TV9 ASSAM
খাহী ছাগলী আৰু পঠা ছাগলীৰ মাজত কি পাৰ্থক্য আছে তথা কোনবিধ ছাগলীৰ মাংস খাবলৈ অধিক সুস্বাদু, এই লৈ অধিকাংশ লোকৰে মনত কৌতুহল আছে।
সকলো মতা প্ৰাণীৰ শৰীৰত অণ্ডকোষ থাকে। অণ্ডকোষৰ পৰাই এটা বিশেষ হৰম’ন উৎপন্ন হয়। এই হৰম’নে শাৰীৰিক গঠনৰ পৰা আৰম্ভ কৰি নানা দিশত প্ৰভাৱ পেলায়।
অণ্ডকোষ কাটিলে সেই হৰম’ন আৰু উৎপন্ন নহয়। প্ৰজনন ক্ষমতাও লোপ পায়। ছাগলীৰ ক্ষেত্ৰত বিশেষ প্ৰক্ৰিয়াৰে এই কাম কৰা হয়।
পঠা ছাগলীৰ স্বভাৱ সাধাৰণতে কিছু উগ্ৰ হয়। পঠা ছাগলীয়ে আন ছাগলীৰ সৈতে যুঁজ কৰাৰ লগতে প্ৰজননৰ বাবে সদায় মাইকী ছাগলীৰ পিছ লয়।
মূলতঃ এবছৰৰ তলৰ ছাগলী এটাৰ অণ্ডকোষ কাটি খাহী কৰা হয়। এনে খাহী ছাগলীৰ মাংসত চৰ্বিৰ পৰিমাণ বহু বেছি হয়।
ছাগলী এটা খাহী কৰাৰ পিছত মাইকী ছাগলীৰ প্ৰতি যৌন আকৰ্ষণ আৰু নাথাকে। খাহী কৰাৰ পিছত ছাগলীটোৰ আচৰণ শান্ত হৈ পৰে।
অৱশ্যে খাচীত চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ বাবে চিকিৎসকে প্ৰায়ে খাহী মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে।
আনহাতে পঠা ছাগলীৰ শৰীৰৰ চৰ্বি তুলনামূলকভাৱে কম। পঠা ছাগলীৰ মাংসৰ দামো কিছু অধিক। দাম কম হোৱাৰ বাবেই অধিকাংশ মানুহে খাহী মাংস ক্ৰয় কৰে।
পঢ়িবলৈ ক্লিক কৰক
ফেটি লিভাৰ হ’লে কি কি খাব, কি নাখাব?