শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৌৱৰৱ ক্ষণঃ ড্ৰেগন মহাকাশযানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত শুভাংশু শুক্লা

ড্ৰেগন মহাকাশযান আজি বিয়লি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে। স্বাভাৱিকতেই এই খবৰ ভাৰতবাসীৰ বাবে অত্যন্ত গৌৰৱময় হিচাপে বিবেচিত হৈছে। শুভাংশ শুক্লাসহ ড্ৰেগন মহাকাশযানত থকা প্ৰতিজন মহাকাশচাৰী আগন্তুক ১৪ দিন মহাকাশত থাকিব।

গৌৱৰৱ ক্ষণঃ ড্ৰেগন মহাকাশযানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত শুভাংশু শুক্লা
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত ড্ৰেগন মহাকাশযান
monjit-dutta
Monjit Dutta | Published: 26 Jun 2025 20:15 PM

বুধবাৰৰ পৰা দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছিল এক বিশেষ খবৰত। এই খবৰৰ সৈতে জড়িত হৈ আছিল ভাৰতৰ গৌৰৱ আৰু বিজ্ঞানৰ জয়যাত্ৰা। দেশৰ মান বৃদ্ধি কৰি বুধবাৰে ড্ৰেগন মহাকাশযানেৰে মহাকাশলৈ ৰাওনা হৈছিল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা। এই ড্ৰেগন মহাকাশযান আজি বিয়লি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে। স্বাভাৱিকতেই এই খবৰ ভাৰতবাসীৰ বাবে অত্যন্ত গৌৰৱময় হিচাপে বিবেচিত হৈছে। শুভাংশ শুক্লাসহ ড্ৰেগন মহাকাশযানত থকা প্ৰতিজন মহাকাশচাৰী আগন্তুক ১৪ দিন মহাকাশত থাকিব।

ইতিপূৰ্বে শুভাংশু শুক্লাই এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল। এই ভিডিঅ’ বাৰ্তাটোত তেওঁ মেছেজ হাঁহি হাঁহি কোৱা শুনা গৈছিল, “মহাকাশৰ পৰা হেল্ল’! মহাকাশত খোজ কাঢ়িবলৈ আৰু শিশুৰ দৰে খোৱা-বোৱা কৰিবলৈ শিকিছো। মই যথেষ্ট শুইছো। ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচীৰ দিশত এয়া এক সৰু যদিও এক স্থিৰ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ।”

ভাৰতীয় বায়ুসেনাই এই গৌৰৱময় বিষয়ত কয় যে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই এক ঐতিহাসিক যাত্ৰাত ৰাওনা হৈছে। পৃথিৱীৰ বাহিৰত ত্ৰিৰংগ উত্তোলন কৰা স্কোৱাড্ৰন নেতা ৰাকেশ শৰ্মাৰ অভিযানৰ ৪১ বছৰৰ পাছত এই আশ্চৰ্যকৰ ক্ষণটি আহিছে। এয়া এক মিছনতকৈও অধিক বুলি বায়ুসেনাই লগতে কয়। ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এক পোষ্ট যোগে শুভাংশু শুক্লাক লৈ দেশ গৌৰৱান্বিত বুলি উল্লেখ কৰে।

এটা পোষ্টত তেওঁ কয়, “ভাৰতকে ধৰি ৪ খন দেশৰ মহাকাশচাৰীক কঢ়িয়াই নিয়া মহাকাশ অভিযানটো এক মাইলষ্ট’ন হিচাপে প্ৰমাণিত হ’ব। তেওঁক লৈ দেশ গৌৰৱান্বিত।” প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লগতে এই পোষ্টটোত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে তেওঁৰ সহযোগী মহাকাশচাৰীসকলকো শুভেচ্ছা জনায়।