শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপাৰেচন সেন্দূৰত ভাৰতে হেৰুৱাইছিল যুদ্ধ বিমান! সেনা বিষয়াৰ মন্তব্যৰ পিছতে দূতাবাসৰ স্পষ্টীকৰণ

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ এজন বিষয়াই মন্তব্য কৰে যে ভাৰতীয় বায়ুসেনাই অপাৰেচন সেন্দূৰৰ প্ৰাৰম্ভিক পৰ্যায়ত যুদ্ধ বিমান হেৰুৱাইছিল। এতিয়া এই অভিযান সন্দৰ্ভত ভাৰতীয় নৌসেনাৰ এগৰাকী বিষয়াৰ মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা চলিছে। নৌসেনাৰ বিষয়াগৰাকীৰ মন্তব্যৰ আধাৰত কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰলৈ তুলিছে কেইবাটাও প্ৰশ্ন।

অপাৰেচন সেন্দূৰত ভাৰতে হেৰুৱাইছিল যুদ্ধ বিমান! সেনা বিষয়াৰ মন্তব্যৰ পিছতে দূতাবাসৰ স্পষ্টীকৰণ
অপাৰেচন সেন্দূৰক লৈ নতুন বিতৰ্কImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 30 Jun 2025 11:51 AM

পহলগামত সংঘটিত নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আৰম্ভ কৰিছিল অপাৰেচন সেন্দূৰ। ভাৰতীয় সেনাই এই প্ৰত্যাক্ৰমণ অভিযানৰ জৰিয়তে পাকিস্তানত থকা বহু সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল। ইফালে পাকিস্তানে ইয়াৰ পিছতে আক্ৰমণৰ প্ৰচেষ্টা চলোৱাত ভাৰতীয় সেনাই এই অপাৰেচন সেন্দূৰ অব্যাহত ৰাখিছিল। এতিয়া এই অভিযান সন্দৰ্ভত ভাৰতীয় নৌসেনাৰ এগৰাকী বিষয়াৰ মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা চলিছে। নৌসেনাৰ বিষয়াগৰাকীৰ মন্তব্যৰ আধাৰত বিৰোধী কংগ্ৰেছে শাসকীয় বিজেপি চৰকাৰলৈ তুলিছে কেইবাটাও প্ৰশ্ন।

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ এজন বিষয়াই মন্তব্য কৰে যে ভাৰতীয় বায়ুসেনাই অপাৰেচন সেন্দূৰৰ প্ৰাৰম্ভিক পৰ্যায়ত যুদ্ধ বিমান হেৰুৱাইছিল। পাকিস্তানৰ সামৰিক সংস্থাপনসমূহত আক্ৰমণ নকৰিবলৈ আৰু কেৱল সন্ত্ৰাসবাদী সংস্থাপনসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ নিৰ্দেশ দিয়া হৈছিল বাবে এনে পৰিস্থিতি হৈছিল বুলি তেওঁ লগতে মন্তব্য কৰিছিল। তেওঁৰ এই বক্তব্যৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়।

যোৱা ১০ জুনত এখন বৈঠকত নৌসেনাৰ বিষয়া কেপ্তেইন শিৱ কুমাৰে এই মন্তব্য কৰিছিল। জাকাৰ্টাৰ এখন বিশ্ববিদ্যালয়ত ‘Analyzing the India-Pakistan Air Conflict and Indonesia’s Strategic Forecasting from an Air Power Perspective’ শীৰ্ষক এক আলোচনা চক্ৰত তেওঁ এইদৰে উল্লেখ কৰিছিল। এই সময়ত তেওঁ কয় যে ৰাজনৈতিক নেতৃত্বই দিয়া আদেশৰ কিছু বাধাৰ বাবে ভাৰতীয় বায়ুসেনাই অভিযানৰ প্ৰাৰম্ভিক পৰ্যায়ত পাকিস্তানী সামৰিক সংস্থাপনসমূহত আক্ৰমণ কৰিব নোৱাৰিলে।

কেপ্তেইন শিৱ কুমাৰে উল্লেখ কৰা মতে, পাকিস্তানৰ সামৰিক ঘাটি বা তেওঁলোকৰ বায়ুসেনা ব্যৱস্থাত আক্ৰমণ নকৰিবলৈ ৰাজনৈতিক নেতৃত্বই দিয়া আদেশৰ বাবে ভাৰতে প্ৰাৰম্ভিক পৰ্যায়ত কিছু বিমান হেৰুৱাইছিল। কিন্তু ইয়াৰ পিছত ভাৰতীয় সেনাই কৌশল সলনি কৰি সামৰিক ঘাটিত আক্ৰমণ কৰে আৰু প্ৰথমে শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক দমন কৰি ধ্বংস কৰা হয় বুলি বিষয়াগৰাকীয়ে সদৰী কৰে।

নৌসেনাৰ বিষয়াগৰাকীৰ এই বক্তব্য সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। কংগ্ৰেছে কয় যে ৭ মে’ৰ নিশা পাকিস্তানী সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি ভাৰতীয় বায়ুসেনাই যুদ্ধ বিমান হেৰুৱাইছিল। এয়া কেৱল ৰাজনৈতিক নেতৃত্বই দিয়া বাধাৰ বাবেই হৈছিল। ইণ্ডোনেছিয়াত ভাৰতৰ প্ৰতিৰক্ষা বিষয়া কেপ্তেইন শিৱ কুমাৰে যোৱা মাহত ইণ্ডোনেছিয়াত এখন আলোচনা চক্ৰত ভাৰতৰ যুদ্ধ বিমান হেৰুৱাৰ কথা স্বীকাৰ কৰিছিল বুলি কংগ্ৰেছে দোহাৰে।

ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মুৰব্বী অনিল চৌহানেও অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় যুদ্ধ বিমান হেৰুৱাৰ কথা স্বীকাৰ কৰিছিল বুলিও কংগ্ৰেছে লগতে কয়। কংগ্ৰেছৰ মতে যুদ্ধবিৰতি সম্পৰ্কীয় বহু প্ৰশ্নৰ উত্তৰ এতিয়াও চৰকাৰে দিয়া নাই। কংগ্ৰেছে তিনিটা প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীৰ পৰা উত্তৰ দাবী কৰিছে।

কেন্দ্ৰীয় চৰকাৰলৈ দলটোৰ প্ৰশ্ন, “প্ৰধানমন্ত্ৰীয়ে কিয় তেওঁৰ নেতৃত্বত সৰ্বদলীয় বৈঠক আহ্বান কৰি বিৰোধীক সত্যৰ বিষয়ে অৱগত কৰিবলৈ অস্বীকাৰ কৰিছে? এই বিষয়ত সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ দাবী কিয় নাকচ কৰা হ’ল? প্ৰধানমন্ত্ৰী মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে দেশবাসীৰ পৰা কি লুকুৱাই ৰাখিছে?”

ইফালে এই বিতৰ্ক সন্দৰ্ভত ইণ্ডোনেছিয়াত থকা ভাৰতীয় দূতাবাসে স্পষ্টীকৰণ দাঙি ধৰিছে। এক্সত এক পোষ্ট যোগে দূতাবাসে কয়, “এগৰাকী প্ৰতিৰক্ষা বিষয়াই এখন আলোচনা চক্ৰত কৰা মন্তব্যৰ বিষয়ে সংবাদ মাধ্যমৰ বাতৰি আমি দেখিবলৈ পাইছো।” দূতাবাসে লগতে সেনা বিষয়াগৰাকীৰ মন্তব্যৰ উদ্দেশ্য আৰু তাৎপৰ্য ভুলকৈ উপস্থাপন কৰা হৈছে বুলিও উল্লেখ কৰে।

দূতাবাসে লগতে কয় কয় যে বিষয়াগৰাকীৰ মন্তব্যটোত উল্লেখ কৰা হৈছে যে আমাৰ চুবুৰীৰ আন কিছুমান দেশৰ দৰে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ৰাজনৈতিক নেতৃত্বৰ আদেশ মতে কাম কৰে। লগতে অপাৰেচন সেন্দূৰৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা আৰু ভাৰতৰ এই কাৰ্য উচটনিমূলক নাছিল বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰাৰ কথা দূতাবাসে কয়। তেওঁৰ এই মন্তব্য ভুলকৈ উপস্থাপন কৰা বুলি দূতাবাসে লগতে স্পষ্টীকৰণ দিয়ে।