শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: কিছু ৰাশিৰ লোকে আজি হ’ব লাগিব সাৱধান! চাওক শুকুৰবাৰৰ ৰাশিফল…

Today's horoscope: জ্য়োতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটো কিছুমানৰ ভাল যাব। কিছুমানৰ চাকৰিৰ যোগ আছে। ইয়াৰ বিপৰীতে কিছুমানে সাৱধান থকা ভাল।

Today’s horoscope: কিছু ৰাশিৰ লোকে আজি হ’ব লাগিব সাৱধান! চাওক শুকুৰবাৰৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 27 Jun 2025 06:00 AM

আজি ২৭ জুন, শুকুৰবাৰ। আজিৰ দিনটো কিছুমানৰ বাবে ভাল, কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে। ৰাশিফল অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব। তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

 

মেঘ ৰাশিঃ আজিৰ দিনটোত আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। ইয়াৰ প্ৰভাৱ আপোনাৰ কামৰ ওপৰত পৰিব। যদি ভ্ৰমণত যোৱাৰ কথা আছে তেন্তে কিছু সময়ৰ বাবে স্থগিত ৰাখিব। নিজৰ কামক লৈ ধৈৰ্য ধৰি চলিব। ব্যৱসায়ীসকলে কোনো ডাঙৰ খবৰ লাভ কৰিব। পৰিয়ালত চলি থকা সমস্যা দূৰ হ’ব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব। আপুনি কোনো বিশেষ ব্যক্তিক লগ পাব। ব্যৱসায়ত বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱা দৰকাৰ। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। চাকৰিৰ যোগ আছে। সুখী থাকিব দিনটো। খেৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানেৰে ভৰা হ’ব। বিপৰীত স্থিতিত ধৈৰ্য ধৰি থকা দৰকাৰ। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যই চাকৰি পাব পাৰে। নতুন কোনো কামৰ পৰিকল্পনা কৰিব পাৰে। আৰ্থিক দিশটোত কিছু সমস্যাই দেখা দিব পাৰে। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ পাব। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ ব্যৱসায় ভাল হ’ব। ভূমি বা আন সম্পদ ক্ৰয় কৰাৰ বাবে দিনটো ভাল। ইচ্ছা অনুসৰি ভাবি চিন্তি কাম সাল-সলনি কৰিব পাৰে। পাৰিবাৰিক সমস্যা দূৰ হ’ব। সতীৰ্থৰ সৈতে মনৰ কথা পতাৰ সুযোগ লাভ কৰিব। পুৰণি বন্ধুক লগ পাব। প্ৰেমত শুভ। স্বাস্থ্যৰ যত্ন লোৱা দৰকাৰ।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানেৰে ভৰা হ’ব। ধৈৰ্য ধৰি চলা দৰকাৰ। আনৰ কথাত বেছি হস্তক্ষেপ নকৰিব। কামক লৈ এলাহ নকৰিব। অন্যথা ডাঙৰ লোকচান হ’ব পাৰে। আনক ধন ধাৰলৈ নিদিব। ধাৰ্মিক কামত বেছি জড়িত হৈ পৰিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ পাব। কাৰোবাৰ সৈতে মতানৈক্য হ’ব পাৰে। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজি আপুনি বুদ্ধি আৰু বিবেকেৰে সিদ্ধান্ত লোৱা দৰকাৰ। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। যদি দীৰ্ঘদিন ধৰি কোনো সমস্যা চলি আছে তেন্তে সেয়া দূৰ হ’ব। কোনো সিদ্ধান্ত ভুলকৈ গ্ৰহণ নকৰিব। কোনো কাম সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। শত্ৰুৰ পৰা সাৱধান। স্বাস্থ্য় ভাল।

তুলা ৰাশিঃ আজি আপোনাৰ দিনটো ভাল। কোনো ভাল খবৰ লাভ কৰিব। ভ্ৰমণৰ যোগ আছে। সংগীৰ পৰা উপহাৰ লাভ কৰিব পাৰে। প্ৰেমত শুভ। ভাবি-চিন্তি কোনো সিদ্ধান্ত গ্ৰহণ কৰিব। আনক সহায় কৰিব। মাতৃৰ স্বাস্থ্যৰ সমস্যা হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্যৰ যত্ন লোৱা দৰকাৰ।

বৃশ্চিক ৰাশিঃ আজি আপোনাৰ দিনটো সমস্যাৰে ভৰা হ’ব। ঘৰলৈ আলহী আহিব পাৰে। বন্ধুৰ সৈতে কোনো কথাক লৈ বিবাহ হ’ব পাৰে। ধনৰ অত্যাধিক খৰচৰ ওপৰত গুৰুত্ব দিব। সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰিব। চাকৰি কৰাসকলে পদোন্নতি লাভ কৰিব পাৰে। চাকৰি পোৱাৰ সম্ভাৱনা। ঘৰুৱা সমস্যাই দেখা দিব পাৰে। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱসায়ত পাবলগীয়া ধন ঘূৰাই পাব। ঘৰত কোনো পৰিবৰ্তন হ’ব পাৰে। পৰিয়ালত কোনো মাংগলিক কাৰ্যৰ আয়োজন হ’ব পাৰে। পেটৰ লগত জড়িত কোনো সমস্যাই দেখা দিব পাৰে। সংগীৰ সৈতে ভালদৰে থকাৰ চেষ্টা কৰিব। পিতৃৰ সৈতে মতানৈক্য হ’ব পাৰে।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। কোনো ভাল খবৰ লাভ কৰিব পাৰে। মনে বিচৰা কাম লাভ কৰা বাবে সুখী হ’ব। সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ’ব। প্ৰেমত সমস্যা আহিব পাৰে। গতিকে সাৱধান থকা ভাল। বাহন চলাওতে সাৱধান হ’ব। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপুনি ধৈৰ্য ধৰি থকা দৰকাৰ। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। অন্যথা সমস্যা আহিব পাৰে। আনৰ কথাত হস্তক্ষেপ নকৰিব। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। ঘৰ বা আন সম্পত্তি ক্ৰয় কৰিব পাৰে। চাকৰি ক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। ৰাজনীতিত জড়িতসকলে সাৱধান থকা দৰকাৰ। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজি আপোনাৰ দিনটো ভাল। পাবলগীয়া ধন ঘূৰাই পাব। ভাগ্যই লগ দিব। অচিনাকী লোকক বিশ্বাস নকৰিব। কোনো কামত হাত দিলে সফলতা লাভ কৰিব। সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা কৰিব। পৈত্ৰিক সম্পত্তি লাভ কৰাৰ সম্ভাৱনা। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।