পৰকীয়া প্ৰেমৰ লীলা! মাত্ৰ পাঁচ মাহৰ ভিতৰতে সংসাৰ এৰি পলাল এই অঞ্চলৰ ৫০০ মহিলা
মাত্ৰ পাঁচ মাহৰ ভিতৰতে এটা অঞ্চলৰ পৰা নোহোৱা হৈছে প্ৰায় ৫০০ মহিলা। স্বামী-সন্তান সকলোকে এৰি আশ্চৰ্যকৰভাৱে পলায়ন কৰিছে এই বৃ্হৎ সংখ্যক গৃ্হিণীয়ে। এই মহিলাসকলৰ পলায়নৰ আঁৰৰ কাৰণে পিছে চকু কপালত তুলিছে সকলোৰে।

সময়ৰ জোখেৰে মাত্ৰ পাঁচটা মাহ। এই কেইটামান মাহৰ ভিতৰতে এটা অঞ্চলৰ পৰা নোহোৱা হৈছে প্ৰায় ৫০০ মহিলা। স্বামী-সন্তান সকলোকে এৰি আশ্চৰ্যকৰভাৱে পলায়ন কৰিছে এই বৃ্হৎ সংখ্যক গৃ্হিণীয়ে। এই মহিলাসকলৰ পলায়নৰ আঁৰৰ কাৰণে পিছে চকু কপালত তুলিছে সকলোৰে। কিয়নো এই মহিলাসকলে পৰকীয়া প্ৰেমৰ তাগিদাতে নিজা সংসাৰ এৰি পলায়নৰ পথ লৈছে। ইফালে পত্নীৰ সন্ধানত থানাই থানাই ঘূৰি ফুৰিছে তেওঁলোকৰ স্বামী। গোচৰ ৰুজু কৰি আৰক্ষীয়ে তালাচীও চলাইছে, পিছে ঘৰলৈ উভতা নাই মহিলাসকল।
পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনাৰ বৰাছাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বিগত পাঁচ মাহৰ ভিতৰতে অঞ্চলটোৰ পাঁচশ গৃহিণীয়ে ঘৰ এৰি পলায়ন কৰাৰ তথ্যই সকলোৰে চকু কপালত তুলিছে। জানিব পৰা মতে, ইয়াৰে কিছুসংখ্যক মহিলাৰ স্বামীয়ে আন ৰাজ্যত কাম কৰি থকাৰ বিপৰীতে আন একাংশৰ পতি কৰ্মসূত্ৰে পুৱাৰ পৰা নিশালৈ ঘৰৰ বাহিৰত থাকে। আনহাতে গোটেই দিনটো ঘৰত অকলে থাকে মহিলাসকল।
এই সময়ছোৱাত হাতৰ ফোনটো হৈ পৰে মহিলাসকলৰ একমাত্ৰ সংগী। তেনে পৰিস্থিতিত সামাজিক মাধ্যম যোগে আন লোকৰ সৈতে সম্পৰ্ক গঢ়ি তোলে মহিলাসকলে আৰু লাহে লাহে বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰে। পিছে কেৱল প্ৰেমৰ বাবেই নে আন কোনো কাৰণত ঘৰ এৰি থৈ গৈছে এই মহিলাসকলে? মনোবিজ্ঞানীসকলে অৱশ্যে কয় যে মহিলাসকলে আন সম্পৰ্কত জড়িত হোৱাৰ আঁৰত একাধিক কাৰণ থাকিব পাৰে।
পৰিয়ালৰ ভিতৰত ধাৰাবাহিক অশান্তি, সংগীৰ সময়ৰ অভাৱ, সামাজিক মাধ্যমত একাংশ পুৰুষৰ জালত পৰি তথা ঘৰুৱা হিংসাৰ বলি হৈ বহু মহিলাই পলায়নৰ উপায় বিচাৰে। এনে পৰিস্থিতিত সংসাৰলৈ নামি আহে সংকট। আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মে’ মাহলৈকে বৰাছাটৰ বিভিন্ন থানাত অসংখ্য মহিলা নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰা হৈছে।
যোৱা পাঁচ মাহত মুঠ ৫৩৬ গৰাকী যুৱতী নিৰুদ্দেশ হৈছে, ইয়াৰে প্ৰায় ৫০০ গৰাকী গৃহিণী বুলি প্ৰকাশ পাইছে। এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশাসনো চিন্তিত হৈ পৰিছে। মহিলাসকলে এইদৰে পলায়ন কৰাৰ আঁৰত ঘৰুৱা হিংসাৰ কোনো গোচৰ আছে নেকি সেই বিষয়ে পৰীক্ষা কৰা হ’ব বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে। এইধৰণৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ ফলত স্থানীয় লোকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তথ্য অনুসৰি, আৰক্ষীৰ অভিযানৰ অন্তত বহু নিৰুদ্দিষ্ট মহিলা আৰু যুৱতী পুনৰ নিজা ঘৰলৈ উভতি আহিছে। এইদৰে ঘৰলৈ উভতা মহিলা আৰু যুৱতীৰ সংখ্যা মুঠ সংখ্যা প্ৰায় ২০০ গৰাকী বুলি প্ৰকাশ পাইছে। আনহাতে আন বহু মহিলাৰ সন্ধান পোৱা গৈছে যদিও তেওঁলোকে নিজৰ পৰিয়াললৈ উভতিবলৈ ইচ্চুক নহয় বুলি স্পষ্ট কৰি দিছে।