্ৰস্তাৱ আগবঢ়ায়। অৱশ্যে ভাৰতে চৰ্তসাপেক্ষ যুদ্ধবিৰতিত সহমত জনোৱা বুলি জানিব পৰা গৈছে। ইফালে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতে দেশৰ জনসাধাৰণৰ মাজত এক বিশেষ প্ৰশ্ন ব্যাপকভাৱে উদ্ৰেক ঘটা পৰিলক্ষিত হৈছে। ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই যুদ্ধবিৰতিত সন্মতি জনোৱাৰ পিছত এতিয়া সিন্দু জল চুক্তি পুনৰ কাৰ্যকৰী হ’ব নেকি, সেই লৈ চৰ্চা চলিছে।

পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ পিছতে ভাৰতে তাৎক্ষণিকভাৱে কুটনৈতিক পদক্ষেপ গ্ৰহণ কৰি সিন্ধু জল চুক্তি স্থগিত ৰখা বুলি ঘোষণা কৰিছিল। ভাৰতৰ এই সিদ্ধান্তই পাকিস্তানক শংকিত কৰি তুলিছিল। এই পদক্ষেপ পাকিস্তানৰ ওপৰত এক গুৰুতৰ আঘাত বুলি বিশ্লেষণ কৰিছিল বিশেষজ্ঞসকলে। এতিয়া যুদ্ধবিৰতি ঘোষণাৰ পিছত ভাৰতে এই সিদ্ধান্ত পৰিহাৰ কৰিব নেকি, সেয়া চৰ্চিত বিষয় হৈ পৰিছে।

পাকিস্তানৰ সৈতে ভাৰতে যুদ্ধবিৰতিৰ বাবেহে সন্মতি প্ৰকাশ কৰিছে। গতিকে সিন্ধু জল চুক্তিৰ বিষয়ত এই যুদ্ধবিৰতিৰ কোনো প্ৰভাৱ নপৰে। অৰ্থাৎ সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰতে লোৱা সিদ্ধান্তৰ কোনো পৰিৱৰ্তন নহ’ব। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তি আপাততঃ স্থগিত হৈ থাকিব। উল্লেখ্য যে দুয়োখন চুবুৰীয়া দেশে ১৯৬০ চনত এই সিন্ধু জল চুক্তি স্বাক্ষৰ কৰিছিল।

এই চুক্তিৰ জৰিয়তে সিন্ধু, ঝেলুম আৰু চেনাবৰ জলভাগৰ ভাগ-বতৰা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। পাকিস্তানৰ বাবে এই চুক্তি একপ্ৰকাৰে জীৱনৰেখা হিচাপে পৰিগণিত হৈছিল। দেশখনৰ ২১ কোটিৰো অধিক লোক পানীৰ বাবে সিন্ধু আৰু ইয়াৰ চাৰিখন উপনৈৰ ওপৰত নিৰ্ভৰশীল। তদুপৰি দেশখনৰ ৯০% মাটিৰ জলসিঞ্চনৰ পানী সিন্ধু নদীৰ পৰা আহে। তেনে পৰিস্থিতিত ভাৰতে এই চুক্তি স্থগিত কৰাৰ সিদ্ধান্তই পাকিস্তানক চিন্তিত কৰি তোলে।

সেই অনুসৰি ভাৰতে যেনেকৈ সিন্ধু জল সন্ধি স্থগিত ৰাখিব, তেনেদৰে পাকিস্তানী নাগৰিকক আপাততঃ ভাৰতলৈ ভিছা দিয়া নহ’ব। বন্ধ থাকিব সীমান্ত। বাণিজ্যও স্থগিত ৰখা। পাকিস্তানেও ভাৰতীয় বন্দৰ আৰু আকাশমাৰ্গ ব্যৱহাৰ কৰিব নোৱাৰিব। সেই অনুসৰি ভাৰতে পাকিস্তানী নাগৰিকক আপাততঃ ভাৰতলৈ ভিছা দিয়াও বন্ধ কৰি ৰাখিব। দুয়োখন দেশৰ মাজত সীমান্তও বন্ধ থাকিব।

তদুপৰি দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ তথা পৰোক্ষ বাণিজ্যও স্থগিত থাকিব। ইয়াৰ লগতে পাকিস্তানে ভাৰতীয় বন্দৰ আৰু আকাশমাৰ্গ ব্যৱহাৰ কৰিব নোৱাৰিব। অৰ্থাৎ যুদ্ধবিৰতিৰ প্ৰতি ভাৰতে সন্মতি দিলেও কূটনৈতিক পৰ্যায়ত লোৱা সিদ্ধান্ত অপৰিৱৰ্তিত হৈ থাকিব।