দেশত বাতিল হ’ব ৩৪৫টা ৰাজনৈতিক দলৰ পঞ্জীয়ন! নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে প্ৰক্ৰিয়া
বিগত ৬ বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা দেশৰ ৩৪৫টা পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ (Registered Unrecognized Political Parties, RUPP) তালিকা বাদ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে।

ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। বিগত ৬ বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা দেশৰ ৩৪৫টা পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ (Registered Unrecognized Political Parties, RUPP) তালিকা বাদ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে। ২০১৯ চনৰ পৰা বিগত ছয় বছৰত এই দলসমূহে একক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাধ্যতামূলক চর্ত পূৰণ কৰাত ব্যর্থ হৈছে আৰু এই দলসমূহৰ কার্যালয়ো ভৌতিকভাৱে স্থাপন কৰা হোৱা নাই৷ এনে পৰিস্থিতিত আয়োগে এই দলসমূহৰ পঞ্জীয়ন বাতিলৰ পদক্ষেপ গ্রহণ কৰিছে।
এই ৩৪৫ টা RUPP দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বুলি প্ৰকাশ পাইছে। RUPP ব্যৱস্থাত স্বচ্ছতা অনা আৰু পঞ্জীয়নৰ অপব্যৱহাৰ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমান নিৰ্বাচন আয়োগত পঞ্জীয়ন কৰা ২৮০০ৰো অধিক পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰৰ ভিতৰত অধিকাংশই প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰাত ব্যৰ্থ হোৱা বুলি আয়োগে উল্লেখ কৰিছে।
নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত গঠিত নিৰ্বাচন আয়োগে ৩৪৫টা পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ তালিকা বাদ দিয়াৰ কাৰ্যপ্ৰণালী আৰম্ভ কৰিছে। এই উদ্দেশ্যে আয়োগে এনে RUPP চিনাক্ত কৰাৰ বাবে দেশজোৰা কাৰ্যসূচী হাতত লৈছিল আৰু এতিয়ালৈকে ৩৪৫টা এনে RUPP চিনাক্ত কৰা হৈছে।
কোনো পক্ষ যাতে তালিকাৰ পৰা অনুচিতভাৱে বাদ নপৰে, তাৰ বাবে নিজ নিজ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকলক এনে RUPP – লৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিকোনো RUPP ৰ তালিকাৰ পৰা বাদ দিয়াৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ভাৰতৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব। ৰাজনৈতিক ব্যৱস্থা পৰিষ্কাৰ কৰা আৰু ২০১৯ চনৰ পৰা লোকসভা বা বিধানসভা বা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা দলসমূহ তালিকাৰ পৰা আঁতৰোৱাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে দেশৰ ৰাজনৈতিক দলসমূহৰ জনপ্ৰতিনিধি আইন, ১৯৫১ৰ ২৯এ ধাৰা অনুসৰি ভাৰতৰ নিৰ্বাচন আয়োগত পঞ্জীয়ন কৰা হয়। এই ব্যৱস্থাৰ অধীনত যিকোনো সংগঠনে এবাৰ ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন কৰিলে, কৰ ৰেহাইৰ দৰে কিছুমান বিশেষাধিকাৰ আৰু সুবিধা লাভ কৰে।