শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
কোন সঁচা? ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ দাবী দুই দেশৰ...

কোন সঁচা? ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ দাবী দুই দেশৰ…

barasha-sarma
Barasha Sarma | Published: 26 Jun 2025 17:48 PM

১৩ জুনত প্ৰথমবাৰৰ বাবে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলাইছিল। তাৰ পাছত আমেৰিকাইও এই সংঘাতত জঁপিয়াই পৰি ইৰাণক আক্ৰমণ কৰিছিল। আমেৰিকাই ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰা বুলি দাবী কৰিছিল।

প্ৰকৃততে কোনে ধ্বংস কৰিলে ইৰাণৰ পাৰমাণৱিক ঘাটি? সঁচাকৈ ধ্বংস হ’ল নে?  দুই নেতাৰ পৃথক দাবীৰ পাছতে এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। আমেৰিকাৰ সেনাই ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত বোমা বিস্ফোৰণ কৰাৰ পিছৰে পৰা এই প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ পাছত ক্ষোভিত হৈ পৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।  তেওঁ দাবী কৰে যে আমেৰিকাৰ সেনাই ইৰাণৰ সকলো পাৰমাণৱিক ঘাটি ধ্বংস কৰি পেলাইছে।

ইয়াৰ বিপৰীতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে ইজৰাইলে ইৰাণৰ নাটাঞ্জ আৰু ইছফাহানৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰিছে। ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে। ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মাজত দেখা দিয়ে কথাৰ অমিলে এতিয়া বিভিন্ন প্ৰশ্নৰ অৱকাশ আনিছে।

উল্লেখ্য যে, ১৩ জুনত প্ৰথমবাৰৰ বাবে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলাইছিল। তাৰ পাছত আমেৰিকাইও এই সংঘাতত জঁপিয়াই পৰি ইৰাণক আক্ৰমণ কৰিছিল। আমেৰিকাই ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰা বুলি দাবী কৰিছিল। কিন্তু একাংশ সংবাদ মাধ্যমৰ মতে, আমেৰিকাৰ আক্ৰমণ পূৰ্বে ইৰাণে পাৰমাণৱিক স্থানৰ পৰা ইউৰেনিয়াম আঁতৰাই পেলাইছিল।