মোদীৰ মুখত BTR ৰ প্ৰসংগৰ পৰা জয়ন্ত মল্লবৰুৱাৰ ভুল স্বীকাৰলৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰমসমূহ…
আগন্তুক কেইমাহমানৰ ভিতৰত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগতে ৰাজ্যখনে এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে।
১)মন কী বাতত অসমৰ বিটিআৰৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ কয় যে, এটা সময়ত সংঘাতৰ বাবে পৰিচিত আছিল বিটিআৰ । কিন্তু বৰ্তমান বড়োলেণ্ড সমগ্ৰ দেশত ফুটবলৰ বাবে পৰিচিত। এই অনুষ্ঠানত মোদীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কথাও উল্লেখ কৰে।
২)অৱশেষত সাংবাদিকক উদ্দেশ্যি কৰা মন্তব্যৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তলৰ শ্ৰেণীৰ মানুহৰ সৈতে কথা নপতা জয়ন্ত মল্লবৰুৱাই স্বীকাৰ কৰিলে নিজৰ ভুল।
৩)মন কী বাত অনুষ্ঠানত অংশ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ধাৰাপুৰৰ ৰাইজৰ সৈতে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি শৰ্মাই।
৪) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। ৰাজ্যত দুগ্ধ উৎপাদনৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰে গগৈ । দুগ্ধ উন্নয়ন নিগমত অনিয়ম সন্দৰ্ভত সবিশেষ বৰ্ণনা কৰি উচিত তদন্ত দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে । ২৮ তাৰিখে পত্ৰ প্ৰেৰণ কৰে গগৈয়ে।
৫)আগন্তুক কেইমাহমানৰ ভিতৰত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগতে ৰাজ্যখনে এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে।