শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সৰ্বদলীয় বৈঠকত অপাৰেশ্যন সেন্দূৰৰ তথ্য প্ৰকাশ, ৰাহুলৰ পৰা ওৱেইছিলৈ সকলো বিৰোধীৰ প্ৰশংসা সেনা আৰু চৰকাৰক

সৰ্বদলীয় বৈঠকৰ সময়ত বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী জনাইছে । লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিশেষ অধিৱেশন আহ্বান কৰাৰ দাবী জনাইছে । সূত্ৰ অনুসৰি চৰকাৰে বিৰোধী পক্ষক জনাইছে যে এই অভিযানত ১০০ টা সন্ত্ৰাসবাদী নিহত হৈছে ।

সৰ্বদলীয় বৈঠকত অপাৰেশ্যন সেন্দূৰৰ তথ্য প্ৰকাশ, ৰাহুলৰ পৰা ওৱেইছিলৈ সকলো বিৰোধীৰ প্ৰশংসা সেনা আৰু চৰকাৰক
সৰ্বদলীয় বৈঠকৰ সময়ৰ ছবিImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 08 May 2025 13:49 PM

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ‘অপাৰেশ্যন সেন্দূৰ’ আৰম্ভ কৰাৰ পিছত দুয়োপক্ষৰ মাজত অশান্তিৰ সৃষ্টি হৈছে । ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰাৰ বিপৰীতে চৰকাৰে সংসদ চৌহদত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি অভিযান সন্দৰ্ভত তথ্য প্ৰদান কৰে । প্ৰায় ডেৰ ঘণ্টা ধৰি চলিছিল এই সৰ্বদলীয় বৈঠক । এই কাৰ্যক লৈ বিৰোধীয়ে সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই বিষয়ত চৰকাৰৰ লগত আছে । ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ‘অপাৰেশ্যন সেন্দূৰ’ এতিয়াও শেষ হোৱা নাই, অভিযান অব্যাহত আছে ।

সূত্ৰসমূহে প্ৰকাশ কৰিছে যে চৰকাৰে প্ৰায় ১০০ সন্ত্ৰাসবাদী নিহত হোৱা বুলি জনাইছে । এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট তথ্য পোৱা নাই । এতিয়াও গণনা চলি আছে । ভাৰতে বিষয়টো আৰু আগুৱাই নিব নিবিচাৰে, যদি পাকিস্তানে তেনে কৰে তেন্তে ভাৰতো পিছুৱাই নাযায় ।

All Party Meeting

সৰ্বদলীয় বৈঠক

সৰ্বদলীয় বৈঠকৰ সময়ত বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী জনাইছে । লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিশেষ অধিৱেশন আহ্বান কৰাৰ দাবী জনাইছে । সূত্ৰ অনুসৰি চৰকাৰে বিৰোধী পক্ষক জনাইছে যে এই অভিযানত ১০০ টা সন্ত্ৰাসবাদী নিহত হৈছে ।

ইয়াৰ পূৰ্বে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানক লক্ষ্য কৰি চলোৱা অভিযানৰ তথ্য প্ৰদানৰ বাবে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰা হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্সত এই বৈঠকৰ বিষয়ে তথ্য দিয়ে ।

All Party Meeting

সৰ্বদলীয় বৈঠক

আমি সকলোৱে চৰকাৰৰ লগত আছোঁ: খাৰ্গে
সৰ্বদলীয় বৈঠকৰ অন্তত কংগ্ৰেছৰ সাংসদ তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, “সভাত আমি তেওঁলোকে (কেন্দ্ৰই) কোৱা কথা শুনিলোঁ । তেওঁলোকে লগতে কয় যে বাহিৰত কিছু গোপনীয় তথ্য প্ৰকাশ কৰিব নোৱাৰি । আমি তেওঁলোকক ক’লোঁ যে আমি সকলোৱে চৰকাৰৰ সৈতে আছো ।”

বৈঠকৰ অন্তত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয়, “আমি চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিছো । মল্লিকাৰ্জুন খাৰ্গেই কোৱাৰ দৰে তেওঁলোকে (চৰকাৰে) কয় যে আমি আলোচনা কৰিব নিবিচৰা কিছুমান কথা আছে ।”

All Party Meeting

সৰ্বদলীয় বৈঠক

টি আৰ এফৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব লাগে: ওৱেইছি
বৈঠকৰ অন্তত এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে কয়, “মই অপাৰেশ্যন সেন্দূৰৰ বাবে আমাৰ সশস্ত্ৰ বাহিনী আৰু চৰকাৰক প্ৰশংসা কৰিছো । মই লগতে পৰামৰ্শ দিছো যে আমি ৰেজিষ্টেন্স ফ্ৰণ্টৰ বিৰুদ্ধে বিশ্বব্যাপী অভিযান আৰম্ভ কৰিব লাগে ।”

তেওঁ আৰু কয়, “মই এইটোও পৰামৰ্শ দিছো যে চৰকাৰে আমেৰিকাক ইয়াক (টি আৰ এফ) সন্ত্ৰাসবাদী সংগঠন হিচাপে গণ্য কৰিবলৈ অনুৰোধ কৰিব লাগে । আমি পাকিস্তানক FATF ত গ্ৰে-লিষ্ট কৰাৰ বাবেও প্ৰচেষ্টা চলাব লাগে ।”

কোনে সভাত উপস্থিত আছিল
দিল্লীৰ সংসদ ভৱনৰ চৌহদৰ সংসদ পুথিভঁৰাল ভৱনত সকলো ৰাজনৈতিক দলৰ নেতাৰ বৈঠক আহ্বান কৰা হয় । এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নেতৃত্ব দিয়ে । ৰাজনাথ সিঙৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কিৰেন ৰিজিজু, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও চৰকাৰী পক্ষৰ পৰা বৈঠকত অংশগ্ৰহণ কৰে ।

All Party Meeting

সৰ্বদলীয় বৈঠক

আনহাতে বিৰোধী পক্ষৰ পৰা লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপৰিও মল্লিকাৰ্জুন খাৰ্গে, সুপ্ৰিয়া চুলে, আৰু সঞ্জয় ৰাউতে অংশগ্ৰহণ কৰে । এইসকলৰ উপৰিও প্ৰফুল্ল পেটেল, সম্বিত পাত্ৰ, সঞ্জয় সিং সঞ্জয় ঝা, প্ৰেমচান্দ গুপ্তা, জন ব্রিটাছেও অংশগ্রহণ কৰে ৷

সৰ্বদলীয় বৈঠকত অংশগ্ৰহণৰ সন্দৰ্ভত আপৰ সাংসদ সঞ্জয় সিঙে কয়, “সৰ্বদলীয় বৈঠকত বিভিন্ন দলৰ প্ৰতিনিধিক মাতি অনা হৈছে । চৰকাৰে এই অভিযান সন্দৰ্ভত দিয়া তথ্য আমি বৈঠকত পাম । এই সময়ত পাকিস্তান আৰু ইয়াৰ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ সময় । ভাৰতীয় সেনাই পাকিস্তানত যিদৰে সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছে তাত সমগ্ৰ দেশ সুখী ।”