উদ্দেশ্য ব্ৰিকছ সন্মিলনত অংশগ্ৰহণঃ অহা সপ্তাহত ব্ৰাজিল ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে
অহা সপ্তাহত ব্ৰাজিল ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্ৰাজিলৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আন চাৰিখন দেশো ভ্ৰমণ কৰিব পাৰে। সূত্ৰ অনুসৰি ব্ৰাজিলৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা আৰু নামিবিয়াও ভ্ৰমণ কৰিব পাৰে।

অহা সপ্তাহত ব্ৰাজিলত অনুষ্ঠিত হ’ব ব্ৰিকছ সন্মিলন। এই সন্মিলনত অংশগ্ৰহণৰ বাবে অহা সপ্তাহত ব্ৰাজিল ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্ৰাজিলৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আন চাৰিখন দেশো ভ্ৰমণ কৰিব পাৰে। সূত্ৰ অনুসৰি ব্ৰাজিলৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা আৰু নামিবিয়াও ভ্ৰমণ কৰিব পাৰে। অৱশ্যে এই মুহূৰ্তত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
এই ভ্ৰমণৰ মূল কেন্দ্ৰস্থল হ’ব ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ চহৰ। অহা ৬ আৰু ৭ জুলাইত ব্ৰাজিলৰ এই চহৰখনত অনুষ্ঠিত হ’ব ব্ৰিকছ শীৰ্ষ সন্মিলন। ব্ৰিকছ হৈছে বিশ্বৰ ১১খন দেশৰ এটা গোট, এই গোটত বিশ্বৰ জনসংখ্যাৰ প্ৰায় ৪৯.৫ শতাংশ, জিডিপিৰ প্ৰায় ৪০ শতাংশ আৰু বিশ্ব বাণিজ্যৰ প্ৰায় ২৬ শতাংশ অন্তৰ্ভুক্ত হৈ আছে। এই ব্ৰিকছ গোটত প্ৰথমে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা অন্তৰ্ভুক্ত হৈছিল।
পিছে ২০২৪ চনত এই গোটৰ সম্প্ৰসাৰণ কৰা হয় আৰু ইজিপ্ত, ইথিওপিয়া, ইৰাণ, সংযুক্ত আৰব আমিৰশ্বাহীক অন্তৰ্ভুক্ত কৰা হয়। এইবাৰ ইণ্ডোনেছিয়াই এই ব্ৰিকছ গোটত যোগদান কৰিব। সূত্ৰসমূহে জনোৱা মতে, গোটটোৰ শীৰ্ষ সন্মিলনত গ্ল’বেল চাউথৰ স্বাৰ্থ আৰু আকাংক্ষাক মূলসুঁতিলৈ অনাকে ধৰি বহু বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। গ্ল’বেল চাউথ শব্দটো সাধাৰণতে অৰ্থনৈতিকভাৱে কম উন্নত দেশসমূহক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
সূত্ৰসমূহে প্ৰকাশ কৰিছে যে সন্মিলনত ভাৰতে সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ এক ঐক্যবদ্ধ প্ৰচেষ্টাৰ আহ্বান জনাব পাৰে। খবৰ অনুসৰি ব্ৰাজিলৰ দ্বিপাক্ষিক ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ সৈতেও বিস্তৃত আলোচনাত মিলিত হ’ব।
একে সময়তে গ্ল’বেল চাউথৰ দেশসমূহৰ সৈতে সম্পৰ্ক বৃদ্ধিৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ঘানা আৰু নামিবিয়া ভ্ৰমণ কৰিব বুলিও সূত্ৰই প্ৰকাশ কৰিছে। ইফালে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ নকৰে বুলিও খবৰ প্ৰকাশ পাইছে।