কিয় ডাঙৰ হৈ যায় পুৰুষৰ স্তন? ইয়াৰ আঁৰৰ কাৰণ, নিয়ন্ত্ৰণৰ উপায় জানক…
এই প্ৰতিবেদনত আলোচনা কৰিম যে কিছুমান পুৰুষৰ স্তন বৃদ্ধিৰ সমস্যা কিয় হয়? এয়া একেবাৰেই স্বাভাৱিক নহয়। কিয় এই সমস্যাৰ সৃষ্টি হয়? ইয়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি? ই কোনো ডাঙৰ বিপদৰ লক্ষণ হয় নে নহয়, কেনেকৈ জানিব?
পুৰুষৰ স্তন অৰ্থাৎ পুৰুষৰ বুকুৰ আকাৰ আৰু আকৃতি মহিলাৰ লগত বহুত মিল আছে। ইয়াৰ বাবেই বহু পুৰুষে প্ৰায়ে বন্ধু-বান্ধৱীৰ পৰা বিভিন্ন ধেমালি আৰু কৌতুকৰ বিষয়বস্তু হ’বলগীয়া হয়। যিটো কেতিয়াবা কিছুমানৰ বাবে মানসিক বিষণ্ণতাৰ কাৰণ হৈ পৰে। সেয়া আন এক কাহিনী। এই প্ৰতিবেদনত আলোচনা কৰিম যে কিছুমান পুৰুষৰ স্তন বৃদ্ধিৰ সমস্যা কিয় হয়? এয়া একেবাৰেই স্বাভাৱিক নহয়। কিয় এই সমস্যাৰ সৃষ্টি হয়? ইয়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি? ই কোনো ডাঙৰ বিপদৰ লক্ষণ হয় নে নহয়, কেনেকৈ জানিব?
চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক গাইনেকোমাষ্টিয়া বুলি কোৱা হয়। এই সমস্যাৰ আঁৰত কেৱল এটা নহয়, একাধিক কাৰণ থাকিব পাৰে। উদাহৰণস্বৰূপে, শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে, কিছুমান ঔষধ সেৱনৰ বাবে, যৌৱনকালত বা শিশুৰ ক্ষেত্ৰত যদি মাতৃৰ শৰীৰত ইষ্ট্ৰ’জেন কম হয় তেন্তে এই সমস্যা হ’ব পাৰে। চিকিৎসকে কয়, “পুৰুষৰ শৰীৰত কোনো কাৰণত ইষ্ট্ৰ’জেনৰ পৰিমাণ কমি গ’লে আৰু টেষ্টষ্টেৰনৰ পৰিমাণ বৃদ্ধি হ’লে এই সমস্যা হ’ব পাৰে।”

বিজেপিৰ চিন্তন বৈঠকৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

সলনি হৈছে ৰে'লৱেৰ নিয়ম, জানক কিদৰে কৰিব তৎকাল টিকট বুকিং

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ! ন্যায়ালয়ে ক'লে

বিয়াৰ পাছত আপোনাৰো বৃদ্ধি পাইছে নেকি ওজন? জানক সবিশেষ...
