শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বছৰত দুবাৰকৈ দিব পাৰিব দশম শ্ৰেণীৰ পৰীক্ষা, CBSEৰ ডাঙৰ সিদ্ধান্ত

বছৰত দুবাৰকৈ দিব পাৰিব দশম শ্ৰেণীৰ পৰীক্ষা, CBSEৰ ডাঙৰ সিদ্ধান্ত

Trishna Kalita
Trishna Kalita | Published: 26 Jun 2025 21:04 PM

অহা বছৰৰ পৰা চিবিএছইৰ অধীনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে দুবাৰকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। প্ৰথম পৰীক্ষাটোত যিকোনো বিষয়ত তুলনামূলকভাৱে কম নম্বৰ পালে কেইমাহমানৰ পিছত পুনৰ পৰীক্ষাত অধিক নম্বৰ পোৱাৰ সুযোগ লাভ কৰিব। দ্বিতীয়বাৰৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত, যিটোত নম্বৰ বেছিকৈ লাভ কৰে, সেইটোৱেই গ্ৰহণযোগ্য হ’ব।

পূৰ্বে পৰীক্ষা ব্যৱস্থাত সালসলনি কৰিব বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে। সেই অনুসৰি জাৰি কৰা হৈছে গাইডলাইন। এতিয়াৰে পৰা চিবিএছই (CBSE)ৰ ছাত্র-ছাত্রীয়ে বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ পৰীক্ষা দিব পাৰিব ৷ প্ৰথম পৰীক্ষাটো সকলোৰে বাবে বাধ্যতামূলক হ’ব আৰু দ্বিতীয় পৰীক্ষাটো নিজৰ ইচ্ছা অনুযায়ী দিব পাৰিব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক দুবাৰকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰস্তাৱ অনুসৰি এই সন্দৰ্ভত পৰীক্ষা অনুষ্ঠিত কৰাৰ খচৰা পৰিকল্পনা ইতিমধ্যে প্ৰকাশ কৰিছে চিবিএছইয়ে । খচৰা প্ৰস্তাৱ অনুসৰি ফেব্ৰুৱাৰী আৰু মে’ মাহত ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি অৱগত কৰা হৈছে। প্ৰথম পৰীক্ষাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ হাতত ফলাফল দিয়া নহয়। ডিজি লকাৰতহে আপলোড কৰা হ’ব পৰীক্ষাৰ ফলাফল। দ্বিতীয় পৰীক্ষাৰ অন্তত চূড়ান্ত ফলাফল দিয়া হ’ব। যদি কোনোবাই প্ৰথম পৰীক্ষাত নম্বৰ পাই সন্তুষ্ট হয় তেন্তে দ্বিতীয় পৰীক্ষাৰ পৰা আঁতৰি থাকিব পাৰে বা পৰীক্ষাত অৱতীৰ্ণ নহ’বলৈ সিদ্ধান্ত ল’ব পাৰে। সেই সিদ্ধান্ত শিক্ষাৰ্থীসকলে নিজ ল’ব  পাৰিব।