শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত…শোকস্তব্ধ সকলো

শিল্পীজনৰ মৃত্যুত শোকাকুল ৰাজ্য। এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত…এইদৰে ফেচবুত লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে তেওঁ লিখিছে, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপাৰগ, কি সতে শোকাবাৰ্তা দিওঁ!

এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত…শোকস্তব্ধ সকলো
জুবিন গাৰ্গImage Credit source: Facebook
manas-borah
Manas Borah | Published: 19 Sep 2025 16:58 PM

অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। শিল্পীজনৰ মৃত্যুত শোকাকুল ৰাজ্য। এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত…এইদৰে ফেচবুত লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে তেওঁ লিখিছে,”আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপাৰগ, কি সতে শোকাবাৰ্তা দিওঁ! বুকুখন কঁপিছে, জুবিনময় সময়বোৰ এটি এটিকৈ চকুৰ সন্মুখত অগা-ডেৱা কৰিছে৷”

“প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা জুবিন বোলা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছিল কল্পনাতীত৷ সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো! হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজত জীয়াই থাকিবা জুবিন৷ য’তেই থাকা কুশলে থাকিবা জুবিন।” জুবিন গাৰ্গৰ মৃত্যুত এইদৰে ফেচবুকত শোক প্ৰকাশ হিমন্ত বিশ্ব শৰ্মাৰ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফেচবুকত লিখিছে, “অসমীয়া সংগীত জগতত পাখি মেলি স্নিগ্ধ জোনাক নমাই অনা এটা বৰ্ণিল যুগৰ অৱসান! আমাৰ হিয়াৰ আমঠু, অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ খবৰটো পাই শোকস্তব্ধ হৈ পৰিছোঁ! ছিংগাপুৰত ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ সৈতে কথা পাতি আমি কেতিয়াও শুনিব নিবিচৰা সেই দুখজনক খবৰটো পাই অত্যন্ত মৰ্মাহত হৈ পৰিছোঁ। জুবিন গাৰ্গ আৰু নাই!”

“অসমৰ লাখ লাখ জনতাৰ সৈতে এই দুখৰ সমভাগী হৈছোঁ। এয়া অসমৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আমি বাকৰুদ্ধ, আমি ভাষাহীন…।” এইদৰে শোক প্ৰকাশ সৰ্বানন্দ সোণোৱালৰ।

গৌৰৱ গগৈয়ে এক্স হেণ্ডেলত শোক প্ৰকাশ কৰি কয়, “অসমৰ মৰমৰ পুত্ৰ তথা সংগীতৰ আইকন জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত আৰু শোকস্তব্ধ হৈ পৰিছোঁ। তেওঁৰ সংগীতে লাখ লাখ লোকক চুই গৈছিল, অসমৰ আত্মাক ধৰি ৰাখিছিল আৰু জনসাধাৰণৰ আৱেগক কণ্ঠদান কৰিছিল। দশক দশক ধৰি তেওঁ সাংস্কৃতিক শক্তি হিচাপে থিয় দিছিল, যিজন শিল্পীৰ গীতে অনুপ্ৰাণিত আৰু একত্ৰিত কৰি ৰাখিছিল।”

“আমাৰ সংগীত আৰু সাংস্কৃতিক জীৱনত গভীৰ শূন্যতা এৰি থৈ গৈছে। তেখেতৰ পৰিয়াল, তেখেতৰ অগণন অনুৰাগী আৰু অসমৰ ৰাইজলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।” এইদৰে শোক প্ৰকাশ গৌৰৱ গগৈৰ।

বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, “আমাৰ জাতিৰ বাবে অতি কঠিন পৰিস্থিতি। জুবিন গাৰ্গ আমাৰ মাজত নাই। তেওঁ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ খবৰটো কোনেও সঁচা বুলি অনুভৱ কৰিব পৰা নাই। আজি দলৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। ক’বলৈ ভাষা নাই। জুনিব য’তে আছে শান্তি থাকক।”

একে সময়তে অখিল গগৈয়ে কয়,”কেনেকৈ আপোনাক চিৰবিদায় দিম , জুবিনদা?” পীযুষ হাজৰিকাই লিখিছে,”আমি স্তব্ধ, বাকৰুদ্ধ! অবিশ্বাস্য যদিও সত্য যে আমাৰ অতিকৈ মৰমৰ শিল্পী, অসমৰ সম্পদ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তেখেতৰ অনুপস্থিতি আমাৰ বাবে এক বৃহৎ আৰু অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এই শোকৰ মুহূৰ্তত তেখেতৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।” আছুৰ সাধাৰণ সম্পাদনক সমীৰণ ফুকনে কয়, “তেওঁৰ কণ্ঠৰ অবিহনে বহাগ আধৰুৱা হৈ ৰ’ব। অদৃশ্যজনে কৃপা কৰক,সাৰথি হওক এই সময়ৰ…জুবিন দা কুশলে থাকক৷”