২০২৪-ত গুগলত সৰ্বাধিক বিচাৰিলে কাক? তালিকাত আছে ফ্লপ অভিনেত্ৰীৰ নাম…
গুগলে বিশ্ব আৰু দেশ শিতানত এই তালিকা প্ৰস্তুত কৰিছে। এই তালিকাত উল্লেখ আছে ২০২৪ বৰ্ষত মানুহে সবাতোকৈ বেছি বিচৰা ব্যক্তি, খাদ্য, ঠাই, ৰেচিপি, খেল, ছবি, গীত, মিউজিছিয়ান আদি বহুতো। মনোৰঞ্জন ক্ষেত্ৰতখনত সৰ্বাধিক চাৰ্চ কৰা ব্যক্তিৰ তালিতাক নাম আছে ভাৰতৰ ২ অভিনেত্ৰীৰ।
 
                                নতুন বছৰ ২০২৫ কলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে বিভিন্নজনে নতুন বছৰক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। নৱ বৰ্ষ কেনেকৈ উদযাপন কৰিব তাক লৈ বিভিন্নজনৰ পৰিকল্পনা বহুত। ইয়াৰ মাজতে বিভিন্নজনে ২০২৪ বৰ্ষটিলৈ ঘূৰি চাব পাহৰা নাই। এই বৰ্ষটিয়ে কি দিলে, কি নিলে তাক লৈ যে একাংশৰ বহু হিচাপ- নিকাচ। অৱশ্যে কেৱল মানুহেই নহয়, পাৰ হ’বলৈ ধৰা বছৰটিৰ পৃষ্ঠাবোৰ লুটিয়াই চাইছে গুগলেও। এই সন্দৰ্ভত গুগলে জাৰি কৰিছে এখন তালিকা, য’ত উল্লেখ আছে ২০২৪ বৰ্ষত মানুহে সবাতোকৈ বেছি কি বস্তু বিচাৰিছে।
গুগলে বিশ্ব আৰু দেশ শিতানত এই তালিকা প্ৰস্তুত কৰিছে। এই তালিকাত উল্লেখ আছে ২০২৪ বৰ্ষত মানুহে সবাতোকৈ বেছি বিচৰা ব্যক্তি, খাদ্য, ঠাই, ৰেচিপি, খেল, ছবি, গীত, মিউজিছিয়ান আদি বহুতো। বিশ্বৰ ভিতৰত ২০২৪ চনৰ সৰ্বাধিক (মনোৰঞ্জন জগতত) চাৰ্চ কৰা বা বিচৰা ব্যক্তিৰ তালিকাত নাম আছে ভাৰতৰ দুই অভিনেত্ৰীৰ। অৱশ্যে দীপিকা পাডুকন , ঐশ্বৰ্য ৰায় বা আলিয়া ভাট নহয়, এই তালিকাত স্থান লাভ কৰিছে আন দুগৰাকী অভিনেত্ৰীয়ে।
গুগলে জাৰি কৰা তথ্য অনুসৰি মনোৰঞ্জন ক্ষেত্ৰখনত ২০২৪ চনত শীৰ্ষ ১০ ত (বিশ্বব্যাপী ) সৰ্বাধিক চাৰ্চ কৰা বিচৰা অভিনেতা-অভিনেত্ৰীৰ তালিকাত নাম আছে হীনা খান আৰু নিমৰত কৌৰৰ। নম্বৰ অনুসৰি তালিকাত নাম আছে-
১) কেট উইলিয়ামছ
২)পৱন কল্যান
৩)আদাম ব্ৰদী
৩)এলা পুৰনেল
৫)হীনা খান
৬) কাইৰেন চুলকিন
৭)টেৰেন্স হাৱাৰ্ড
৮)নিমৰত কৌৰ
৯)ছাটন ফষ্টাৰ
১০)ব্রিগেট বজ্জো
উল্লেখ্য যে, এই দুয়োটা নামে যোৱা কেইটামান দিনত বিশেষ চৰ্চা লাভ কৰিছে। হীনা খান বৰ্তমান সময়ত স্তন কেন্সাৰৰ লগত যুঁজ দি আছে। তেওঁ প্ৰায়েই ছ’চিয়েল মিডিয়াত নিজৰ স্বাস্থ্য সন্দৰ্ভত অনুৰাগীৰ সৈতে তথ্য শ্বেয়াৰ কৰে। হীনা খানে হিন্দী জগতৰ কেইবাখনো ধাৰাবাহিকত কাম কৰাৰ লগতে ছবিতো অভিনয় কৰিছে।
আনহাতে নিমৰত কৌৰ বিগত সময়ত যথেষ্ঠ চৰ্চাত আছে। অৱশ্যে কোনো ছবি বা ৱেব ছিৰিজৰ বাবে নহয়, নিৰমত অন্য কাৰণতহে চৰ্চাত আছিল। দৰাচলতে অভিনেতা অভিষেক বচ্চনৰ লগত তেওঁ এক বিশেষ খবৰ ওলাইছিল। অভিযোগ উত্থাপন হৈছিল যে নিমৰত কৌৰ আৰু অভিষেক বচ্চনৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। ইমানেই নহয়, নিমৰত কৌৰৰ বাবে অভিষেক আৰু ঐশ্বৰ্য ৰয়ৰ মাজত বিবাহ বিচ্ছেদ হ’ব বুলি একাংশই দাবী কৰিছিল। গতিকে বিশেষ বিশেষ কাৰণত হীনা খান আৰু নিমৰত কৌৰে বিশ্বব্যাপী চাৰ্চ কৰা ১০ শীৰ্ষ ব্যক্তিৰ তালিকাত নাম লাভ কৰিবলৈ সক্ষম হয়।
অন্য খবৰ পঢ়কঃ ২০২৪-ত গুগলত সৰ্বাধিক কি বিচাৰিলে ভাৰতীয়ই? জানিলে আচৰিত হ’ব আপুনি…
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      