E-Voting Guidelines: এতিয়া ঘৰৰ পৰাই দিব পাৰিব ভোট! ইতিহাস ৰচিলে বিহাৰে
Online Voting System: বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ পাকৰিদয়ালৰ বাসিন্দা বিভা কুমাৰী মোবাইল যোগে ভোটদান কৰা দেশৰ প্ৰথমজন নাগৰিক।
চুবুৰীয়া ৰাজ্য বিহাৰে ইতিহাসৰ সৃষ্টি কৰিছে। শনিবাৰে বিহাৰৰ স্থানীয় পঞ্চায়ত নিৰ্বাচনত প্ৰথমটো মোবাইল ফোন ভিত্তিক ই ভোটিং অনুষ্ঠিত হয়। ভোটদানৰ হাৰও যথেষ্ট ভাল আছিল। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত দীপক প্ৰসাদে কয় যে, ই-ভোটিং ব্যৱস্থাৰ জৰিয়তে ৭০.২০ শতাংশ ভোটাৰে ভোটদান কৰিছে।
বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ পাকৰি দয়ালৰ বাসিন্দা বিভা কুমাৰীয়ে মোবাইলযোগে ভোটদান কৰা দেশৰ প্ৰথমগৰাকী নাগৰিক হিচাপে পৰিগণিত হৈছে। নিৰ্বাচন আয়োগে কয় যে এই ব্যৱস্থা কেৱল ভোটাৰৰ সুবিধাৰ বাবেই নহয় ভোটৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবেও এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অৱশ্যে এই ই-ভোটিং ব্যৱস্থাৰ সুবিধা সকলোৱে নাপাব। কেৱল বৃদ্ধ, গৰ্ভৱতী মহিলা বা বিশেষভাৱে সক্ষমসকলেহে ঘৰৰ পৰা অনলাইন ভোটদান কৰিব পাৰিব। এই পদ্ধতিৰে ভোটদান কৰিবলৈ প্ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব। বিহাৰৰ মুঠ ৬খন নগৰ পঞ্চায়ত আৰু পৌৰসভাৰ উপ-নিৰ্বাচনৰ বাবে অনলাইন ভোটদানৰ ব্যৱস্থা কৰা হৈছিল। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুঠ ভোটাৰৰ হাৰ ৬২.৪১ শতাংশ। অহা ৩০ জুনত ঘোষণা কৰা হ’ব ভোটদানৰ ফলাফল।