Drone attack in Jammu: পুনৰ বিফল পাকিস্তানৰ চেষ্টা! জম্মুত ভাৰতে ধ্বংস কৰিলে ৮টা মিছাইল
Drone attack in Jammu: জম্মুৰ পৰা পোহৰলৈ আহিছে ড্ৰ'ন আক্ৰমণৰ ঘটনা। খবৰ অনুসৰি পাকিস্তানে কৰা ড্ৰ'ন আৰু মিছাইল আক্ৰমণ ধ্বংস কৰে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতো সঠিক পথলৈ অহা নাই পাকিস্তান। বুধবাৰে নিশা পাকিস্তানে ভাৰতত ১৫ টা ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰিছিলি যি ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰি দিছিল। ইয়াৰ পাছতে বৃহস্পতিবাৰে পাকিস্তানে আকৌ এবাৰ এনে মৰসাহ কৰে। পাকিস্তানে পুনৰ মিছাইল আৰু ড্ৰ’নেৰে ভাৰতক আক্ৰমণ কৰাৰ চেষ্টা কৰি বিফল হয়। তথ্য অনুসৰি জম্মুৰ এয়াৰ ডিফেন্স চিষ্টেমে পাকিস্তানৰ মিছাইল আৰু ড্ৰ’ন ধ্বংস কৰি পেলায়। ইয়াৰ পাছতে জম্মুত ব্লেকআউট জাৰি কৰা হয়।
ভাৰতীয় সেনাই উধামপুৰ, জম্মু, আখনূৰ, পাঠানকোট আৰু কাঠুৱাত পাকিস্তানী ড্ৰ’ন আৰু মিছাইল ধ্বংস কৰে। ইয়াৰ সমান্তৰালকৈ অমৃতসৰতো ব্লেকআউট জাৰি কৰি নাগৰিকসকলক ঘৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ পূৰ্বে বুধবাৰে নিশা পাকিস্তানে ভাৰতীয় সামৰিক ঘাটিত বৃহৎ আক্ৰমণৰ চেষ্টা চলাই বিফল হৈছিল। ৭ আৰু ৮ মে’ৰ নিশা পাকিস্তানে উত্তৰ আৰু পশ্চিম ভাৰতত অৱস্থিত কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক ঘাটি ড্ৰ’ন আৰু মিছাইলেৰে আক্ৰমণৰ চেষ্টা কৰিছিল। আজি পুৱা মিছাইলৰ ধ্বংসাৱশেষ সেই অঞ্চলৰ পৰা উদ্ধাৰ হৈছিল।
প্ৰতিৰক্ষা সূত্ৰৰ মতে, পাকিস্তানে জম্মু-কাশ্মীৰৰ আৱন্তীপোৰা আৰু শ্ৰীনগৰৰ পৰা গুজৰাটৰ ভুজলৈকে বিস্তৃত ভাৰতীয় সামৰিক ঘাটিসমূহত একেলগে আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইয়াৰোপৰি পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাটিন্দা, চণ্ডীগড়, নল, ফালোদী আৰু উত্তৰলাই আদি স্থানক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰিছিল। কিন্তু ভাৰতীয় সেনাই ইন্টিগ্ৰেটেড কাউণ্টাৰ ইউ এছ গ্ৰীড আৰু এডভান্সড এয়াৰ ডিফেন্স চিষ্টেমৰ জৰিয়তে সকলো ড্ৰ’ন আৰু মিছাইল ধ্বংস কৰিছিল। পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা ভগ্নাৱশেষে ইয়াৰ প্ৰমাণ দিছিল।
উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। সমান্তৰালকৈ পাকিস্তানে যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি অহৰহ LOC ত গুলীচালনা কৰি আহিছে। ইয়াৰ মাজতে ৬-৭ মে’ৰ নিশা ভাৰতে চলাই অপাৰেশ্যন সেন্দূৰ। এই অভিযানৰ অধীনত ভাৰতে পাকিস্তানত থকা ৯টাকৈ সন্ত্ৰাসদাবীৰ ঘাটি ধ্বংস কৰে।
ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে গুলীচালনা তীব্ৰতৰ কৰাৰ লগতে ৭-৮ মে’ৰ মাজনিশা মিছাইল আক্ৰমণ চলায়। পাকিস্তানৰ এনে সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই ভাৰতে পাকিস্তানৰ আজি ড্ৰন আক্ৰমণ সংঘটিত কৰে। উল্লেখ্য যে, পাকিস্তানৰ গুলীচালনাত বৰ্তমানলৈ ১৬ জন ভাৰতীয় নাগৰিক নিহত হৈছে। এই আক্ৰমণ-প্ৰত্যাক্ৰমৰ মাজতে পাকিস্তানে বৃহস্পতিবাৰ (৮মে)সন্ধিয়া জম্মুত ড্ৰন আক্ৰমণ চলাই যি সম্পূৰ্ণ ৰূপে বিফল হয়। এই ঘটনাৰ সবিশেষ খবৰ পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ Drone attack in jammu: জম্মুত ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, কাশ্মীৰত গুলীচালনা…
অন্য খবৰ পঢ়কঃ পাকিস্তানী সেনাক উপলুঙা! কাৰণ নোহোৱাকৈ ইছলামাবাদত নাগৰিকে বজালে যুদ্ধৰ ছাইৰেন…