Year Ender 2024: ২০২৪ ত কোনটো গীত গুগলত বেছি অনুসন্ধান কৰিছে সংগীতপ্ৰেমীয়ে? জানক তালিকাত কি কি অন্তৰ্ভুক্ত
গুগলৰ ২০২৪ চনৰ বছৰজোৰা অনুসন্ধানৰ বিৱৰণ ওলাইছে! এই তালিকাত অভিনেতা, চলচ্চিত্ৰ, ৱেব চিৰিজ, গান আৰু সংগীতজ্ঞকে সামৰি শ্ৰেণী-অনুসৰি গুগল অনুসন্ধান অন্তৰ্ভুক্ত কৰা হৈছে।
চলচ্চিত্ৰ আৰু সংগীতৰ ক্ষেত্ৰত ২০২৪ বৰ্ষটো বলীউডৰ বাবে এটা ভাল বৰ্ষ আছিল। চলচ্চিত্ৰ উদ্যোগটোৱে বহুতো হিট গান উপহাৰ দিছে, যিবোৰে গোটেই বছৰটো ট্ৰেণ্ডিং তালিকাত আধিপত্য বিস্তাৰ কৰিছে। Nadaaniyan হওক বা Ye Tune Kya Kiyaএ হওঁক, এই গীতকেইটাই ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে।
এই বছৰ তালিকাত থকা গানবোৰ চাওক:
Nadaaniyan- এই গীতটোৰ সুৰ, কণ্ঠ,প্ৰযোজনা অক্ষথে কৰিছে আৰু মিক্স মাষ্টাৰ অভিষেক ঘটকে কৰিছে। ২০২৪ বৰ্ষত এই গীতটোক গুগলত ভাৰতীই সৰ্বাধিক চাৰ্চ কৰিছে।
Husn- ২০২৪ৰ ভাৰতীয়ই সৰ্বাধিক চাৰ্চ কৰা সংগীতৰ ভিতৰত আন এটা হৈছে অনুভ জৈনৰ হুচন। এই গীতটিত মুখ্য অভিনেতা তেজছ ৰবিশংকৰ আৰু অভিনেত্ৰী বিদুষী কৌলক দেখা গৈছে।
Illuminati- ২০২৪ বৰ্ষত সৰ্বাধিক গুগলত চাৰ্চ কৰা গীতৰ ভিতৰত তিনি নম্বৰত আছে ইলুমিনাটি। এই গীতটো ৰীলটো যথেষ্ঠ জনপ্ৰিয় হৈছিল। এই গীতটোত কণ্ঠদান কৰিছে ডাবজি,গীতটো লিখিছে বিনায়ক শশীকুমাৰে। চলচ্চিত্ৰ আৱেশামৰ এই গীতটোৱে সংগীতপ্ৰেমীৰ মাজত যথেষ্ঠ সমাদৰ লাভ কৰিছে।
Katchi Sera- কাচ্চি চেৰা গীতটো ২০২৪ বৰ্ষত সৰ্বাধিক গুগলত চাৰ্চ কৰা গীতৰ ভিতৰত ৪ নম্বৰত আছে। ইনষ্টাগ্ৰাম, এমাজন সকলোতে উপলবদ্ধ এই গীতটো। সাই অভিংকাৰৰ দ্বাৰা ৰচিত এই গীতটোৱে সকলোৰে মৰম পাবলৈ সক্ষম হৈছিল ২০২৪ বৰ্ষত।
Ye Tune Kya Kiya- অক্ষয় কুমাৰ, সোনাক্ষী সিনহা আৰু ইমৰান খানৰ ২০১৩ চনৰ ছবি ৱান্স আপন এ টাইম ইন মুম্বাই দোবাৰাৰ জাভেদ বছিৰৰ গান “ইয়ে তুনে ক্যা কিয়া” ২০২৪ চনৰ ভাৰতীয়ৰ সৰ্বাধিক গুগলত চাৰ্চ কৰা গানৰ পঞ্চম স্থানত আছে।