Drone attack in jammu: ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ ড্ৰ’ন, মিছাইল আৰু JF-17S বিমান…
Drone attack in jammu: পাকিস্তানে জম্ম, ৰাজস্থান আৰু পঞ্জাৱত ড্ৰ'ন আৰু মিছাইল আক্ৰমণ কৰাৰ চেষ্টা কৰে। কিন্তু ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলো ধ্বংস কৰি পেলায়।

বৃহস্পতিবাৰে নিশা (৮ মে’) পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি পুনৰ বিফল হয়। জম্মুত ভাৰতে দুখন পাকিস্তানী জে এফ ১৭ বিমান ধ্বংস কৰে। ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ পাছত পাকিস্তানে জে এফ-১৭এছেৰে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে সকলোকে প্ৰচেষ্টা ধ্বংস কৰি পেলায়।
উল্লেখ্য যে, ৮ মে’ৰ নিশা পাকিস্তানে হঠাতে ভাৰতক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে জম্মুৰ বহু অঞ্চলত ড্ৰ’ন আৰু মিছাইল আক্ৰমণ সংঘটিত হৈছিল যদিও ভাৰতে জম্মুত ৮টা পাকিস্তানী ক্ষেপণাস্ত্ৰ ধ্বংস কৰে।S-400 সুদৰ্শন চক্ৰই পাকিস্তানৰ সকলো ড্ৰোন ধ্বংস কৰে। ভাৰতীয় বায়ু প্ৰতিৰক্ষাই পাকিস্তানৰ সকলো আক্ৰমণ বিফল কৰি তোলে।
পাকিস্তানৰ আক্ৰমণৰ পাছতে জম্মুত এয়াৰ ছাইৰেল বজোৱা হয় আৰু সমগ্ৰ অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰা হয়। ইয়াৰোপৰি সমগ্ৰ অঞ্চলটোৰ জনতাৰ বাবে সতৰ্কবাণী জাৰি কৰে। জম্মু-কাশ্মীৰৰ পিছত পাকিস্তানে ৰাজস্থান আৰু পঞ্জাৱক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও তাতো বিফলতাৰ সন্মুখীন হবলগীয়া হয়। কিন্তু ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ সকলো ড্ৰোন আৰু মিছাইল ধ্বংস কৰে।
অন্য খবৰ পঢ়কঃ Drone attack in Jammu: পুনৰ বিফল পাকিস্তানৰ চেষ্টা! জম্মুত ভাৰতে ধ্বংস কৰিলে ৮টা মিছাইল
অন্য খবৰ পঢ়কঃ Drone attack in jammu: জম্মুত ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, কাশ্মীৰত গুলীচালনা…