শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ ৫০,০০০ টকা! পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা নৌ সেনাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ…

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ এজন। বিশাল যাদৱ নামৰ এই লোকজন দিল্লীৰ নৌ ভৱনত কৰ্মৰত আছিল। তেওঁ পাকিস্তানক অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভতো তথ্য প্ৰদান কৰিছিল।

মাত্ৰ ৫০,০০০ টকা! পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা নৌ সেনাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ…
বিশাল যাদৱImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 26 Jun 2025 16:32 PM

ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ পাছৰে পৰা এলাৰ্ট মোডত আছে নিৰাপত্তা সংস্থাসমূহ।  নিয়াই কৰি থকা তদন্তত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক গ্ৰেপ্তাৰ হৈছে। এইবাৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় নৌ সেনা ভৱনৰ এজন বিষয়া।  ৰাজস্থান আৰক্ষীৰ চোৰাংচোৱা শাখাই নতুন দিল্লীৰ নৌ ভৱনৰ পৰা এজন উচ্চ সংমণ্ডল কেৰাণী (upper division clerk) ক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত বিশাল যাদৱৰ পৰা আৰক্ষীয়ে জেৰাৰ সময়ত বহু তথ্য লাভ কৰিছে।

তদন্তত প্ৰকাশ পোৱা অনুসৰি, অভিযুক্ত বিশাল যাদৱে ধনৰ লোভত পাকিস্তানী হেণ্ডেলাৰক ভাৰতৰ বহু গোপন তথ্য প্ৰদান কৰিছিল। পহলগাম কাণ্ডৰ পাছত অপাৰেশ্যন সেন্দূৰৰ তথ্যও তেওঁ পাকিস্তানৰ সেই হেণ্ডেলাৰক প্ৰদান কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ ৫০,০০০ টকা লাভ কৰিছিল। তদন্তত প্ৰকাশ পোৱা অনুসৰি, এতিয়ালৈকে তেওঁৰ একাউন্টত ২ লাখ টকা সোমাইছে। গ্ৰেপ্তাৰৰ পাছতে বিশালক জয়পুৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ৪ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে।

চি আই ডি চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, বিশাল যাদৱে ফেচবুকৰ জৰিয়তে পাকিস্তানী হেণ্ডলাৰৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। প্ৰিয়া শৰ্মাৰ নাম লৈ পাকিস্তানী হেণ্ডেলাৰে বিশালক ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল। তাৰ পাছত দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হয় আৰু হোৱাটছএপ নম্বৰ শ্বেয়াৰ কৰে। দুয়ো টেলিগ্ৰামতো কথা পাতিছিল।

পাকিস্তানী হেণ্ডেলাৰজন দীৰ্ঘদিন ধৰি প্ৰিয়া শৰ্মাৰ নাম লৈ বিশালৰ সৈতে কথা পাতে। তাৰ পাছত তেওঁ বিশালক প্ৰকৃত নাম কৈ টকাৰ প্ৰলোভন দিয়ে। সেই প্ৰলোভনত ভোল যায় বিশালে পাকিস্তানী হেণ্ডেলাৰক ভাৰতৰ বহু গোপন তথ্য প্ৰদান কৰে। প্ৰতিটো তথ্যৰ বাবদ বিশালে ৫-৬ হাজাৰ টকা লাভ কৰিছিল।

অপাৰেশ্যন সেন্দূৰৰ পাছত পাকিস্তানী হেণ্ডেলাৰে কয় যে, তোমাৰ তথ্যবোৰ চি গ্ৰেডৰ। গতিকে যদি ভাল তথ্য দিয়া আৰু অধিক টকা দিম। ইয়াৰ পাছতে বিশালে হেণ্ডলাৰগৰাকীক নৌসেনা আৰু অন্যান্য প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য দিছিল। বিনিময়ত তেওঁ এবাৰ ৫০ হাজাৰ টকা লাভ কৰিছিল।

তদন্তত প্ৰকাশ পাই যে, অভিযুক্তৰ একাউন্টত এতিয়ালৈকে ১.৫ লাখৰ পৰা ২ লাখ পৰ্যন্ত টকা লাভ কৰিছিল। ক্ৰিপ্টোকাৰেন্সী ট্ৰেডিং একাউণ্টত ইউএছডিটিৰ ৰূপতো কিছু ধন লাভ কৰে তদন্তকাৰী সংস্থাই। অভিযুক্তৰ মোবাইলো ফৰেনসিক তদন্ত কৰা হৈছিল, য’ত বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ পায়। টকাৰ লেনদেন, কৌশলগত তথ্য, মোবাইল মেছেজ আদি লাভ কৰিছে তদন্তকাৰী সংস্থাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ ড’নাল্ড ট্ৰাম্প মানসিকভাবে সুস্থ নহয়, সেয়ে তেওঁৰ কথাৰ কোনো ঠিক নাইঃ ভতিজাক ফ্ৰেড ট্ৰাম্প তৃতীয়