শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bihar Election Results 2025 LIVE:পুৱা ৮ বজাৰ লগে লগে আৰম্ভ বিহাৰৰ ভোট নিৰ্বাচনৰ গণনা…

Bihar Assembly Election Results 2025 LIVE Counting and Updates in Assamese: আজি ১৪ নৱেম্বৰত ঘোষণা হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া। গতিকে বিহাৰৰ বাঘজৰী কাৰ হাতলৈ যায় তাৰ ওপৰত চকু সকলোৰে।

barasha-sarma
Barasha Sarma | Updated On: 14 Nov 2025 09:05 AM
Bihar Election Results 2025 LIVE:পুৱা ৮ বজাৰ লগে লগে আৰম্ভ বিহাৰৰ ভোট নিৰ্বাচনৰ গণনা…
বিহাৰ নিৰ্বাচনৰ ফলাফল

LIVE NEWS & UPDATES

  • 14 Nov 2025 09:05 AM (IST)

    আৰম্ভ EVM ৰ ভোট গণনা প্ৰক্ৰিয়া…

    আৰম্ভ ই ভি এমৰ ভোট গণনা প্ৰক্ৰিয়া। ই ভি এম খোলাৰ লগে লগে কংগ্ৰেছ আৰু আৰজেডিয়ে বিশেষ অগ্ৰগতি লাভ কৰে। কংগ্ৰেছে ১৫ খন আৰু আৰ জে ডিয়ে ৬৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে, এতিয়ালৈকে এন ডি এ ১২০ খন আৰু মহাজোঁটে ৯৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে। প্ৰতি মিনিটৰ মূৰে মূৰে সলনি হৈছে দৃশ্যপট।

  • 14 Nov 2025 08:50 AM (IST)

    BJP-RJD ৰ মাজত তীব্ৰ যুঁজ…

    বৰ্তমানলৈ এন ডি এ ৭০খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে মহাজোঁটে ৪৩ খন আসনত আগবাঢ়ি আছে। কিন্তু বিজেপি আৰু আৰ জে ডিৰ মাজত তীব্ৰ যুঁজ দেখা গৈছে। দুয়োটা দলে ৩৫ খনকৈ আসনত আগবাঢ়ি আছে। আনহাতে চিৰাগ পাছৱানৰ এলজেপি আৰু কংগ্ৰেছৰ অৱস্থা বেয়া। দুয়োটা দলে প্ৰায় ৩ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে।

  • 14 Nov 2025 08:38 AM (IST)

    কাৰ কিমান অগ্ৰগতি…

    বৰ্তমান চলি আছে ভোট গণনা প্ৰক্ৰিয়া। ৮১খন আসনৰ কথা ক’বলৈ হ’লে বিজেপি আৰু আৰজেডিৰ মাজত যুঁজ দেখা গৈছে। বিজেপিয়ে ২৪খন আসনত,আৰজেডিয়ে ২৫খন আসনত আগবাঢ়ি আছে। ইফালে জেডিইউ ২৪খন আসনত,কংগ্ৰেছ ৩খন আসনত অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে, এতিয়ালৈকে এনডিএ ৫৩খন আসনত আৰু মহাজোঁটে ৩১খন আসনত আগবাঢ়ি আছে।

  • 14 Nov 2025 08:24 AM (IST)

    NDA ৰ ২৩ খন আসনত অগ্ৰগতি…

    NDA ৰ ২৩খন আসনত অগ্ৰগতি। আনহাতে গ্ৰেণ্ড এলায়েন্স ১৫খন আসনত আগবাঢ়ি আছে।দল অনুসৰি বিজেপিয়ে ১২খন আসনত, জেডিইউয়ে ৮খন, এলজেপিয়ে ১খন, এইচএএমই ১খন, আৰজেডিয়ে ১০খন, কংগ্ৰেছে ২খন, আৰু ভিআইপিয়ে ১খন আসনত আগবাঢ়ি আছে।

  • 14 Nov 2025 08:15 AM (IST)

    কি ক’লে RJD য়ে…

    ভোট গণনাৰ পূৰ্বে আৰজেডিয়ে ঘোষণা কৰে যে অহা ১৮ নৱেম্বৰত তেজস্বী যাদৱে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। নীতিশ কুমাৰ আৰু এন ডি এৰ পৰাজয় নিশ্চিত। উল্লেখ্য যে, বৰ্তমান চলি আছে বিহাৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। সন্ধিয়ালৈ আহিব পাৰে চূড়ান্ত ফলাফল।

  • 14 Nov 2025 08:06 AM (IST)

    আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া…

    পুৱা ৮ বজাৰ লগে লগে বিহাৰত আৰম্ভ হয় ভোট গণনা প্ৰক্ৰিয়া। প্ৰথমে পোষ্টেল ভোট গণনা কৰা হ’ব। উল্লেখ্য যে, বিহাৰত মুখ ২৪৩ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। সংখ্যাগৰিষ্ঠতাৰ নম্বৰ হৈছে ১২২।

  • 14 Nov 2025 07:51 AM (IST)

    পুৱা ৮ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া…

    পুৱা ৮:০০ বজাৰ পৰা আৰম্ভ হ’ব ডাক বেলট গণনা।  ডাক বেলটৰ পিছতহে ইভিএম/ভিভিপিএটি গণনা সম্পূৰ্ণ হ’ব।পুৱা ৮:৩০ বজাৰ পৰা আৰম্ভ হ’ব ইভিএম গণনা। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য। গতিকে বাঘা বাঘা নেতাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ মাজত মাত্ৰ কেইটামান ক্ষণ।

মাজত মাত্ৰ কেইটামান ঘন্টা। আজি ঘোষণা হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। যোৱা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিহাৰ নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া। যাৰ পাছত আজি ফলাফল ঘোষণা হ’ব। বিহাৰৰ ফলাফলৰ ওপৰত নজৰ আছে সমগ্ৰ দেশৰ। উল্লেখ্য যে,ভোট গ্ৰহণৰ ক্ষেত্ৰত এইবাৰ বিহাৰে নিজৰ মাজতে অভিলেখ ৰচিছে। ১৯৫১ চনৰ পিছত ৰাজ্যখনত ভোটাৰৰ ভোটদানৰ হাৰ সৰ্বাধিক, ৬৭.১৩%।

তথ্য অনুসৰি, এই ভোট গণনা প্ৰক্ৰিয়া আজি পুৱা ৮ বজাৰ পৰা ৩৮ জিলাৰ ৪৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব। ২৪৩খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। গতিকে বিহাৰৰ বাঘজৰী কাৰ হাতলৈ যায় তাৰ ওপৰত এতিয়া চকু সকলোৰে। উল্লেখ্য যে, কেইবাটাও সংস্থাৰ এক্সিট পোল অনুসৰি এইবাৰ বিহাৰত পুনৰ এবাৰ নীতিক কুমাৰৰ চৰকাৰ হ’ব। অৱশ্যে স্পষ্ট ফলাফল কিছু সময় পাছত ওলাই পৰিব।

Published On - Nov 14,2025 7:44 AM