“প্ৰাণৰ বন্ধু মোৰ হেৰাই গ’ল…” জুবিনৰ মৃত্যুত ক’লে জিৎ গাংগুলীয়ে
Zubeen Garg died at 52: নিজৰ অন্তৰংগ বন্ধু জুবিন গাৰ্গক হেৰুৱাই শোকবিহ্বল বলীউডৰ শিল্পী জিৎ গাংগুলী। প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া।
শুকুৰবাৰ, স্বাভাৱিকভাৱে আৰম্ভ হৈছিল সকলোৰে দৈনন্দিন জীৱন যাত্ৰা। কিন্তু দুপৰীয়া ভাগলৈ এটা খবৰে স্তব্ধ কৰি তুলিলে সকলো। খবৰ আহিল ছিংগাপুৰৰ পৰা। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ যোৱা জুবিন গাৰ্গ আৰু নাই। স্কুবা ড্ৰাইভৰ সময়তে অজ্ঞান হৈ পৰে হাৰ্টথ্ৰৱগৰাকী। তেওঁক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও অৱশেষত আহে সেই খবৰটো, যিটো খবৰ কেতিয়াও কোনেও কামনা কৰা নাছিল। জুবিন গাৰ্গ আৰু নাই, কায়িকভাৱে ইহ সংসাৰৰ পৰা বিদায় মাগিলে তেওঁ।
জুবিনৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগেই যেন হৃদস্পন্দন বন্ধ হৈ পৰিল অগণন গুণমুগ্ধৰ। সকলোৱেই সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে। কেৱল অসমতেই সীমাবদ্ধ নাছিল, বলীউডত, বাংলা সংগীত জগততো আছিল তেওঁৰ সমাদৰ। সেয়েহে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰত শোকাহত হৈ পৰিছে বলীউড।
লগতে পঢ়ক: এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত…শোকস্তব্ধ সকলো
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত স্তম্ভিত হৈ পৰিছে তেওঁৰ অন্যতম বন্ধু তথা বলীউডৰ সংগীত শিল্পী জিৎ গাংগুলী। কোনো ৰকমেই যেন তেওঁ মানি ল’ব পৰা নাই জিত গাংগুলীয়ে। নিজৰ সংগীতৰ যাত্ৰা কালত জুবিনৰ সৈতে কৰা কামবোৰ কাহানিও পাহৰিব নোৱাৰে জুবিন গাৰ্গে।
‘বোঝে না ছে বোঝে না’ সেই গীতটি আজিও বাঙালী লোকৰ মাজত প্ৰিয়। জিৎ গাংগুলীয়ে কয়, “আমাৰ ছুপাৰহিট জুতি আছিল। আৰু ব্যক্তিগত সম্পৰ্কো আছিল। জুবিন আছিল মোৰ প্ৰাণৰ বন্ধু। তেওঁ গুচি গ’ল। মোৰ কথা ক’বলৈও কষ্ট হৈছে। তেওঁৰ মৃত্যু গোটেই ভাৰতৰ বাবে অপূৰণীয় ক্ষতি। তেওঁ আছিল নম্বৰ ওৱান শিল্পী।”
অসমৰ অন্যতম এগৰাকী শিল্পী অংগৰাগ পাপন মহন্তই জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে, “এটা প্ৰজন্মৰ কণ্ঠ সোনকালেই গুচি গ’ল। শব্দ হেৰুৱাই পেলাইছোঁ। এজন বন্ধু, এজন ভাতৃক হেৰুৱালো। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
বলীউডৰ কণ্ঠশিল্পী জুবিন নটিয়ালে লিখিছে- “আপোনাৰ গীত আমাৰ হৃদয়ত সদায়েই প্ৰতিধ্বনিত হৈ থাকিব। শান্তিত থাকক, পৰিয়ালৰ প্ৰতি সমবেদনা জনালোঁ।”