শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৭ বছৰৰ পাছত তুলসী ৰূপত পুনৰ টিভি জগতলৈ স্মৃতি ইৰাণী, ফাৰ্ষ্ট লুক ভাইৰেল…

স্মৃতি ইৰাণীয়ে পুনৰ এবাৰ টিভি পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। টিভি জগতত এক চিনাকি মুখ স্মৃতি ইৰাণী। এতিয়া ৰাজনৈতিক জীৱনৰ বাহিৰেও স্মৃতিয়ে পুনৰবাৰ একতা কাপুৰৰ সৈতে Kyunki Saas Bhi Kabhi Bahu Thi 2 ৰ বাবে সহযোগিতা কৰিবলৈ ওলাইছে।

১৭ বছৰৰ পাছত তুলসী ৰূপত পুনৰ টিভি জগতলৈ স্মৃতি ইৰাণী, ফাৰ্ষ্ট লুক ভাইৰেল…
স্মৃতি ইৰাণী
manas-borah
Manas Borah | Updated On: 07 Jul 2025 23:45 PM

টিভি শ্ব’ কিউংকি সাছ ভি কভি বহু থিৰ(Kyunki Saas Bhi Kabhi Bahu Thi) জৰিয়তে সমগ্ৰ দেশতে বিখ্যাত হোৱা স্মৃতি ইৰাণীয়ে এতিয়া পুনৰ এবাৰ টিভি পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। টিভি জগতত এক চিনাকি মুখ স্মৃতি ইৰাণী। এতিয়া ৰাজনৈতিক জীৱনৰ বাহিৰেও স্মৃতিয়ে পুনৰবাৰ একতা কাপুৰৰ সৈতে Kyunki Saas Bhi Kabhi Bahu Thi 2 ৰ বাবে সহযোগিতা কৰিবলৈ ওলাইছে।

অভিনেত্ৰীগৰাকীৰ ফাৰ্ষ্ট লুকো মুকলি কৰা হৈছে। এই শ্ব’টোৰ কথা ক’বলৈ গ’লে, ইয়াৰ প্ৰথম খণ্ডটো আহিছিল ২০০০ চনত আৰু শ্ব’টো ৮ বছৰ ধৰি ছুপাৰহিট আছিল। এতিয়া এই শ্ব’টো ১৭ বছৰৰ পিছত পুনৰ ঘূৰি আহিছে আৰু এতিয়া স্মৃতিৰ ফাৰ্ষ্ট লুকো প্ৰকাশ পাইছে।

Smriti Irani

স্মৃতি ইৰাণী

স্মৃতি ইৰাণীৰ অনন্য ৰূপত দেখা গৈছে। ভাইৰেল হোৱা ফটোখনত তেখেতক পুৰণি ষ্টাইলত দেখা যায়। তেওঁ এই লুকটোৱে অনুৰাগীৰ পুৰণি স্মৃতিবোৰো সতেজ কৰি তুলিছে। অনুৰাগীসকলক বৰ সুখী যেন লাগিছে। কিউংকি সাছ ভি কভি বহু থিৰ(Kyunki Saas Bhi Kabhi Bahu Thi) শ্ব’ত তেখেত অভিনেত্ৰী হিচাপে আছিল, সেয়া তেখেতৰ কেৰিয়াৰৰ আৰম্ভণি আছিল। সেই সময়ত স্মৃতি ইৰাণীৰ বয়সো আছিল ২৪ বছৰ। এতিয়া তেখেতৰ বয়স ৪৯ বছৰ। কিন্তু তুলসীৰ লুকত অভিনেত্ৰীগৰাকীৰ ষ্টাইল একেই দেখা গৈছে।

লগতে পঢ়ক: জনপ্ৰিয় ব্ৰেণ্ডৰ বিয়েৰৰ ষ্টক শেষ, সুৰাৰ বিপনীত নাপাব আপোনাৰ পচন্দৰ বিয়েৰ !

‘Kyunki Saas Bhi Kabhi Bahu Thi’ শ্ব’টোৰ কথা ক’বলৈ গ’লে ২০০০ চনৰ ৩ জুলাইৰ পৰা আৰম্ভ হোৱা এই শ্ব’টো ২০০৮ চনলৈকে চলিছিল। এই শ্ব’টোৰ প্ৰযোজক আছিল একতা কাপুৰ। এই শ্ব’টোৰ সকলো চৰিত্ৰকে ভাল পাইছিল অনুৰাগীয়ে। Kyunki Saas Bhi Kabhi Bahu Thi 2 ৰ শ্বুটিংও আৰম্ভ হৈছে বুলি জনা গৈছে।

লগতে পঢ়ক: সময় সীমিত ! পুৰণি কাপোৰ এক্সচেঞ্জ কৰি লাভ কৰক ব্ৰেণ্ডেড কাপোৰ, আম্বানীৰ ডাঙৰ অফাৰ…

লগতে পঢ়ক: খামেইনী নহয়, মোছাদৰ টাৰ্গেটত আছিল ইৰাণৰ আন এজন জ্যেষ্ঠ নেতা !