শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৃক্কত ক্ৰিয়েটিনিন বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

আজিকালি বৃক্কৰ লগত জড়িত সমস্যা বৃদ্ধি পাইছে। বৃক্ক বিকল হোৱাৰ বেছিভাগ ক্ষেত্ৰতে ক্ৰিয়েটিনিনৰ পৰিমাণ বৃদ্ধি হোৱা দেখা যায়। পিছে ক্ৰিয়েটিনিন বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে?

বৃক্কত ক্ৰিয়েটিনিন বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
প্ৰতীকী ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 30 Jun 2025 18:28 PM

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই আমাৰ শৰীৰৰ বহু কাম-কাজ সম্পন্ন কৰে। বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু বহু তৰল পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। ই এক ফিল্টাৰ হিচাপে কাম কৰে। বৃক্কৰ বাবে ৰক্তচাপ আৰু পি এইচ লেভেল নিয়ন্ত্ৰণত থাকে, লগতে ই হৰম’নৰ মাত্ৰাৰ ভাৰসাম্যতাও বজাই ৰাখে। কিছু বছৰৰ পৰা যুৱক-যুৱতীৰ মাজক বৃক্কৰ লগত জড়িত সমস্যা তীব্ৰগতিত বৃদ্ধি পাইছে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে বৃক্ক বিকল হোৱাৰ বেছিভাগ ক্ষেত্ৰতে ক্ৰিয়েটিনিনৰ পৰিমাণ বৃদ্ধি হোৱা দেখা যায়। কিন্তু যদি সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হয়,ভাল জীৱনশৈলী আৰু খাদ্য নিয়ন্ত্ৰণ কৰা হয় তেন্তে এই অৱস্থা নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই ক্ৰিয়েটিনিন কি আৰু ই কেনেকৈ কিডনীৰ ক্ষতি কৰে জানো আহক।

ক্ৰিয়েটিনিন কি

ছাৰ গংগা ৰাম হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ ডাঃ মনীষ তিৱাৰীয়ে কয় যে, ক্ৰিয়েটিনিন (Creatinine) হৈছে এক ৰাসায়নিক আৱৰ্জনা যি পেশীৰ স্বাভাৱিক কাৰ্যকলাপৰ সময়ত শৰীৰত উৎপন্ন হয়। ই তেজৰ যোগেদি বৃক্কলৈ যায় আৰু তাৰ পৰা ই প্ৰস্ৰাৱৰ যোগেদি শৰীৰৰ পৰা বাহিৰ হয়। কিন্তু যেতিয়া বৃক্কই সঠিকভাৱে কাম নকৰে তেতিয়া এই ক্ৰিয়েটিনিন শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ মাত্ৰা বৃদ্ধি পায়।

ক্ৰিয়েটিনিন বৃদ্ধিৰ লক্ষণ

  • ক্লান্তি আৰু দুৰ্বলতাঃ শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’লে ৰোগীয়ে সকলো সময়তে ভাগৰুৱা অনুভৱ কৰে।
  • ফুলা: শৰীৰত পানী জমা হোৱা আৰম্ভ হোৱাৰ বাবে বিশেষকৈ ভৰি, গোৰোহা আৰু মুখত ফুলিব পাৰে।
  • প্ৰস্ৰাৱৰ পৰিৱৰ্তন: কম প্ৰস্ৰাৱ, ফেনাযুক্ত প্ৰস্ৰাৱ, বা সঘনাই প্ৰস্ৰাৱ কৰা আদি হোৱাৰ সম্ভাৱনা থাকে।
  • ভোক নলগা আৰু বমি: শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱাৰ বাবে ভোক নালাগে।
  • উশাহ-নিশাহ লোৱাত কষ্ট: ক্ৰিয়েটিনিনৰ মাত্ৰা অতি বেছি হ’লে তেজত ইউৰিয়াও বৃদ্ধি পায়, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে।

পৰিত্ৰাণ

  • ডাঃ তিৱাৰীয়ে কয় যে ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে কম প্ৰটিনযুক্ত খাদ্য (চিকিৎসকৰ পৰামৰ্শ অনুসৰি) খাব লাগে।
  • নিমখ আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰক।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
  • মাজে সময়ে তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষা কৰাব লাগে।
  • লগতে বিষৰ ঔষধ বেছি দিন সেৱন নকৰিব।
  • ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক, ই বৃক্কত প্ৰভাৱ পেলায়।
  • এই লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ স্তনৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ জানেনে? জানক চিকিৎসকৰ পৰা…