গৃহমন্ত্ৰী হিচাপে অভিলেখ ৰচিলে অমিত শ্বাহে, অভিলেখ সৃষ্টিৰ দিশে মোদী চৰকাৰৰ আৰু দুগৰাকী মন্ত্ৰী
কেন্দ্ৰৰ মোদী চৰকাৰৰ পাঁচ পাণ্ডৱৰ ভিতৰত অমিত শ্বাহে ৰচিলে ইতিহাস। আন দুগৰাকী মন্ত্ৰীও শীঘ্ৰেই অভিলেখৰ গৰাকী হোৱাৰ দিশে। পিছে কিহৰ ক্ষেত্ৰত এই অভিলেখ ৰচিছে এইকেইজন মন্ত্ৰীয়ে, জানক সবিশেষ-

কেন্দ্ৰৰ মোদী চৰকাৰ আৰু ইয়াৰ মন্ত্ৰীসকলে প্ৰতিদিনে নতুন ইতিহাস সৃষ্টি কৰিছে। মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰে। সম্পূৰ্ণ ছবছৰ গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰি শ্বাহ হৈ পৰিছে একেৰাহে সৰ্বাধিক কাল এই পদত থকা ভাৰতৰ প্ৰথমগৰাকী নেতা।
২০১৯ চনৰ ৩০ মে’ত অমিত শ্বাহে গৃহমন্ত্ৰী হিচাপে শপত লয়। বৰ্তমান তেওঁ এই পদত ২২৫৮ দিন সম্পূৰ্ণ কৰিছে। তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ অভিলেখো ভংগ কৰে। ২২৫৬ দিন দেশৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আদৱানীয়ে। তেওঁৰ পিছতে আছে কংগ্ৰেছৰ প্ৰবীণ নেতা গোবিন্দ বল্লভ পন্ত।
অমিত শ্বাহৰ পিছতে এই অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে মোদী চৰকাৰৰ আৰু দুজন মন্ত্ৰী। এই দুই মন্ত্ৰী হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। যদি দুয়োজনে ২০২৯ চনলৈকে কাৰ্যকাল সম্পূৰ্ণ কৰে, তেন্তে তেওঁলোক হ’ব সৰ্বাধিককাল কাৰ্যনিৰ্বাহ কৰা প্ৰতিৰক্ষা আৰু বিত্ত মন্ত্ৰী।
প্ৰথমে কওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ কথা । ২০১৯ চনৰ ৩১ মে’ত তেওঁ এই পদ গ্ৰহণ কৰে। সবাতোকৈ দীৰ্ঘদিন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অভিলেখ আছে এ কে এণ্টনীৰ নামত। ২০০৬ চনৰ ২৫ অক্টোবৰৰ পৰা ২০১৪ চনৰ ৮ নৱেম্বৰলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। অৰ্থাৎ প্ৰায় চাৰে সাত বছৰ।
যদি ৰাজনাথ সিং ২০২৭ চনলৈকে এই পদত থাকে, তেন্তে তেওঁ এণ্টনীৰ অভিলেখ ভংগ কৰি সৰ্বাধিক কাল প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে থকা নেতা হিচাপে পৰিগণিত হ’ব। একে সময়তে ২০১৯ চনত দেশৰ বিত্তমন্ত্ৰী হোৱা নিৰ্মলা সীতাৰমণ এই পদত থকা ৬ বছৰ হ’ল।
সৰ্বাধিক সময় বিত্তমন্ত্ৰী হোৱাৰ অভিলেখ আছে পি চিদাম্বৰমৰ নামত। ৮ বছৰ এই পদত আছিল চিদাম্বৰম। তেওঁ তিনিটা ভিন্ন কাৰ্যকালত এই দায়িত্ব পালন কৰিছিল। ১৯৯৬ চনত তেওঁ প্ৰথম বিত্তমন্ত্ৰী হয়।
১৯৯৮ চনলৈকে তেওঁ এই পদত থাকে। ইয়াৰ পিছত ২০০৪ চনৰ পৰা ২০০৮ চনলৈ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈ চিদাম্বৰম দেশৰ বিত্তমন্ত্ৰী আছিল। চিদাম্বৰমৰ পিছত মোৰাৰজী দেশাই দ্বিতীয় স্থানত আছে। ৭ বছৰ দেশৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মোৰাৰজী দেশায়ে। ১৯৫৯-৬৪ আৰু ১৯৬৭-৬৯ চনলৈকে তেওঁ এই দায়িত্ব পালন কৰিছিল।
নেহৰুৰ অভিলেখো ভংগ হ’বনেকি?
সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী হোৱাৰ অভিলেখ পঞ্জীয়ন হৈছে জৱাহৰলাল নেহৰুৰ নামত। ১৯৪৭ চনৰ পৰা ১৯৬৪ চনলৈকে তেওঁ এই পদত আছিল। অৰ্থাৎ ১৭ বছৰ। প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী পদত আছে। ২০২৯ চনৰ ভিতৰত ১৫ বছৰ সম্পূৰ্ণ কৰিব।
আনহাতে, যদি আমি বৈদেশিক মন্ত্ৰীৰ কথা কওঁ, তেন্তে ২০১৯ চনৰ ৩০ মে’ৰ পৰা এছ জয়শংকৰ এই পদত আছে। ২০২৯ চনলৈকে এই পদত থাকিলে ১০ বছৰ সম্পূৰ্ণ কৰিব। সৰ্বাধিক দিনৰ বাবে বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰাল নেতাৰ তালিকাত তেওঁ দ্বিতীয় স্থান লাভ কৰিব।