শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহিলা টি-২০ দৃষ্টিহীন বিশ্বকাপজয়ী ছিমু দাসলৈ চৰকাৰী চাকৰি, কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজিৰ কেবিনেটে বিশ্বকাপ জয়ী দৃষ্টিহীন কন্যা অসম সন্তান ছিমু দাসক চৰকাৰী চাকৰিত নিযুক্তি দিব। শেহতীয়াকৈ ভাৰতীয় দলে জয় কৰিছিল মহিলা টি-২০ দৃষ্টিহীন বিশ্বকাপৰ খিতাপ। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ সদস্য আছিল অসমকন্যা ছিমু দাস।

মহিলা টি-২০ দৃষ্টিহীন বিশ্বকাপজয়ী ছিমু দাসলৈ চৰকাৰী চাকৰি, কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 18 Dec 2025 21:56 PM

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম চৰকাৰৰ কেবিনেটে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ এই সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰা তথ্য অনুসৰি আজিৰ কেবিনেটে বিশ্বকাপ জয়ী দৃষ্টিহীন কন্যা অসম সন্তান ছিমু দাসক চৰকাৰী চাকৰিত নিযুক্তি দিব।

শেহতীয়াকৈ ভাৰতীয় দলে জয় কৰিছিল মহিলা টি-২০ দৃষ্টিহীন বিশ্বকাপৰ খিতাপ। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ সদস্য আছিল অসমকন্যা ছিমু দাস। আজিৰ কেবিনেট বৈঠকত বিশ্বকাপজয়ী খেলুৱৈগৰাকীক ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত শাৰীৰিক প্রশিক্ষক (ফিজিকেল ইনষ্ট্ৰাক্টৰ) পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।

কেবিনেট বৈঠকত লগতে ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজি গ্রামীণৰ অধীনত ২০২৫-২৬ বিত্তীয় বর্ষত বড়োলেণ্ড প্রাদেশীয় পৰিষদ (বিটিচি)লৈ ২৫০ কোটি টকা মুকলিত অনুমোদন জনায়। বৈঠকত ধেমাজি জিলাৰ কাৰেং চাপৰিত কেন্দ্ৰীয় অর্ধসামাৰিক বাহিনী (চিআৰপিএফ)ৰ এটা নতুন ‘গ্রুপ চেণ্টাৰ’ নিৰ্মাণৰ অৰ্থে ৬০৭ বিঘা চৰকাৰী মাটি হস্তান্তৰকৰণত অনুমোদন জনায় কেবিনেটে।

ইফালে মিছন বসুন্ধৰাৰ অধীনত আজি সৰ্বমুঠ ৩০৮ টা পৰিয়াললৈ ভূমি আবণ্টনতো কেবিনেটে অনুমোদন জনায়। অহা ২১ ডিচেম্বৰত এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। এই এম’নিয়া ইউৰিয়া প্ৰকল্পটোৰ বাবে প্রয়োজন হ’বলগীয়া ভূমি আবণ্টনতো আজি কেবিনেটে অনুমোদন জনাইছে।

ৰাজ্যৰ জৈৱ বৈচিত্র্যৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি গোৱালপাৰাৰ ২৭০ হেক্টৰ মাটিকালিৰ কুমৰি বিল আৰু ৩৩৭ হেক্টৰ মাটিকালিৰ ধামাৰ বিলক ‘দ্যা আসাম ফৰেষ্ট ৰেগুলেচন ১৮৯১ৰ ৫ নং অনুচ্ছেদৰ অধীনত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাত কেবিনেটে অনুমোদন জনায়।