Miss World Controversy: মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৫ টা ডাঙৰ বিতৰ্কৰ বিষয়ে জানো আহক
মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বিতৰ্কৰ সৈতে ওতপ্ৰোত সম্পৰ্ক আছে। শেহতীয়াকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ অহা মিছ ইংলেণ্ডে কেইবাটাও অভিযোগ উত্থাপন কৰি মাজভাগতে প্ৰতিযোগিতা এৰি ইংলেণ্ডলৈ উভতি যায়। কেতিয়াবা নবী মহম্মদ চাহাবৰ ওপৰত কৰা মন্তব্যৰ বাবে আৰু কেতিয়াবা পথত মহিলাৰ প্ৰতিবাদৰ বাবে বিতৰ্কবোৰ চৰ্চালৈ আহিছে। ইয়াৰ লগত জড়িত বিতৰ্কবোৰৰ কাহিনীসমূহ জানো আহক।

ভাৰতত পুনৰবাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ মঞ্চ সজোৱা হৈছে আৰু এইবাৰ এই অনুষ্ঠান হায়দৰাবাদত আয়োজন কৰা হৈছে। আজি (৩১ মে’ ২০২৫) ইয়াৰ গ্ৰেণ্ড ফিনালে। ইয়াৰ পূৰ্বে ৭২ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা মিছ ইংলেণ্ডে কেইবাটাও অভিযোগ উত্থাপন কৰি প্ৰতিযোগিতাখনৰ মাজভাগত এৰি ইংলেণ্ডলৈ উভতি যায়। ইয়াৰ বাবে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখন পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে।
অৱশ্যে এইটো প্ৰথমবাৰৰ বাবে নহয়। মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আয়োজন কৰাৰ পিছৰে পৰা ইয়াৰ বিতৰ্কৰ সৈতে গভীৰ সম্পৰ্ক আছে। কেতিয়াবা মহম্মদ চাহাবৰ ওপৰত কৰা মন্তব্যৰ বাবে আৰু কেতিয়াবা পথত মহিলাৰ প্ৰতিবাদৰ বাবে ইয়াৰ বিতৰ্কবোৰ চৰ্চালৈ আহিছে। ইয়াৰ লগত জড়িত বিতৰ্কবোৰৰ কাহিনী জানো আহক।
মিছ ইংলেণ্ডে এই অভিযোগ উত্থাপন কৰে
দৰাচলতে মিছ ইংলেণ্ড মিলা মেগী যোৱা ৭ মে’ত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে হায়দৰাবাদলৈ আহিছিল কিন্তু আধা বাটতে এৰি যোৱাৰ সিদ্ধান্ত লয়। তেওঁ অভিযোগ উত্থাপন কৰে যে, আদবয়সীয়া লোকৰ সৈতে সামাজিকৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে। লগতে কয় শোষণৰ সন্মুখীন হোৱাৰ উপৰিও গোটেই দিনটো মেকআপ আৰু গাউন পিন্ধিবলৈ কোৱা হৈছিল। আনকি এই প্ৰতিযোগিতাত তেওঁক বেশ্যাৰ দৰে অনুভৱ কৰাইছিল বুলিও কয়। প্ৰতিযোগিতা এৰি যোৱাৰ পিছত মিছ ইংলেণ্ডৰ ৰানাৰ্ছ আপ Charlotte Grant এ তেওঁৰ সলনি হায়দৰাবাদলৈ আহিছিল।
নাইজেৰিয়াত কাজিয়া
ইয়াৰ পূৰ্বে ২০০২ চনৰ ২২ নৱেম্বৰত নাইজেৰিয়াত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও মুছলমান আৰু খ্ৰীষ্টান জনসংখ্যা থকা এই দেশত প্ৰতিযোগিতা সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছিল। এই প্ৰতিযোগিতাৰ প্ৰতিবাদত ওলাই আহে উগ্ৰ মুছলমান। তেওঁলোকে বিশ্বাস আছিল যে, এই অনুষ্ঠানে অশ্লীলতাক প্ৰচাৰ কৰিব। ইফালে স্থানীয় কাকত এই ডে’ই ইছিঅ’মা ডেনিয়েল নামৰ এগৰাকী সাংবাদিকৰ এক প্ৰতিবেদন প্ৰকাশ হয়। তেওঁ লিখিছিল যে, যদি নবী মহম্মদ চাহাবে এই প্ৰতিযোগিতাখন দেখিলেহেঁতেন তেন্তে মান্যতা দি দিলে হেঁতেন। কেৱল এয়াই নহয়, মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা যিকোনো এগৰাকী সুন্দৰীক তেওঁ নিজৰ জীৱন সংগী হিচাপে বাছি ল’লেহেঁতেন। প্ৰকাশ পোৱাৰ লগে লগে নাইজেৰিয়াৰ মুছলমানসকলে কাকতখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।
তিনিদিন ধৰি চলি থকা প্ৰচণ্ড হিংসাত ২০০ৰো অধিক লোকে প্ৰাণ হেৰুৱালে। ইয়াৰ পিছত যুক্তৰাজ্যত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, য’ত আন এখন মুছলমান দেশ তুৰ্কিয়েৰ আজৰা আকিনে জয়লাভ কৰে।
প্ৰথমটো অনুষ্ঠানৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক
১৯৫১ চনত এৰিক মৰ্লিয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ভেটি স্থাপন কৰিছিল।তেওঁ আৰম্ভ কৰিছিল এখন সৌন্দৰ্য প্ৰতিযোগিতা য’ত সমগ্ৰ বিশ্বৰ সুন্দৰীসকলে অংশগ্ৰহণ কৰিব পাৰে। তেতিয়া ইয়াত ৩০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল। তেতিয়া ইয়াৰ নাম আছিল ফেষ্টিভেল বিকিনি প্ৰতিযোগিতা। সেই সময়ত এই প্ৰতিযোগিতাখন ফেষ্টিভেল অৱ ব্ৰিটেইনৰ এটা সৰু অংশ আছিল। লণ্ডনৰ ফেষ্টিভেল অৱ ব্ৰিটেইনত ইয়াৰ ভিৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰা হৈছিল যদিও তাৰ পিছত ইয়াক লৈ বিতৰ্ক আৰম্ভ হৈছিল। সমগ্ৰ বিশ্বৰ সন্মুখত মহিলাক বিকিনি পৰিধান কৰা বুলি সমালোচনা কৰা হৈছিল। পোপে ইয়াক ভুল বুলিও ঘোষণা কৰে। অৱশ্যে এই প্ৰথম প্ৰতিযোগিতাত ছুইডেনৰ কিকি হাকানছনে জয়লাভ কৰে।
নাৰীক বস্তু হিচাপে দেখুওৱাৰ অভিযোগ
এইটো ৬০ৰ দশকৰ কথা। এই প্ৰতিযোগিতাত নাৰীক বস্তু হিচাপে দেখুওৱা হৈছে বুলি আকৌ এবাৰ সমালোচনা কৰা হয়। ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে মহিলা। কেৱল এয়াই নহয়, ১৯৭০ চনৰ অনুষ্ঠানটোত এদল মহিলাইও বোমা নিক্ষেপ কৰিছিল। সেই সময়ত এই প্ৰতিযোগিতাৰ অনুষ্ঠান ব্ৰিটেইনৰ ৰয়েল এলবাৰ্ট হলত চলি আছিল।
১৯৭০ চনৰ ২০ নৱেম্বৰৰ সন্ধিয়া ব্ৰিটিছ মহিলা মুক্তি আন্দোলনৰ প্ৰায় ৬০ জন কৰ্মীয়ে এই অনুষ্ঠানত উপস্থিত হয়।তেতিয়াৰ সহ-আয়োজক বব হোপৰ ওপৰত আটাৰ বোমা আৰু পচি যোৱা ফল-মূল নিক্ষেপ কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে জেনিফাৰ হিউষ্টন নামৰ এগৰাকী কৃষ্ণাংগ মহিলাই মূৰত এই মুকুটটো সজাই তুলিলে।
মিছ ৱৰ্ল্ডৰ মুকুট কাঢ়ি নিলে
১৯৭৩ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ মহিলা মাৰ্জাৰী ৱালেছে মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰে। ইয়াৰ সৈতে তেওঁ বিবাদৰ মাজলৈ আহে। কোৱা হৈছিল যে এগৰাকী ফুটবলাৰ আৰু মাৰ্জাৰী ৱালেছৰ মাজত চুমা খোৱাৰ দৃশ্য বাতৰি কাকতত প্ৰকাশ পাইছিল। ইয়াৰ ওপৰত মাৰ্জাৰীৰ পৰা মিছ ৱৰ্ল্ডৰ খিতাপ কাঢ়ি লোৱা হয়। মাৰ্জাৰী ৱালেছে মিছ ৱৰ্ল্ড বিজয়ী হোৱা প্ৰথমগৰাকী আমেৰিকান মহিলা হিচাপে পৰিগণিত হোৱাৰ লগতে মিছ ৱৰ্ল্ডৰ খিতাপ হেৰুৱাও প্ৰথমগৰাকী হৈ পৰে।
ঠিক পিছৰ বছৰতে ১৯৭৪ চনত ইংলেণ্ডৰ হেলেন মৰ্গানে মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰে যদিও মাত্ৰ চাৰিদিনৰ পিছত সেই মুকুট ঘূৰাই লোৱা হয় কাৰণ তেওঁ বিবাহিত আছিল। বিবাহ বিচ্ছেদ হোৱা হেলেনৰ এটা সন্তানো আছিল। একেদৰে জাৰ্মানীৰ জেব্ৰেইলা বাৰ্মে মাত্ৰ ১৮ ঘণ্টাৰ অন্তত মিছ ৱৰ্ল্ডৰ খিতাপ ঘূৰাই দিয়ে, প্ৰেমিকৰ এইবো ভাল নালাগে বুলি উবতাই দিয়ে। অৱশ্যে সংবাদ মাধ্যমৰ বাতৰিটোত এটা আলোচনীত গেব্ৰিয়েলাৰ কিছু নগ্ন ফটো প্ৰকাশ পোৱা বুলিও কোৱা হৈছিল। সেইবাবেই তেওঁ এই মুকুট উভতাই দিয়ে বুলি একাংশই ক’ব বিচাৰে।