শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
IDBI Bank: বিক্ৰী হ’বলৈ গৈ আছে দেশৰ আন এটা বৃহৎ বেংক...!

IDBI Bank: বিক্ৰী হ’বলৈ গৈ আছে দেশৰ আন এটা বৃহৎ বেংক…!

Manas Borah
Manas Borah | Published: 29 Jun 2025 18:27 PM

চৰকাৰী সূত্ৰ অনুসৰি, IDBI বেংক বিক্ৰী হ’বলৈ গৈ আছে। ইয়াৰ অংশীদাৰিত্ব বিক্ৰী কৰা হ’ব। ইতিমধ্যে ইন্টাৰ-মিনিষ্টেৰিয়েল গোটে শ্বেয়াৰ বিক্ৰী আৰু ক্ৰয় চুক্তিৰ বাবে ক্লিয়াৰেন্স দিছে।

বিক্ৰী হ’বলৈ গৈ আছে দেশৰ আন এটা বেংক! সলনি হ’ব মালিকীস্বত্ব। জানিব পৰা মতে, IDBI বেংকৰ কৌশলগত ডিচইনভেষ্টমেণ্ট প্ৰক্ৰিয়াৰ চূড়ান্ত পৰ্যায় আৰম্ভ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই খবৰ। ইয়াৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে, যদি বিক্ৰী হয় এই বেংকৰ লাখ লাখ গ্ৰাহকৰ কি হ’ব ?

চৰকাৰী সূত্ৰ অনুসৰি, IDBI বেংক বিক্ৰী হ’বলৈ গৈ আছে। ইয়াৰ অংশীদাৰিত্ব বিক্ৰী কৰা হ’ব। ইতিমধ্যে ইন্টাৰ-মিনিষ্টেৰিয়েল গোটে শ্বেয়াৰ বিক্ৰী আৰু ক্ৰয় চুক্তিৰ বাবে ক্লিয়াৰেন্স দিছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নিলাম বা নিলাম প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে।

মনি কণ্ট্ৰ’লৰ এক প্ৰতিবেদন অনুসৰি, IDBI বেংক ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ডুবাইৰ এমিৰেটছ এনবিডি বেংকে (Emirates NBD)।