কি চলিছে সংসাৰত! অজয়ৰ পিছত এইবাৰো কাজলৰো ভয়ংকৰ ৰূপ, কঁপি উঠিছে অনুৰাগী…
অজয় দেৱগণ আৰু কাজলৰ সুখী দাম্পত্য জীৱনক লৈ যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হয়। এইবাৰ পুনৰ চৰ্চালৈ আহিছে অজয় আৰু কাজল। কাৰণ হৈছে তেওঁলোকৰ শেহতীয়া শৈলী। ‘এংগ্ৰী ইয়ং মেন’ ৰূপে দৰ্শকৰ প্ৰিয় হৈ পৰা অজয় আৰু কাৰুণ্য ভৰা অভিনয়েৰে বিশেষ ৰূপে সাঁচ বহুওৱা কাজলে এতিয়া লৈছে অন্য এক ৰূপ।

বলীউডৰ ৰথী-মহাৰথীৰ দাম্পত্য জীৱনক লৈ চৰ্চাৰ অন্ত নাই। তেওঁলোকৰ জীৱনশৈলীৰ পৰা প্ৰেমৰ সম্পৰ্কলৈ সকলো বিষয়তে চলে অনুৰাগীৰ সৰস চৰ্চা। অনুৰাগীৰ প্ৰিয় এনে এক বলীউডৰ আলোচিত দম্পতী হৈছে অজয় দেৱগন আৰু কাজল। দুয়োৰে সুখী দাম্পত্য জীৱনক লৈ যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হয়। এইবাৰ পুনৰ চৰ্চালৈ আহিছে অজয় আৰু কাজল। কাৰণ হৈছে তেওঁলোকৰ শেহতীয়া শৈলী। ‘এংগ্ৰী ইয়ং মেন’ ৰূপে দৰ্শকৰ প্ৰিয় হৈ পৰা অজয় আৰু কাৰুণ্য ভৰা অভিনয়েৰে বিশেষ ৰূপে সাঁচ বহুওৱা কাজলে এতিয়া লৈছে অন্য এক ৰূপ।
অকশ্যে এই ৰূপ তেওঁলোকৰ বাস্তৱ জীৱনত নহয়, কেমেৰাৰ সমুখতহে। বিগত ২০২৪ চনত অজয় দেৱগন ফিল্মছ আৰু জিঅ’ ষ্টুডিঅ’ৰ যৌথ প্ৰযোজনাত অজয় দেৱগন, আৰ মাধৱন আৰু জ্যোতিকা অভিনীত ‘চেইতান’ নামৰ এখন ভৌতিক ছবি মুক্তি পাইছিল। এতিয়া এই দুয়োটা প্ৰডাকচন হাউছে পুনৰ এবাৰ একত্ৰিত হৈ দৰ্শকৰ মাজলৈ আনিছে আন এখন ভৌতিক ছবি। এই নতুন ছবিখনৰ নাম ‘মা’, ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছে।
চেইতান ছবিত অজয় দেৱগনে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে এই নতুন ছবিখনত তেওঁৰ পত্নী কাজলক মুখ্য চৰিত্ৰত দেখা পোৱা যাব। চেইতান ছবিত অজয়ে নিজৰ পৰিয়ালক চয়তানৰ পৰা ৰক্ষা কৰা দেখা গৈছে, আনহাতে মা ছবিৰ ট্ৰেইলাৰত কাজলে নিজৰ কন্যাক দানৱৰ পৰা ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে। এই ২ মিনিট ২৪ ছেকেণ্ডৰ ট্ৰেইলাৰটো যথেষ্ট শিহৰণকাৰী হৈ উঠিছে আৰু দৰ্শকৰ মনত ভয়ৰ ভাৱ জগাব পৰাকৈ ভয়ানক দৃশ্য অন্তৰ্ভুক্ত কৰা হৈছে।
ট্ৰেইলাৰটো আৰম্ভ হৈছে এখন চলন্ত গাড়ীৰ দৃশ্যৰ পৰা। বাহনখনত কাজলক সন্তানৰ সৈতে যাত্ৰা কৰা দেখা গৈছে। যাত্ৰাৰ সময়তে কিশোৰীগৰাকীৰ পেটৰ বিষ হয় আৰু সেয়ে কাজলে বাহনখন কোনো হোটেলত ৰখাব বুলি সন্তানক কয়। তাৰ পিছতে হঠাতে দানৱে তেওঁলোকৰ বাহনখনত আক্ৰমণ কৰে। ইয়াৰ পিছত পৰৱৰ্তী দৃশ্যটো দেখুওৱা হৈছে এটা ৰাজপ্ৰসাদৰ। এইদৰে আগবাঢ়ে ছবিখনৰ ট্ৰেইলাৰ।
নতুন ঠাইত দানৱৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে কাজলৰ সন্তান আৰু কন্যাক বচাবলৈ কাজলে এই দানৱৰ মুখামুখি হয়। এই সময়ছোৱাত বহু ভয়ানক দৃশ্য দেখুওৱা হৈছে ট্ৰেইলাৰটোত। উল্লেখ্য যে কাজলৰ এই ছবিখন অহা ২৭ জুনত চিনেমাগৃহত মুক্তি পাব। বিশাল ফুৰিয়াই পৰিচালনা কৰিছে এই ছবিখন। কাজলৰ লগতে জনপ্ৰিয় অভিনেতা ৰনিত ৰয়কো এই ছবিত দেখা পোৱা যাব।