শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ভাৰতীয় বায়ুসেনাৰ শক্তি বঢ়াবলৈ আহি আছে ৬ খন তেজস

ভাৰতীয় বায়ুসেনাৰ শক্তি বঢ়াবলৈ আহি আছে ৬ খন তেজস

raj-saikia
Raj Saikia | Published: 26 Jun 2025 21:22 PM

২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতীয় বায়ুসেনাই পুনৰ ৬ খন তেজস লাভ কৰিব। হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এই তেজসসমূহ।

ভাৰতীয় সেনাই বৃদ্ধি কৰিছে নিজৰ শক্তি । কিছু বছৰৰ ভিতৰত ভাৰতীয় বায়ুসেনাই লাভ কৰিব আধা ডজন তেজস লাইট কম্বেট এয়াৰক্ৰাফ্ট। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত তেজসৰ বীৰত্ব সমগ্ৰ বিশ্বই ইতিমধ্যে দেখিছে। ইয়াৰ বিচক্ষণতা আৰু শক্তি দেখি বিস্ময়চকিত সমগ্ৰ বিশ্ব । এতিয়া ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতীয় বায়ুসেনাই পুনৰ ৬ খন তেজস লাভ কৰিব। হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এই তেজসসমূহ।

যদিও বায়ু সেনাই এই বিধ্বংসী যুঁজাৰু বিমানখন আগতে পোৱাৰ কথা আছিল কিন্তু, বিভিন্ন কাৰণত পলম হ’ল। ভাৰতীয় বায়ুসেনাই ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। সূত্ৰ অনুসৰি LCA Mk-1A ৰ ইঞ্জিন লাভৰ সমস্যাৰ বাবে ডেলিভাৰী পলম হৈ আছে। ইফালে এই সময়সীমা ঘোষণা কৰিছে হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডি কে সুনিলে। অৱশ্যে তেওঁ কয় যে ইঞ্জিনটো আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানী জি ই এৰ’স্পেছে যোগান ধৰাৰ কথা আছিল। কিন্তু তেওঁলোকে সময়সীমা পাৰ কৰিলে। ফলত বায়ুসেনালৈ তেজসৰ ডেলিভাৰীত পলম হয়।

ইতিমধ্যে LCA Mk-1A জেটৰ ডেলিভাৰী সমস্যাক লৈ ৰাজহুৱাভাৱে উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে এয়াৰ চিফ মাৰ্শ্বাল এ পি সিঙে। সুনীলে অৱশ্যে কয় যে F404 ইঞ্জিনটো আমেৰিকাৰ কোম্পানীটোৰ পৰা অনাৰ কথা আছিল। অৱশ্যে মাজতে পলম হয়। ইয়াৰ ফলত সামগ্ৰিক পৰিচালনাৰ ওপৰত প্ৰভাৱ পৰিছে। চলিত বিত্তীয় বৰ্ষত জিই এৰ’স্পেছে ১২টা ইঞ্জিন প্ৰেৰণ কৰিবলৈ ওলাইছে বুলি জানিবলৈ দিয়ে মুখ্য বিষয়াগৰাকীয়ে। এই ইঞ্জিন উপলব্ধ হ’লে ৬ খন তেজস শীঘ্ৰে বায়ুসেনাক গতাই দিয়া হ’ব।