শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিচাৰিছিল ৪০০ কোটি! বিবাহ বিচ্ছেদৰ বাবে কিমান টকা ভৰিব লগা হৈছিল হৃত্বিক ৰোশনে?

বলীউডৰ পৰা বিভিন্ন সময়ত বিবাহ বিচ্ছেদৰ খবৰ পোহৰলৈ আহে। বলীউডৰ হাইপ্ৰফাইল বিবাহ বিচ্ছেদৰ তালিকাত নাম আছে হৃত্বিক ৰোশন আৰু ছুজান খানৰ বিবাহ। প্ৰশ্ন হয়, হৃত্বিকে বিবাহ বিচ্ছেদৰ নামত কিমান টকা দিছিল।

বিচাৰিছিল ৪০০ কোটি! বিবাহ বিচ্ছেদৰ বাবে কিমান টকা ভৰিব লগা হৈছিল হৃত্বিক ৰোশনে?
হৃত্বিক ৰোশন-আৰু প্ৰাক্তন পত্নীImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 30 May 2025 12:15 PM

আজিৰ সময়ত বিবাহ বিচ্ছেদ সাধাৰণ হৈ পৰিছে। বলীউড বা মনোৰঞ্জন জগতৰ পৰা  বিভিন্ন সময়ত বিবাহ বিচ্ছেদৰ খবৰ পোহৰলৈ আহে। তেনে সময়ত বিবাহ বিচ্ছেদতকৈ স্বামীয়ে পত্নীক দিব লগা ভৰণ পোষণ সন্দৰ্ভতহে বেছিকৈ চৰ্চা হোৱা দেখা যায়। কিয়নো বিবাহ বিচ্ছেদ হোৱাৰ ফলত চেলিব্ৰেটিয়ে পত্নীক ভৰণ পোষণৰ নামত বিপুল পৰিমাণৰ ধন আদায় দিবলগীয়া হয়।

বলীউড জগতৰ এনে এখন হাইপ্ৰফাই বিবাহ বিচ্ছেদ প্ৰায়ে চৰ্চালৈ অহা দেখা যায়। সেয়া হ’ল বলীউড অভিনেতা হৃত্বিক ৰোশন আৰু ছুজান খানৰ বিবাহ বিচ্ছেদ। তেওঁলোকৰ মাজত ‘বিগ বাজেটৰ বিবাহ বিচ্ছেদ’ হৈছিল। জানিব পৰা মতে, ২০০০ চনৰ ২০ ডিচেম্বৰত শৈশৱৰ প্ৰেয়সী ছুজান খানক বিয়া পাতিছিল হৃত্বিক ৰোশনে। কিন্তু ২০১৪ চনৰ ১ নৱেম্বৰত তেওঁলোকৰ বিচ্ছেদৰ খবৰে হঠাতে সকলোকে স্তম্ভিত কৰি  তোলে।  সেই সময়ত পোহৰলৈ আহিছিল যে, হৃত্বিকে অন্য নাৰীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু ছুজানৰ পৰা আঁতৰি গৈছিল। যাৰ বাবে দুয়োৰে সম্পৰ্কৰ অৱনতি ঘটিছিল আৰু পাছলৈ বিবাহ বিচ্ছেদ হৈছিল।

পিছে প্ৰশ্ন হয়, বিবাদ বিচ্ছেদৰ বাবে হৃত্বিক ৰোশনে কিমান টকা বিচ্ছেদিত পত্নীক দিব লগা হৈছিল?  বিভিন্ন মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছুজানে হৃত্বিকক ভৰণ পোষণৰ বাবে প্ৰায় ৪০০ কোটি টকা বিচাৰিছিল। কিন্তু হৃত্বিকে এই বিপুল পৰিমাণৰ ধন দিব বিচৰা নাছিল আৰু টকাৰ পৰিমাণ কমাই দিবলৈ ছুজানক অনুৰোধ জনাইছিল।

প্ৰশ্ন হয়, হৃত্বিকে কিমান টকা দিব লগা হয়?  বলীউডৰ বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি ছুজানে হৃত্বিকক ২০ কোটি টকা ৰেহাই দিছিল। গতিকে বিবাহ বিচ্ছেদৰ নাম হৃত্বিকে ৩৮০ কোটি টকা দিব লগা হৈছিল।

অৱশ্যে ইয়াৰ পাছতো তেওঁলোকৰ মাজত বন্ধুত্ব আছে। আনকি দুয়ো দুই সন্তান হৃধান আৰু ৰেহানক একেলগে ডাঙৰ-দীঘল কৰিছে। দুয়োজনেই এতিয়া ব্যক্তিগত জীৱনত বহুখিনি আগবাঢ়িছে। বৰ্তমান ছবা আজাদৰ সৈতে সম্পৰ্কত আছে হৃত্বিক ৰোশন। আনহাতে, তেওঁৰ প্ৰাক্তন পত্নীয়েও নতুন সংগী বিচাৰি লৈছে। তেওঁ অভিনেতা আৰ্ছালন গনিৰ সৈতে সম্পৰ্কত আছে।

 

অন্য খবৰ পঢ়কঃ প্ৰিয়ংকা চোপ্ৰাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল অক্ষয় কুমাৰৰ পত্নীয়ে! কাৰণ…