শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ঐশ্বৰ্যই ক'লে, যদি মোৰ স্বামী, কন্যাই লাজ পায় তেন্তে...

ঐশ্বৰ্যই ক’লে, যদি মোৰ স্বামী, কন্যাই লাজ পায় তেন্তে…

barasha-sarma
Barasha Sarma | Updated On: 25 Jun 2025 22:27 PM

বলীউডত প্ৰায়ে চৰ্চিত এটি নাম ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, এই ঐশ্বৰ্য ৰায়ৰ বাবে তেওঁৰ শহুৰেকৰ ঘৰত অশান্তিৰ সৃষ্টি হৈছিল।

বিগত এবছৰ ধৰি বলীউডত চৰ্চিত হৈ আছে দুটা নাম। প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনে। বিগত সময়চোৱাত পোহৰলৈ আহিছিল যে তাৰকা দম্পতীহালৰ বিবাহ বিচ্ছেদ হ’ব।  অৱশ্যে এতিয়ালৈকে ইয়াৰ ওপৰত দুয়ো কোনো আনুুষ্ঠানিক মন্তব্য কৰা নাই। খবৰ পোহৰলৈ আহিছিল যে নায়িকাগৰাকীয়ে কন্যা আৰাধ্যা বচ্চনৰ সৈতে নিজৰ ফ্লেটত থাকে। দীৰ্ঘদিন ধৰি তেওঁ স্বামী অভষেকৰ পৰা দূৰত থাকে।

দুয়োৰে সমান্তৰালকৈ চৰ্চাত থাকে জয়া বচ্চন। বহুতে ধাৰণা কৰিছিল, জয়া বচ্চনৰ কঠোৰ ব্যৱহাৰ, বুজাবুজিৰ অভাৱৰ বাবে দুয়োৰে বিবাহ বিচ্ছেদ হ’ব। কিন্তু সেই জয়া বচ্চনেই প্ৰেৰণা ঐশ্বৰ্য ৰায়ৰ। এবাৰ তেওঁ কৈছিল- “যদি মোৰ শাহু, স্বামী আৰু কন্যাই মোক কোনো চৰিত্ৰত অভিনয় কৰাৰ বাবে লাজ কৰে, তেন্তে মই সেই ধৰণৰ কাম কৰিবলৈ নিবিচাৰো।”  কিন্তু তাৰ পাছতো অভিনেত্ৰীগৰাকীয়ে এনে এক কাম কৰিছিল যাৰ বাবে শহুৰেকৰ পৰিয়ালত অশান্তি হৈছিল।