খামেইনী নহয়, মোছাদৰ টাৰ্গেটত আছিল ইৰাণৰ আন এজন জ্যেষ্ঠ নেতা !
মোছাদৰ টাৰ্গটত আছিল ইৰাণৰ এজন জ্যেষ্ঠ নেতা। আয়াতুল্লা আলী খামেইনী পৰিৱৰ্তনে মোছাদে লক্ষ্য কৰি লৈছিল এইগৰাকী ইৰাণৰ জ্যেষ্ঠ নেতাক।

ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাদৰ টাৰ্গটত আছিল ইৰাণৰ এজন জ্যেষ্ঠ নেতা। আয়াতুল্লা আলী খামেইনী পৰিৱৰ্তনে মোছাদে লক্ষ্য কৰি লৈছিল এইগৰাকী ইৰাণৰ জ্যেষ্ঠ নেতাক। তেওঁ হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। তেওঁ নিজেই এক সাক্ষাৎকাৰত এই কথা দাবী কৰিছে। তেওঁ কয় যে, “ইজৰাইলে মই সভা অনুষ্ঠিত কৰা অঞ্চলটোত অবিৰতভাৱে বোমা বিস্ফোৰণ কৰি মোক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।”
আমেৰিকাৰ সংবাদ কৰ্মী টাকাৰ কাৰ্লছনক(Tucker Carlson) দিয়া এক সাক্ষাৎকাৰত যেতিয়া মাছুদক সোধা হৈছিল যে ইজৰাইলে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলি তেওঁ ভাবে নেকি, তেতিয়া পেজেস্কিয়ানে কয় যে, হয়, তেওঁলোকে চেষ্টা কৰিছিল, কিন্তু তেওঁলোক বিফল হৈছিল। তেওঁ দাবী কৰে যে, অৱশ্যেই যিকোনো ব্যক্তিয়েই কিবা ক’ব পাৰে, কিন্তু ইয়াৰ আঁৰত আমেৰিকা নাই বৰঞ্চ ইজৰাইলৰ চোৰাংচোৱা সংস্থা জড়িত আছিল।
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে দাবী কৰিছিল যে, “আমি য’তেই বৈঠক অনুষ্ঠিত কৰিছিলোঁ তাতেই ইজৰাইলে বোমা নিক্ষেপ কৰিছিল।” কিন্তু শেহতীয়া ইজৰাইল-ইৰাণ যুদ্ধৰ সময়ত এই কাম কৰা হৈছিল নে তাৰ আগতে সেই কথা তেওঁ স্পষ্ট কৰা নাই। ইজৰাইলৰ সৈতে যুদ্ধবিৰতিৰ পিছত দিয়া তেওঁৰ এই বক্তব্যই বহু প্ৰশ্নৰ উত্থাপন কৰিছে।
লগতে পঢ়ক: জনপ্ৰিয় ব্ৰেণ্ডৰ বিয়েৰৰ ষ্টক শেষ, সুৰাৰ বিপনীত নাপাব আপোনাৰ পচন্দৰ বিয়েৰ !
মাছুদ পেজেস্কিয়ানে কয় যে, আমেৰিকাৰ সৈতে পাৰমাণৱিক আলোচনাত কোনো সমস্যা নাই, কিন্তু দুয়োখন দেশৰ মাজত পুনৰ আস্থা স্থাপন হ’লেহে এইটো সম্ভৱ হ’ব। পেজেস্কিয়ানে কয় যে, “আলোচনা কৰাত আমাৰ কোনো সমস্যা নাই, কিন্তু ইয়াক পুনৰ আৰম্ভ কৰাত মূল্য সমস্যা হ’ল আমি আমেৰিকাক পুনৰ কেনেকৈ বিশ্বাস কৰিম!”
ইৰাণে ইজৰাইলৰ য়েমেন আক্ৰমণক গৰিহণা দিছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেইয়ে কয় যে, ইজৰাইলৰ য়েমেনত এই আক্ৰমণ এক গুৰুতৰ অপৰাধ। ইজৰাইলে আমেৰিকা আৰু পশ্চিমীয়া দেশৰ পৰা পোৱা সমৰ্থনৰ বাবেই এই কাম কৰিছে। তেওঁ কয় যে, পেলেষ্টাইনত কি ঘটি আছে তাৰ ওপৰত চকু ৰখা আৰু ইয়াৰ বাবে দায়ীসকলক শাস্তি দিয়াটো সকলো দেশৰ দায়িত্ব।
লগতে পঢ়ক: সময় সীমিত ! পুৰণি কাপোৰ এক্সচেঞ্জ কৰি লাভ কৰক ব্ৰেণ্ডেড কাপোৰ, আম্বানীৰ ডাঙৰ অফাৰ…