আন এক বিপদত শিল্পা শ্বেট্টী, মুম্বাইৰ বাসগৃহত চলিল আয়কৰ বিভাগৰ অভিযান
শেহতীয়া কিছুদিন ধৰি শিল্পা শ্বেট্টীক দেখিবলৈ পোৱা নাই কোনো নতুন ছবিত। তথাপি পিছে সততে বাতৰিৰ শিৰোনামত থাকে অভিনেত্ৰীগৰাকী। আজি তেওঁ পুনৰ সংবাদ শিৰোনামলৈ আহিছে। আয়কৰ বিভাগৰ এটা দলে আজি মুম্বাইৰ জুহুস্থিত শিল্পা শ্বেট্টীৰ বাসগৃহত অভিযান চলায়।
বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা শ্বেট্টীক শেহতীয়া কিছুদিন ধৰি দেখিবলৈ পোৱা নাই কোনো নতুন ছবিত। তথাপি পিছে সততে বাতৰিৰ শিৰোনামত থাকে অভিনেত্ৰীগৰাকী। আজি পুনৰ সংবাদ শিৰোনামলৈ আহিছে শিল্পা শ্বেট্টী। আয়কৰ বিভাগৰ এটা দলে আজি মুম্বাইৰ জুহুস্থিত শিল্পা শ্বেট্টীৰ বাসগৃহত অভিযান চলায়। বেংগালুৰুত থকা অভিনেত্ৰীগৰাকীৰ বিখ্যাত হোটেল ‘বাষ্টিয়ান গাৰ্ডেন চিটি’ৰ সৈতে জড়িত এটা গোচৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি মুম্বাইৰ লগতে বেংগালুৰুৰ হোটেলৰ স্থানতো অনুসন্ধান চলাই আছে আয়কৰ বিভাগৰ দলে।
সূত্ৰ অনুসৰি হোটেলখনৰ বিত্তীয় লেনদেনত আৰ্থিক অনিয়ম আৰু কৰ ফাঁকিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই অভিযান চলোৱা হয়। ২০১৯ চনত বাষ্টিয়ান হস্পিটেলিটিৰ ৫০% অংশীদাৰিত্ব লাভ কৰিছিল শিল্পা শ্বেট্টীয়ে। এই হোটেলখনৰ স্বত্বাধিকাৰী হৈছে ব্যৱসায়ী ৰঞ্জিত বিন্দ্ৰা। আয়কৰ বিভাগে বাষ্টিয়ান পাবৰ বিত্তীয় হিচাপ-নিকাচৰ পৰীক্ষা চলাই থকা বুলি পোহৰলৈ আহিছে।
১৭ ডিচেম্বৰতো চলিছিল অভিযান
বুধবাৰেও আয়কৰ বিভাগে শিল্পা শ্বেট্টীৰ কৰ্ণাটকস্থিত বাষ্টিয়ান ৰেষ্টুৰেণ্টত অভিযান চলাছিল। এতিয়া তেওঁৰ মুম্বাইস্থিত বাসগৃহত অভিযান চলাইছে আয়কৰ বিভাগে। উল্লেখ্য যে শিল্পা শ্বেট্টী এগৰাকী অভিনেত্ৰীৰ উপৰিও এগৰাকী সফল ব্যৱসায়ী। মুম্বাই, গোৱা, বেংগালুৰু আদি স্থানৰ জনপ্ৰিয় ৰেষ্টুৰেণ্ট বাষ্টিয়ানৰ স্বত্বাধিকাৰী অভিনেত্ৰীগৰাকী।
নিজা সামাজিক মাধ্যম একাউণ্ট যোগে শিল্পা শ্বেট্টীয়ে প্ৰায়ে এই বিলাসী ৰেষ্টুৰেণ্টখনৰ ফটো শ্বেয়াৰ কৰা দেখা যায়। প্ৰায় ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰ আৰু বাষ্টিয়ানত আয়কৰ বিভাগৰ অভিযানৰ মাজতে শিল্পা শ্বেট্টীয়ে ‘আম্মাকাই’ নামৰ এখন নতুন ৰেষ্টুৰেণ্ট মুকলি কৰাৰ কথা ঘোষণা কৰিছিল।
বন্ধ হ’ব নেকি বাষ্টিয়ান?
যোৱা ছেপ্টেম্বৰ মাহত মুম্বাইৰ বান্দ্ৰাস্থিত শিল্পা শ্বেট্টীৰ বিখ্যাত ৰেষ্টুৰেণ্ট বাষ্টিয়ান বন্ধ হ’ব বুলি জল্পনা-কল্পনা চলিছিল। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে এনে সকলো জল্পনা-কল্পনা সম্পূৰ্ণ ৰূপে নাকচ কৰিছিল। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে এটা ভিডিঅ’ ক্লিপ পোষ্ট কৰি শিল্পা শ্বেট্টীয়ে বাষ্টিয়ান বন্ধ কৰা নাই বুলি নিশ্চিত কৰে।