শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এয়া কোনো ৰহস্য নহয়…পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে থকা সংযোগ সন্দৰ্ভত বিলাৱল ভুট্টোৰ মন্তব্য…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে। ইয়াৰ মাজতে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টোৱে পাকিস্তানৰ সন্ত্ৰাসবাদৰ সৈতে থকা লিংকৰ কথা কয়।

এয়া কোনো ৰহস্য নহয়…পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে থকা সংযোগ সন্দৰ্ভত বিলাৱল ভুট্টোৰ মন্তব্য…
Bilawal BhuttoImage Credit source: PTI
barasha-sarma
Barasha Sarma | Updated On: 02 May 2025 14:58 PM

পাকিস্তানত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া হয়- দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্যক সমৰ্থন জনাইছে প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টোৱে। তেওঁ কয় যে, এই বিষয়ত পাকিস্তানৰ নিজা অতীত আছে। পাকিস্তানত আশ্ৰয় লোৱা, লালন-পালন হোৱা সন্ত্ৰাসবাদীয়ে মোৰ মাক হত্যা কৰিছিল। মই নিজেও এই সন্ত্ৰাসবাদৰ বলি হৈছো।

স্কাই নিউজৰ সৈতে হোৱা কথা-বতৰাত বিলাৱাল ভুট্টোৱে কয়- পাকিস্তানৰ এক অতীত আছে আৰু এয়া এক ৰহস্য বুলি মই নাভাবো। আমি ইয়াৰ বাবে যথেষ্ঠ হেৰুৱাবলগীয়া হৈছে। উগ্ৰবাদৰ ঢৌৰ মাজেৰে পাৰ হৈ আমি শিক্ষা লাভ কৰিছো আৰু আভ্যন্তৰীণ সংস্কাৰ কৰিছো। এই সকলোবোৰ এতিয়া ইতিহাস, আৰু আমি ইয়াৰ লগত জড়িত নহয়।

বিলাৱালে সন্ত্ৰাসবাদৰ সৈতে নিজৰ অতীতক স্বীকাৰ কৰি কয় যে, পাকিস্তানৰ এক অতীত আছে, যাৰ বাবে দেশখন বহু ক্ষতিগ্ৰস্ত হৈছে। উল্লেখ্য যে, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফেও স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সন্ত্ৰাসবাদৰ কথা স্বীকাৰ কৰাৰ পাছতে ভুট্টোৱে এই মন্তব্য কৰে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছিল য়ে, পাকিস্তানে দশক দশক ধৰি সন্ত্ৰাসবাদী সংগঠনসমূহক সমৰ্থন আৰু ধন আগবঢ়াই আহিছে।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কি কৈছিল

প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কৈছিল যে, আমি তিনি দশক ধৰি আমেৰিকা আৰু পশ্চিমীয়া দেশৰ বাবে বেয়া কাম কৰি আহিছো। এয়া এক ডাঙৰ ভুল আৰু যাৰ শাস্তি আমি লাভ কৰিছো । ইয়াৰ পাছতে বৃহস্পতিবাৰে মিৰপুৰখাছত এক সমাৱেশত ভাষণ দি ভুট্টোৱে কয় যে, পাকিস্তানে শান্তি বিচাৰে, কিন্তু ভাৰতে উচতনি দিলে যুদ্ধৰ বাবে সাজু। আমি যুদ্ধ নিবিচাৰো কিন্তু কোনোবাই যদি আক্ৰমণ কৰে তেন্তে আমি উচিত প্ৰত্যুত্তৰ দিম। পাকিস্তানী নেতাসকলৰ এনে বক্তব্যই দেশখনৰ দ্বৈত নীতি আৰু সন্ত্ৰাসবাদৰ প্ৰতি থকা মনোভাৱক এক প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ২৬ জন লোকে লগতে আহত হৈছিল বহুতে। এই ঘটনাত পাকিস্তানৰ পৰা পৰিচালিত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ নাম পোহৰলৈ আহিছিল। তাৰ পাছতে ভাৰতে কূটনৈতিক দিশত পাকিস্তানৰ বিৰুদ্ধে বহু ব্যৱস্থা গ্ৰহণ কৰিছে।

বিশেষকৈ ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছতে বিপদত পৰিছে পাকিস্তান। যাৰ বাবে এজনৰ পাছত আনজন নেতাই ভাৰতক বিভিন্ন ধৰণৰ ভাবুকি দি আহিছে। এতিয়ালৈকে সামৰিক দিশত ভাৰতে কোনো সিদ্ধান্ত লোৱা নাই যদিও শীঘ্ৰেই পহলগাম কাণ্ডৰ প্ৰতিশোধ লব বুলি আশা কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ সীমান্তৰ পৰা আঁতৰি গৈছে পাকিস্তানী সেনা, পতাকা আঁতৰাই খালী কৰিছে বাংকাৰ…