শ্ৰমিকে কাম কৰি থকা অৱস্থাত কাৰখানাত বিস্ফোৰণ! মৃত্যু ৮ জনৰ, আহত প্ৰায় ২৬জন…
এক ভয়ংকৰ ঘটনা। এটা কাৰখানাত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত মৃত্যু হয় ৮জন শ্ৰমিকৰ, লগতে আহত হয় প্ৰায় ২৬ জন। এই ঘটনাই সমগ্ৰ অঞ্চলত আতংকৰ সৃষ্টি কৰিছে।

এক ভয়ংকৰ ঘটনা। ঔদ্যোগিক এলেকাত হোৱা বিস্ফোৰণৰ ফলত মৃত্যু হয় ৮ জন শ্ৰমিকৰ, লগতে আহত হয় প্ৰায় ২৬ জন। জানিব পৰা মতে, ছিগাচি কেমিকেল কাৰখানাত এক ভয়ংকৰ বিস্ফোৰণ হয়, তাৰ পাছতে জুইয়ে আগুৰি ধৰে চাৰিওফাল। কাৰখানাটোৰ ৰিয়েক্টৰত বিস্ফোৰণ ঘটি অলপ সময়ৰ ভিতৰতে জুইৰ শিখাই ভয়ংকৰ ৰূপ ধাৰণ কৰে। যাৰ ফলত শ্ৰমিকসকলৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে আহতসকলৰ অৱস্থা সংকটজনক। এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ সাংগাৰেডী জিলাৰ পাছা মেলাৰাম ঔদ্যোগিক এলেকাত।
বিস্ফোৰণৰ ইমানেই প্ৰবল আছিল যে. ইয়াৰ শব্দ কেইবা কিলোমিটাৰ দূৰলৈ বিয়পি পৰে। ইয়াৰ ফলত কাৰখানাৰ ওচৰে পাজৰে থকা অঞ্চলসমূহতো আতংক বিয়পি পৰে। বিস্ফোৰণৰ শব্দ আৰু জুই দেখি শ্ৰমিকসকলে প্ৰাণ ৰক্ষাৰ বাবে ইফালৰ পৰা সিফাললৈ দৌৰিবলৈ আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, বিস্ফোৰণৰ ফলত বহু শ্ৰমিক ১০০ মিটাৰ পৰ্যন্ত দূৰত চিটিকি পৰে।
আজি পুৱা ৯ মান বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা। ইয়াৰে ৮ জন শ্ৰমিকৰ মৃত্যু হৈছে যদিও বাকী বহুকেইজন আহত হৈছে। সেই সময়ত কাৰখানাত প্ৰায় ১৫০ জন লোক আছিল, দুৰ্ঘটনা সংঘটিত হোৱা ব্লকটোত আছিল ৯০ জন। ঘটনাৰ পাছতেই উক্ত ঘটনাস্থলীত চলে উদ্ধাৰ অভিযান।
VIDEO | Medak, Telangana: At least ten people dead after a fire broke out following a reactor explosion at Sigachi Chemical Industry in Pashamylaram.
(Full video available on PTI Videos – https://t.co/n147TvrpG7) pic.twitter.com/TgfWczjtoM
— Press Trust of India (@PTI_News) June 30, 2025
স্থানীয় লোকে লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।ইয়াৰোপৰি এম্বুলেন্স উপস্থিত হৈ আহতসকলক হাস্পাতাললৈ প্ৰেৰণ কৰে। আহতসকলৰ অৱস্থা অতি সংকটজনক। ইফালে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনাটোৰ পিছত কাৰখানাৰ ভৱনটো ভাঙি পৰে। গতিকে ধ্বংসাৱশেষত শ্ৰমিক আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, এই দুৰ্ঘটনাত ৫ জন শ্ৰমিক জীৱন্তে অগিদগ্ধ হৈ মৃত্যুক সাৱতি লয় যদি এতিয়ালৈ আনুষ্ঠানিক ঘোষণা হোৱা নাই। প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি কাৰখানা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ খালী কৰিবলৈ আৰম্ভ কৰিছে।
স্থানীয় লোকে জনাই যে, এই কোম্পানীয়ে ঔষধ নিৰ্মাণত ব্যৱহৃত পাউদাৰ প্ৰস্তুত কৰে। ইয়াত বিভিন্ন ৰাজ্যৰ ১০০ৰো অধিক শ্ৰমিকে কাম কৰে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে কাৰখানাৰ বাহিৰত শ্ৰমিকৰ আত্মীয়সকল উপস্থিত হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ ছলমান খানৰ সৈতে যোগাযোগত আছে নেকি আৰাধ্যা বচ্চন? জানক সত্য কি…