গাড়ীৰে গৈ থকা অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণ! পুনৰ মণিপুৰত ৪ জনৰ মৃত্যু…
পুনৰ মণিপুৰৰ পৰা পোহৰলৈ আহিছে হিংসাত্মক ঘটনা। গাড়ীৰে গৈ থকা অৱস্থাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৪ জন লোকক। এই লোককেইজনৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই।

পুনৰ মণিপুৰত হিংসাত্মক ঘটনা। সোমবাৰ(৩০ জুন)য়ে ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত অজ্ঞাত বন্দুকধাৰীয়ে চাৰিজন লোকক গুলীয়াই হত্যা কৰে। আৰক্ষীৰ তথ্য অনুসৰি, চুৰাচান্দপুৰ জিলাৰ মংজাং গাঁৱৰ সমীপত আজি দুপৰীয়া প্ৰায় ২ মান বজাত এই ঘটনা সংঘটিত হয়। মৃতসকলৰ ভিতৰত এগৰাকী ৬০ বছৰীয়া বৃদ্ধাও আছে। জানিব পৰা মতে, ভুক্তভোগী কেইজন গাড়ীৰে গৈ থকা অৱস্থাত আগৰ পৰাই ৰৈ থকা বন্দুকধাৰী দুৰ্বৃত্তই তেওঁলোকক হত্যা কৰে। এই ঘটনাৰ ফলত আটাইকেইজনৰ থিতাতে মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনা সংঘটিত হোৱা গাঁওখন চুৰাচান্দপুৰ চহৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ আঁতৰত অৱস্থিত। চুৰাচান্দপুৰ জিলা সদৰৰ এজন বিষয়াই জনোৱা মতে, চাৰিওজন লোককে ওচৰৰ পৰা গুলীয়াই হত্যা কৰা যেন অনুমান হয়। মৃত কেইজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। তেওঁলোকৰ চিনাক্তকৰণৰ কাম চলি আছে। আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰিছে যে মৃত লোকসকল কোন আছিল, ক’ৰ পৰা আহিছিল, ক’লৈ গৈছিল।
বৰ্তমান সময়লৈকে এই ঘটনাৰ দায়িত্ব কোনো সংগঠনে গ্ৰহণ কৰা নাই। ঘটনাৰ পাছত সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী আৰু নিৰাপত্তাৰক্ষী উক্তস্থানত উপস্থিত হৈ মৃতদেহসমূহ উদ্ধাৰ কৰে। তদন্তৰ সময়ত সেই স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে ১২টাতকৈও অধিক খালী কাৰ্টিজ। নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাইছে অঞ্চলটোত।
উল্লেখ্য যে, ২০২৩ চনত মণিপুৰত আৰম্ভ হৈছিল গোষ্ঠীগত সংঘৰ্ষ। তেতিয়াৰ পৰা এই সংঘৰ্ষ বৰ্তমান পৰ্যন্ত চলি আছে। মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা এই সংঘৰ্ষত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। তাৰ মাজতে কিছুমাহ পূৰ্বে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। কিন্তু তাৰ পাছতো ৰাজ্যখনৰ পৰা বিভিন্ন সময়ত বহু হিংসাত্মক ঘটনা পোহৰলৈ আহিছে।
পূৰ্বতকৈ পৰিস্থিতি কিছু শাম কাটিছে যদিও এই আক্ৰমণে ৰাজ্যৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। এই আক্ৰমণৰ পিছত প্ৰশাসনে ৰাইজক শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ওচৰৰ চিচিটিভি ফুটেজ স্কেন কৰি আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ওচৰ চুবুৰীয়াৰ সৈতে কথা পাতি ঘটনাৰ সবিশেষ জনাৰ চেষ্টা কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত কৰি আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ ভাৰতৰ বিৰুদ্ধে চীন-পাকিস্তানৰ ভয়ংকৰ ষড়যন্ত্ৰ! দক্ষিণ এছিয়াত নতুন সংস্থা গঠনৰ যো-জা…