শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানী সেনাক উপলুঙা! কাৰণ নোহোৱাকৈ ইছলামাবাদত নাগৰিকে বজালে যুদ্ধৰ ছাইৰেন…

ভাৰত-পাকিস্তানৰ মাজত চাঞ্চল্য অব্যাহত থকাৰ মাজতে যুদ্ধৰ ছাইৰেন বজাইছে পাকিস্তানী নাগৰিকে। আনকি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগৰিকৰ এনে কাৰ্যই হাৰাশাস্তি কৰিছে পাকিস্তানী সেনা আৰু আৰক্ষীক।

পাকিস্তানী সেনাক উপলুঙা! কাৰণ নোহোৱাকৈ ইছলামাবাদত নাগৰিকে বজালে যুদ্ধৰ ছাইৰেন…
ছাইৰেনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 08 May 2025 20:36 PM

ভাৰতৰ অপাৰেশ্যন সেন্দূৰে পাকিস্তানৰ আচল স্বৰূপ সমগ্ৰ বিশ্বৰ আগত উদঙাই দিছে। সমগ্ৰ দেশত ইয়াক লৈ উত্তেজনা অব্যাহত থকাৰ মাজতে এতিয়া ইছলামবাদৰ ৰাজপথত জনতাৰ মাজত ক্ষোভ দেখা গৈছে। তথ্য অনুসৰি পাকিস্তানীসকলে নিজে যুদ্ধৰ ছাইৰেন বজাই পাকিস্তানী সেনাক উপলুঙা কৰিছে। পৰিস্থিতি এনে হৈ পৰিছে যে সাধাৰণ জনতা সেনা আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। যাৰ বাবে মানুহে নিজে নিজে যুদ্ধৰ ছাইৰেন বজাইছে। এনে কাৰ্যৰ পাছতে ডিচিয়ে এক্সত পোষ্ট কৰি কয় যে, এতিয়া যদি এই কাম কৰি কোনোৱে ধৰা পৰে তেন্তে উচিত শাস্তি বিহা হ’ব।

এয়াই নহয়, পাকিস্তানৰ অধিকাংশ জনতাৰ মাজত এতিয়া ক্ষোভে বিৰাজ কৰিছে। বিশেষকৈ ভাৰতৰ আক্ৰমণৰ পাছতে পাকিস্তানী জনতাই প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় আৰক্ষী আৰু সেনাক হাৰাশাস্তি কৰিছে। গতিকে এনে পৰিস্থিতিৰ ওপৰত পাকিস্তানৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাকিস্তানৰ প্ৰশাসনে জনতাক ছাইৰেন নবজাবলৈ আৰু উৰাবাতৰিৰ পৰা আঁতৰত থাকিবলৈ পৰামৰ্শ দিছে। লগতে কৈছে যে জৰুৰীকালীন সমস্যাৰ সৃষ্টি হলে প্ৰশাসনে সামাজিক বা বৈদ্যুতিক মাধ্যমত ঘোষণা কৰিব।

ইয়াৰ মাজতে অৱসৰপ্ৰাপ্ত পাকিস্তানী সেনা মেজৰ আদিল ৰাজে সেনা প্ৰধান অসীম মুনিৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, মুনীৰ এজন মনোৰোগী আৰু ব্যৰ্থ সেনা বিষয়া। তেওঁ কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ নিৰ্দেশ মুনিৰে দিছিল। যাৰ বাবে ধৈৰ্য হেৰুৱাই ভাৰতে অপাৰেশ্যন সেন্দূৰ চলায়। তেওঁ মুনিৰক দায়িত্বৰ পৰা আঁতৰাই আদালতত হাজিৰ কৰিবলৈ দাবী জনায়।

ৰাজাই লগতে কয় যে , পাকিস্তানী শাসকসকলে ছ’চিয়েল মিডিয়াত ট্ৰ’ল ফেক্টৰী আৰু বিশেষ চফটৱেৰ ব্যৱহাৰ কৰি এনে কাৰ্যৰ বিৰোধিতা কৰিব বিচৰাসকলৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে, পিটিআই সমৰ্থন শিবিৰৰ একাংশ দেশদ্ৰোহী আৰু তেওঁলোকে জনতাক বিপথে পৰিচালিত কৰি আহিছে। পাকিস্তানত গণতন্ত্ৰৰ কন্ঠও যে বিপদত আছে সেয়া স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে, অপাৰেশ্যন সেন্দূৰৰ পাছতে পাকিস্তানে ভাৰতক উদ্দেশ্যি কেইবাটাও মিছাইল নিক্ষেপ কৰে যদিও ভাৰতৰ বায়ু  প্ৰতিৰক্ষা ব্যৱস্থাই এইসমূহ ধ্বংস কৰে। ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে বৃহস্পতিবাৰে পুৱা ভাৰতে পাকিস্তানত প্ৰায় ২১ টা ড্ৰ’নেৰে আক্ৰমণ কৰে। কেৱল ইমানেই নহয় বিগত সময়চোৱাত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ ভাৰতত নিষিদ্ধ কৰা হয় পাকিস্তানী গীত, ৱেব ছিৰিজ, পডকাষ্ট আদি। গতিকে ভাৰত-পাকিস্তানৰ মাজৰ এই সংঘাত কি পৰ্যায়লৈ যায় সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ ভাৰতত নিষিদ্ধ পাকিস্তানত নিৰ্মিত ৱেব ছিৰিজ, গীত,প’ডকাষ্ট আদি সকলো…