শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
কৰ্প’ৰেট কৰ্মচাৰীলৈ সুখবৰ দিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে, EPFOৰ ক্ষেত্ৰত লাভ কৰিব এনে সুবিধা

কৰ্প’ৰেট কৰ্মচাৰীলৈ সুখবৰ দিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে, EPFOৰ ক্ষেত্ৰত লাভ কৰিব এনে সুবিধা

monjit-dutta
Monjit Dutta | Published: 27 Jun 2025 00:42 AM

বৰ্তমান সময়ত কৰ্মচাৰীসকলে নিজা প্ৰভিডেণ্ট ফাণ্ডৰ পৰা আগতীয়াকৈ ধন উলিয়াব বিচাৰিলে অট’ ছেটলমেণ্টৰ সীমা ১ লাখ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে। এতিয়া এই সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই।

EPFO অৰ্থাৎ প্ৰভিডেণ্ট ফাণ্ড সন্দৰ্ভত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁৰ এই ঘোষণা কাৰ্যকৰী হ’লে কৰ্প’ৰেট খণ্ডৰ কৰ্মচাৰীসকল অত্যন্ত উপকৃত হ’ব বুলি আশা কৰা হৈছে। বৰ্তমান সময়ত কৰ্মচাৰীসকলে নিজা প্ৰভিডেণ্ট ফাণ্ডৰ পৰা আগতীয়াকৈ ধন উলিয়াব বিচাৰিলে অট’ ছেটলমেণ্টৰ সীমা ১ লাখ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে। EPFOৰ নিয়ম অনুসৰি ১ লাখ টকা পৰ্যন্ত ধন উলিওৱাৰ বাবে ৩ দিনৰ ভিতৰত অটো ছেটেলমেণ্ট মোডত ধন লাভ কৰে।

এতিয়া এই সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই। পূৰ্বে EPFO একাউণ্টৰ পৰা নিৰ্ধাৰিত এক লাখ টকাৰ সীমাৰ ওপৰত আগতীয়াকৈ ধন উলিয়াব বিচাৰিলে বহু প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লগা হৈছিল। এতিয়া ৫ লাখ টকা পৰ্যন্ত এই প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে।