শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সময় সীমিত ! পুৰণি কাপোৰ এক্সচেঞ্জ কৰি লাভ কৰক ব্ৰেণ্ডেড কাপোৰ, আম্বানীৰ ডাঙৰ অফাৰ…

উচ্চ মূল্য দিব নোৱাৰিলেও বহুতে ব্ৰেণ্ডেড কাপোৰ কিনিব বিচাৰে। এতিয়া সেই সুযোগ আহিল। খৰচ বেছি নহয় যদিও আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ কাপোৰ ক্ৰয় কৰাৰ ডাঙৰ সুযোগ লাভ কৰিব। এই সুযোগ লৈ আহিছে মুকেশ আম্বানীৰ কোম্পানীয়ে।

সময় সীমিত ! পুৰণি কাপোৰ এক্সচেঞ্জ কৰি লাভ কৰক ব্ৰেণ্ডেড কাপোৰ, আম্বানীৰ ডাঙৰ অফাৰ…
মুকেশ আম্বানীImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 07 Jul 2025 21:56 PM

সকলোৰে ব্ৰেণ্ডেড কাপোৰ কিনাৰ সামৰ্থ্য নাই। উচ্চ মূল্য দিব নোৱাৰিলেও বহুতে ব্ৰেণ্ডেড কাপোৰ কিনিব বিচাৰে। এতিয়া সেই সুযোগ আহিল। খৰচ বেছি নহয় যদিও আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ কাপোৰ ক্ৰয় কৰাৰ ডাঙৰ সুযোগ লাভ কৰিব। এই সুযোগ লৈ আহিছে মুকেশ আম্বানীৰ কোম্পানীয়ে।

ৰিলায়েন্স ৰিটেইল ফেশ্বন ফেক্টৰীয়ে আগবঢ়াইছে বিশেষ অফাৰ। এই অফাৰ গ্ৰহণ কৰি আপুনি আপোনাৰ পুৰণি কাপোৰ দি ব্ৰেণ্ডেড কাপোৰ পাব পাৰে। মুকেশ আম্বানীৰ কোম্পানীয়ে লৈ আহিছে “ফেশ্বন ফেক্টৰী এক্সচেঞ্জ ফেষ্টিভেল”। য’ত ক্ৰেতাই যিকোনো পুৰণি কাপোৰৰ বিনিময়ত নতুন ব্ৰেণ্ডৰ কাপোৰ লাভ কৰিব পাৰে। এই অফাৰ ২০ জুলাইলৈকে ৰিলায়েন্সৰ সকলো ‘ফেশ্বন ফেক্টৰী’ ষ্ট’ৰত উপলব্ধ।

লগতে পঢ়ক:  সুস্থ জীৱন-যাপনৰ বাবে ৰাতিপুৱা খালী পেটত কি খাব লাগে ? কি খাব নালাগে ? জানক

আপুনি কি কি অফাৰ পাব জানি লওক

পুৰণি ডেনিম, চাৰ্ট, টি-চাৰ্ট বা শিশুৰ কাপোৰ ফেশ্বন ফেক্টৰীৰ ষ্ট’ৰলৈ লৈ যাব পাৰে। বিনিময়ত কোম্পানীয়ে এক্সচেঞ্জ কুপন দিব। তালিকাখন চাওক।

  • ডেনিমৰ বাবে ৪০০ টকা পৰ্যন্ত কুপন দিয়া হ’ব।
  • চাৰ্টৰ বাবে ২৫০ টকা পৰ্যন্ত কুপন দিয়া হ’ব।
  • টি-চাৰ্টৰ বাবে ২৫০ টকা পৰ্যন্ত কুপন দিয়া হ’ব।
  • শিশুৰ কাপোৰৰ বাবে ১০০ টকা পৰ্যন্ত কুপন দিয়া হ’ব।

লগতে পঢ়ক: প্র’টিনৰ বাবে ভাৰতীয়সকলে বেছিকৈ কি খায়? সমীক্ষাত প্ৰকাশ

এই বিনিময় উৎসৱত ক্ৰেতাই লি কুপাৰ, জন প্লেয়াৰ্ছ, ৰেমণ্ড, পাৰ্ক এভিনিউ, কেন’, পিটাৰ ইংলেণ্ড, এলেন ছলি, ভ্যান হাউচেন, লুই ফিলিপৰ দৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ কাপোৰ ক্ৰয় কৰিব পাৰিব।

লগতে পঢ়ক: জনপ্ৰিয় ব্ৰেণ্ডৰ বিয়েৰৰ ষ্টক শেষ, সুৰাৰ বিপনীত নাপাব আপোনাৰ পচন্দৰ বিয়েৰ !