শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অম্বুবাচীৰ নিবৃত্তিৰ পৰা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰলৈ, দিনটোৰ শীৰ্ষ খবৰ

অম্বুবাচীৰ নিবৃত্তিৰ পৰা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰলৈ, দিনটোৰ শীৰ্ষ খবৰ

Monjit Dutta
Monjit Dutta | Updated On: 27 Jun 2025 16:22 PM

আজি পুৱা ৩ বাজি ১৬ মিনিটত অম্বুবাচী নিবৃত্তি হয়। তাৰ লগে লগেই যথা ৰীতি অনুসৰি মুকলি কৰা হয় কামাখ্যা মন্দিৰৰ দুৱাৰ। মা কামাখ্যাৰ আশিস ল'বলৈ কামাখ্যা মন্দিৰত অগণন ভক্তই ভিৰ কৰা দেখা যায় আজিৰ দিনটোত।

অন্ত পৰিল অম্বুবাচী মহাযোগৰ। আজি পুৱা ৩ বাজি ১৬ মিনিটত অম্বুবাচী নিবৃত্তি হয়। তাৰ লগে লগেই যথা ৰীতি অনুসৰি মুকলি কৰা হয় কামাখ্যা মন্দিৰৰ দুৱাৰ। মা কামাখ্যাৰ আশিস ল’বলৈ কামাখ্যা মন্দিৰত অগণন ভক্তই ভিৰ কৰা দেখা যায় আজিৰ দিনটোত। ইফালে অম্বুবাচীক লৈ বিভিন্ন অপপ্ৰচাৰ চলাৰ অভিযোগ তুলিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ লগতে একাংশ ভক্তই। অম্বুবাচীৰ সময়ত ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হয় বুলি বহুতেই প্ৰচাৰ চলাই যদিও এয়া শুদ্ধ নহয় বুলি কয় কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই। এই ক্ষেত্ৰত অপপ্ৰচাৰ ৰোধৰ বাবে এক নিৰ্দেশনা জাৰী কৰিবলৈও চৰকাৰক আহ্বান জনায় দলৈ সমাজে।

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। ধৰ্মীয় স্থানৰ নামত পুঁজি সংগ্ৰহক লৈ কৰা এক মন্তব্যৰ বাবে মীৰা বৰঠাকুৰৰ বিৰুদ্ধে গোচৰ তৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে। ১৮ জুলাইত অভিযোগ প্ৰমাণ কৰিব লাগিব মীৰা বৰঠাকুৰে।

চাওঁ আহক দিনটোৰ আন কেতবোৰ খবৰ….