শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
বিদায় ২০২৪

বিদায় ২০২৪

২০২৪ বৰ্ষটো শেষ হ’বলৈ কিছুদিন বাকী। ২০২৪ চনত ভাৰত আৰু বিশ্বত বহুতো স্মৰণীয় আৰু আচৰিত ঘটনা সংঘটিত হৈছে। এই বছৰটোত কি পালোঁ কি হেৰুৱালো, এই বছৰতে বহুতো দেশে ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছিল, আনহাতে প্ৰাকৃতিক দুৰ্যোগে বহু ঠাইত ধ্বংসযজ্ঞ চলাইছিল। লোকসভা নিৰ্বাচন ২০২৪ ভাৰতৰ শাসক আৰু বিৰোধী দলবোৰৰ মাজত কঠিন যুঁজৰ সৈতে আটাইতকৈ ডাঙৰ ৰাজনৈতিক পৰ্ব আছিল। কোনে মাৰিছিল শেষ হাঁহি আৰু এই নিৰ্বাচনে কেনেকৈ দেশৰ গতিপথ সলনি কৰিলে? ইয়াৰ উপৰিও, ৰাজ্যসমূহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সম্পূৰ্ণ তথ্য। আনহাতে মনোৰঞ্জন জগতত ২০২৪ চনত বক্স অফিচত কোনবোৰ ছবি চুপাৰ হিট হৈছিল আৰু কোনবোৰ ফ্লপ হৈছিল? কোনটো ৱেব ছিৰিজ অ’টিটি প্লেটফৰ্মক জোকাৰি গৈছিল? লগতে, এই বছৰ কোন কোন তাৰকাই বিবাহ পাশত আৱদ্ধ হৈছিল, ২০২৪ চনৰ পেৰিছ অলিম্পিক আৰু অন্যান্য মুখ্য ক্ৰীড়া প্ৰতিযোগিতাৰ শীৰ্ষ খবৰ ইয়াত অন্তৰ্ভুক্ত আছে। ভাৰতে কি পদক জিকিছিল আৰু এই বছৰৰ নায়ক কোন হৈছিল? প্ৰযুক্তি আৰু অট’মোবাইলৰ ক্ষেত্ৰত ২০২৪ কেনেকুৱা হৈছিল? কি নতুন প্ৰজুক্তি আৰু স্মাৰ্টফোন মুকলি হৈছে সকলো খবৰ ইয়াত পঢ়ক।

Read More

কি পালোঁ, কি হেৰুৱালোঁ ? ২০২৪ বৰ্ষত কি কি পৰিঘটনাৰ সাক্ষী হ’ল দেশবাসী…?

পোৱা-নোপোৱা অভিজ্ঞতা সামৰি আজি ২০২৪ বৰ্ষক আনন্দ-উল্লাসৰ মাজেৰে বিদায় দিবলৈ ওলাইছে দেশবাসীয়ে । ২০২৪ বৰ্ষত আমি কি পালোঁ, কি হেৰুৱালোঁ তাৰ হিচাপ-নিকাচৰ মাজতে চাওঁ আহক এই বৰ্ষত দেশবাসীয়ে কি কি পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল ।

Historical Events on December 31: আজি ২০২৪ বৰ্ষৰ অন্তিমটো দিন, জানো আহক আজিৰ দিনটোৰ ইতিহাস

আজিৰ দিনটো বছৰৰ শেষৰটো দিন। কিছু ক্ষণ অতিবাহিত হ'লে ২০২৫ বৰ্ষৰ সূৰ্যৰ কিৰণে সকলোকে আঁকোৱালি ল'ব। ৩১ ডিচেম্বৰৰ দিনটোত বহু উল্লেখযোগ্য ঘটনা সংঘটিত হৈছে। জানো আহক ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোত ঘটা ঘটনাসমূহৰ বিষয়ে...

২০২৪’ত কি ভয়ংকৰ কাণ্ডৰ বাবে চৰ্চাত থাকিল অসম? নৃশংস সময়ৰ তালিকাত কাৰ কাৰ নাম…

Good bye 2024: ২০২৪ বৰ্ষটি শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। বিভিন্ন প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজেৰে পাৰ হোৱাৰ দিশে ২০২৪। এই বৰ্ষটিত অসমত কেইবাটাও এনে অপৰাধমূলক ঘটনা সংঘটিত হয় যিয়ে বাতৰিৰ শিৰোণাম দখল কৰিবলৈ সক্ষম হয়।

বছৰৰ শেষ দিন! আশা, সম্ভাৱনা আৰু জীয়াই থকাৰ নতুন প্ৰেৰণাৰে আহিছে নতুন বছৰ ২০২৫

New year 2025: মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। দুৱাৰদলিত ৰৈ আছে ইংৰাজী নতুন বছৰ ২০২৫। আজি শেষ দিন ২০২৪ৰ। কিন্তু শেষ বুলিবলৈ জানো কিবা আছে? শেষ মানেই যেন আৰম্ভণি, শেষ মানে নতুন আশাৰ ৰেঙণি।

Assamese Best Film of 2024: ২০২৪ বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবিখনৰ বিষয়ে জানো আহক

Year Ender 2024: ২০২৪ বৰ্ষ শেষ হ’বলৈ মাজত মাথোঁ এটা দিন বাকী ৷ এই বৰ্ষটোৱে কাৰোবাৰ বাবে যদি কঢ়িয়াই আনিছে সুখ, আন কাৰোবাৰ বাবে কঢ়িয়াই আনিছে আকৌ দুখ ৷ এই বছৰটিত কোনোবাই যদি সফলতা অৰ্জন কৰিছে, আন কোনোবাই আকৌ বিফলতাৰ সন্মুখীন হৈছে ৷ কিন্তু সকলোবোৰৰ মাজত ২০২৪ বৰ্ষটো অসমীয়া ছবিজগতৰ বাবে এটি ভাল বছৰ হিচাপে পৰিগণিত হৈছে ৷

২০২৪ বৰ্ষত কি ৰাজনৈতিক পৰিৱৰ্তনৰ সাক্ষী হ’ল বিশ্ববাসী ?

২০২৪ চনত বিশ্বৰ কেইবাখনো আগশাৰী দেশৰ জনতাই নিৰ্বাচনত ভোটদান কৰাৰ সুযোগ লাভ কৰে । কিয়নো এই বৰ্ষতে ফ্ৰান্স আৰু আমেৰিকাৰ দৰে দেশত নেতৃত্বৰ পৰিৱৰ্তন দেখা গৈছিল। ইয়াৰ সমান্তৰালভাৱে ২০২৪ বৰ্ষত বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতন আৰু বাছাৰ আল আছাদে ছিৰিয়া এৰিবলগীয়া হোৱাৰ ঘটনাৰ সাক্ষী হৈ ৰ'ল বিশ্ববাসী ।

২০২৪’ৰ অসমৰ ৰাজনীতিৰ কেইটামান ডাঙৰ পৰিবৰ্তন,আহক চাওঁ উত্থান-পতনৰ পৃষ্ঠাসমূহ…

২০২৪ বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ ১ টা দিন বাকী। শেষ হ'বলৈ লোৱা বৰ্ষটোত অসমৰ ৰাজনীতিত কেইবাটাও ডাঙৰ পৰিবৰ্তন ঘটে। আহত এবাৰ ঘূৰি চাওঁ অসমৰ ৰাজনীতিৰ কেইটামান বিশেষ পৃষ্ঠালৈ।

২০২৪ত কোন কেইখন অসমীয়া ছবিয়ে জিনিলে দৰ্শকৰ হৃদয়? কোন কেইখন হ’ল ফ্লপ?

এই বৰ্ষটোত এনে বহু ঘটনা ঘটিছে যিয়ে অসমীয়া ছবি উদ্যোগটোক নতুন দিশ দেখুৱাইছে। আহিছে বহু ভাল খবৰ। বৃদ্ধি পাইছে মুক্তি লাভ কৰা অসমীয়া ছবিৰ সংখ্যা। যথেষ্ট আগ্ৰহ দেখা গৈছে দৰ্শকৰ মাজত। পিছে মুক্তি লাভ কৰা ২৫খনৰ ছবি বেছিভাগই বিফল হ’ল ব্যৱসায়িকভাৱে ৷ বহু ছবিত মনোৰঞ্জনৰ লগতে আছিল সামাজিক বাৰ্তাও ৷

ৰাজনীতিৰ পৰা অৰ্থনীতি, সাংস্কৃতিক ক্ষেত্ৰখনলৈকে, ২০২৪ চনত দেশে হেৰুৱালে এইসকল প্ৰসিদ্ধ ব্যক্তিক…

এই বছৰটোত পোৱা-নোপোৱাৰ মাজতে ৰাজনীতি, শিল্প, সাংস্কৃতিক, ব্যৱসায়কে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো প্ৰসিদ্ধ ব্যক্তিক হেৰুৱালে দেশবাসীয়ে । বছৰটোক বিদায় দিয়াৰ পূৰ্বে এবাৰ ঘূৰি চাওঁ আহক কোনসকল প্ৰসিদ্ধ ব্যক্তিয়ে আমাৰ পৰা চিৰ দিনৰ বাবে আঁতৰি গ'ল ।

Year Ender 2024: গেংষ্টাৰৰ ভাবুকিৰ পৰা ভাতৃসদৃশ বন্ধুৰ মৃত্যুলৈ…! ২০২৪ বৰ্ষটো কেনে গ’ল বলীউডৰ ‘ভাইজান’ৰ?

Salman Khan Birthday: বলীউডৰ 'দাবাং' চলমান খানে আজি ৫৯ বছৰ বয়সত ভৰি দিছে। তেওঁৰ জন্মদিন উপলক্ষে, চলমানে তেওঁৰ ছবি 'সিকন্দৰ'ৰ এক আভাস শ্বেয়াৰ কৰিছে। কিন্তু এই বছৰ তেওঁৰ কোনো ছবি ছবিগৃহত মুক্তি পোৱা নাছিল।২০২৪ বৰ্ষটো চলমান খানৰ বাবে অতি প্ৰত্যাহ্বানমূলক আছিল। এই বছৰটোত তেওঁ কেৱল মৃত্যুৰ ভাবুকি লাভ কৰাই নহয়, তেওঁৰ ভাতৃসদৃশ বন্ধু বাবা চিদ্দিকীকো হেৰুৱাইছিল।

২০২৪ চনত পেন কাৰ্ডৰ পৰা Income tax লৈ কি কি বৃহৎ পৰিৱৰ্তন হৈছে? জানক সবিশেষ

আধাৰ কাৰ্ড আৰু পান লিংকৰ পৰা পান ২.০ আৰু Income tax, পিপিএফ, সুকন্যা সমৃদ্ধি যোজনাৰ নিয়মৰ পৰা ২০২৪ চনত ডাঙৰ পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনে সাধাৰণ মানুহৰ লেনদেনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। এই বছৰ কোনবোৰ নিয়ম সলনি হৈছে জানক।

New Year 2025: নতুন বছৰক আদৰাৰ পূৰ্বে কৰক এইসমূহ কাম, সুখেৰে ভৰি পৰিব আপোনাৰ জীৱন!

Vatu Tips: কিছুমান বস্তুৱে ঘৰৰ প্ৰগতিত বাধা প্ৰদান কৰে। সেয়েহে এই সামগ্ৰীবোৰ নতুন বছৰৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক। আহক জানো কোনবোৰ বস্তু ঘৰৰ পৰা আঁতৰাব লাগে।

২০২৪ চনৰ আটাইতকৈ ভয়লগা ছবি কোনখন? যিয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল…

Highest Grossing Horror Movies: ২০২৪ চনত বলীউডৰ ভয়ালগা ছবিবোৰে দৰ্শকৰ মন জয় কৰিছিল। কেৱল এখন বা দুখন নহয়, পাঁচখন হিন্দী ভয়ানক ছবিয়ে এইবাৰ যথেষ্ঠ উপাৰ্জন কৰিলে। পাঁচখন ছবিৰ তালিকাত আটাইতকৈ ডাঙৰ নাম হৈছে শ্ৰদ্ধা কাপুৰৰ ছবি ‘স্ত্ৰী ২’।

২০২৫ বৰ্ষটো আপোনাৰ বাবে কেনে হ’ব? কি ৰাশিৰ লোকে পাব সফলতা? টেৰ’ট কাৰ্ডৰ সহায়ত জানক আপোনাৰ ভাগ্য…

New Year 2025 yearly Horoscope: মাজত মাথোঁ কেইটামন দিন। চলিত বছৰটোৱে বিদায় দি সকলোৱে কৰিব এক নতুন আৰম্ভণী। নতুনত্বৰ অপেক্ষাত পুৰণিক বিদায় দিবলৈ সাজু হৈছে সকলো। কিছুমানৰ বাবে যদি অতিকৈ শুভ,কিছুমানৰ বাবে মধ্যম আৰু কিছুমানৰ বাবে অলপ কঠিনতাৰে ভৰা হ'ব আহিবলগা বছৰটো। টেৰ’ট কাৰ্ডৰ সহায়ত জানক নতুন বছটোৱে আপোনালৈ কি কি আনিব?

বনভোজলৈ গ’লে কি কি নিয়ম মানিব লাগিব আপুনি? পৰিবহণ বিভাগে জাৰি কৰিলে নিৰ্দেশনা…

পৰিয়াল অথবা বন্ধুৰ লগত অলপ সময় অতিবাহিত কৰিবলৈ  সকলোৱে কৰিছে বনভোজৰ পৰিকল্পনা। ইয়াৰ বাবে সাজু হৈছে প্ৰশাসনো। দুৰ্ঘটনা বা অনাকাংশিত অঘটন প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। এই ক্ষেত্ৰত বনভোজৰ গ'লে কি কি কৰিব বা কি কি নকৰিব, ইয়াকে লৈ পৰিবহণ বিভাগে  প্ৰকাশ কৰিছে SOP।